বংগবাসীৰ বাবে মোদীয়ে লৈ আহিছে আন এক গেৰাণ্টি

লোকসভা নিৰ্বাচনৰ বাবে ইখনৰ পৰা সিখন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে ঝাৰখণ্ডৰ লগতে পশ্চিমবংগৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ, টিএমচি আৰু বাঁওপন্থীক আক্ৰমণৰ লক্ষ্য কৰি লয়। পশ্চিমবংগত মমতা বেনাৰ্জীৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে। দুৰ্নীতিত লিপ্ত নেতাসকলক কাৰাগাৰৰ বাহিৰত থাকিবলৈ দিয়া নহ’ব বুলি সকীয়াই দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। পশ্চিমবংগ আৰু ঝাৰখণ্ডত দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু বাঁওপন্থী দলক সমালোচনাৰে থকাসৰকা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰতিটো দলেই দুৰ্নীতিত লিপ্ত হোৱা বুলি অভিযোগ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্নীতিগ্ৰস্ত নেতাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়ে।

কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বাঁওপন্থী দেখাত ৰাজনৈতিক দল’
‘প্ৰতিটো দলেই সৰ্বসাধাৰণৰ দুখ-দুৰ্দশাহে বৃদ্ধি কৰিছে’
‘দুৰ্নীতিগ্ৰস্ত নেতাৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা

পশ্চিমবংগত কেইবাখনো নিৰ্বাচনী সভাত ভাগ লৈ মোদীয়ে মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাম-কাজৰ বিৰুদ্ধে সৰৱ হৈ পৰে। কংগ্ৰেছ, তৃণমূল আৰু বাওঁপন্থী দলৰ মাজত কোনো নীতিগত পাৰ্থক্য নাই বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, প্ৰতিটো দলেই জনসাধাৰণ উন্নয়নৰ হকে কাম কৰাৰ পৰিৱৰ্তে একাংশ দুৰ্নীতিগ্ৰস্ত নেতাকহে ভৰণ-পোষণ দি ৰাখিছে। জনসাধাৰণ উন্নয়নৰ প্ৰতি কোনো পৰিকল্পনা নাই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ভোট বেংকৰ স্বাৰ্থত মমতাৰ লগতে আন দলৰ একাংশ নেতাই দুৰ্নীতিত লিপ্ত হৈ আহিছে আৰু কোনো নীতি আদৰ্শ অবিহনে এই দলসমূহে একত্ৰিত হৈ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া গঠন কৰি ইয়াৰ জৰিয়তে লুণ্ঠনৰ বাট মুকলি কৰিছে। বিজেপিয়ে আকৌ এবাৰ ক্ষমতা লাভ কৰিবলৈ সক্ষম হ’লে পশ্চিমবংগৰ লগতে দুখীয়া ৰাজ্যত পৰিণত হোৱা আন একাংশ ৰাজ্যকো আৰ্থিক ভাৱে টনকীয়াল কৰি তোলা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। ‘মোদী গেৰাণ্টি’ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে

বংগবাসীৰ বাবে মোদীয়ে লৈ আহিছে আন এক গেৰাণ্টি
৪ জুনৰ পিছত কাৰ্যকৰী হ’ব মোদীৰ এই গেৰাণ্টি
এইবাৰ দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে কাৰ্যকৰী হ’ব এই গেৰাণ্টি
কোনো দুৰ্নীতিগ্ৰস্তকে কাৰাগাৰৰ বাহিৰত ৰখা নহ’ব

মুখ্যমন্ত্ৰী মন্ত্ৰী মমতা বেনাৰ্জীৰ আমোলত সমগ্ৰ পশ্চিমবংগত দুৰ্নীতিয়ে ছানি ধৰা বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৪ জুনৰ পিছত এই গেৰাণ্টি কাৰ্যকৰী কৰা হ’ব। লোকসভা নিৰ্বাচনৰ পিছতে দুৰ্নীতিগ্ৰস্ত নেতাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰি মোদীয়ে লগতে কয় যে পশ্চিমবংগৰ লগতে দুৰ্নীতিত লিপ্ত হোৱা আন ৰাজ্যৰ নেতা–কৰ্মীসকলকো কাৰাগাৰত নিক্ষেপ কৰা হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘ভাৰতে অংশ ল’ব’, পাকিস্তানৰ দাবীক লৈ চৰ্চা

দক্ষিণ এছিয়া গেমছক লৈ আহিল এক গুৰুত্বপূৰ্ণ খবৰ। ২০২৭...

ভাৰতত ক্ৰিকেটৰ গ্লেমাৰ কমিল নেকি? BCCIৰ স্পনছৰশ্বিপত নাই সঁহাৰি!

ভাৰতীয় ক্ৰিকেট দলৰ টাইটেল স্পনছৰশ্বিপ ৰাইটছ বিক্ৰীৰ ক্ষেত্ৰত বিপাঙত...

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...