বংগবাসীৰ বাবে মোদীয়ে লৈ আহিছে আন এক গেৰাণ্টি

লোকসভা নিৰ্বাচনৰ বাবে ইখনৰ পৰা সিখন ৰাজ্যত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দেওবাৰে ঝাৰখণ্ডৰ লগতে পশ্চিমবংগৰ কেইবাখনো নিৰ্বাচনী সভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছ, টিএমচি আৰু বাঁওপন্থীক আক্ৰমণৰ লক্ষ্য কৰি লয়। পশ্চিমবংগত মমতা বেনাৰ্জীৰ দুৰ্নীতিগ্ৰস্ত চৰকাৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি সকীয়াই দিয়ে। দুৰ্নীতিত লিপ্ত নেতাসকলক কাৰাগাৰৰ বাহিৰত থাকিবলৈ দিয়া নহ’ব বুলি সকীয়াই দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। পশ্চিমবংগ আৰু ঝাৰখণ্ডত দেওবাৰে নিৰ্বাচনী প্ৰচাৰ চলাই কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ আৰু বাঁওপন্থী দলক সমালোচনাৰে থকাসৰকা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। প্ৰতিটো দলেই দুৰ্নীতিত লিপ্ত হোৱা বুলি অভিযোগ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে দুৰ্নীতিগ্ৰস্ত নেতাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সকীয়নি দিয়ে।

কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, বাঁওপন্থী দেখাত ৰাজনৈতিক দল’
‘প্ৰতিটো দলেই সৰ্বসাধাৰণৰ দুখ-দুৰ্দশাহে বৃদ্ধি কৰিছে’
‘দুৰ্নীতিগ্ৰস্ত নেতাৰ বিৰুদ্ধে গ্ৰহণ কৰা হ’ব কঠোৰ ব্যৱস্থা

পশ্চিমবংগত কেইবাখনো নিৰ্বাচনী সভাত ভাগ লৈ মোদীয়ে মমতা বেনাৰ্জী নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ কাম-কাজৰ বিৰুদ্ধে সৰৱ হৈ পৰে। কংগ্ৰেছ, তৃণমূল আৰু বাওঁপন্থী দলৰ মাজত কোনো নীতিগত পাৰ্থক্য নাই বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, প্ৰতিটো দলেই জনসাধাৰণ উন্নয়নৰ হকে কাম কৰাৰ পৰিৱৰ্তে একাংশ দুৰ্নীতিগ্ৰস্ত নেতাকহে ভৰণ-পোষণ দি ৰাখিছে। জনসাধাৰণ উন্নয়নৰ প্ৰতি কোনো পৰিকল্পনা নাই বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ভোট বেংকৰ স্বাৰ্থত মমতাৰ লগতে আন দলৰ একাংশ নেতাই দুৰ্নীতিত লিপ্ত হৈ আহিছে আৰু কোনো নীতি আদৰ্শ অবিহনে এই দলসমূহে একত্ৰিত হৈ বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া গঠন কৰি ইয়াৰ জৰিয়তে লুণ্ঠনৰ বাট মুকলি কৰিছে। বিজেপিয়ে আকৌ এবাৰ ক্ষমতা লাভ কৰিবলৈ সক্ষম হ’লে পশ্চিমবংগৰ লগতে দুখীয়া ৰাজ্যত পৰিণত হোৱা আন একাংশ ৰাজ্যকো আৰ্থিক ভাৱে টনকীয়াল কৰি তোলা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে। ‘মোদী গেৰাণ্টি’ৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে

বংগবাসীৰ বাবে মোদীয়ে লৈ আহিছে আন এক গেৰাণ্টি
৪ জুনৰ পিছত কাৰ্যকৰী হ’ব মোদীৰ এই গেৰাণ্টি
এইবাৰ দুৰ্নীতিগ্ৰস্তৰ বিৰুদ্ধে কাৰ্যকৰী হ’ব এই গেৰাণ্টি
কোনো দুৰ্নীতিগ্ৰস্তকে কাৰাগাৰৰ বাহিৰত ৰখা নহ’ব

মুখ্যমন্ত্ৰী মন্ত্ৰী মমতা বেনাৰ্জীৰ আমোলত সমগ্ৰ পশ্চিমবংগত দুৰ্নীতিয়ে ছানি ধৰা বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ৪ জুনৰ পিছত এই গেৰাণ্টি কাৰ্যকৰী কৰা হ’ব। লোকসভা নিৰ্বাচনৰ পিছতে দুৰ্নীতিগ্ৰস্ত নেতাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব বুলি মন্তব্য কৰি মোদীয়ে লগতে কয় যে পশ্চিমবংগৰ লগতে দুৰ্নীতিত লিপ্ত হোৱা আন ৰাজ্যৰ নেতা–কৰ্মীসকলকো কাৰাগাৰত নিক্ষেপ কৰা হ’ব।

1 COMMENT

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ

কোকৰাঝাৰৰ শান্তি নগৰৰ ডাবল মাৰ্ডাৰৰ অভিযুক্তক গ্ৰেপ্তাৰ। অভিযুক্ত জোঁৱাই...

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয় দিৱস

সমগ্ৰ দেশত শুকুৰবাৰে উদযাপন হ’ল ২৫ সংখ্যাক কাৰ্গিল বিজয়...

পখিলাৰ প্ৰেমত এজন আৰক্ষীৰ জোৱান ‌‌

আপোনাৰ বাৰু প্ৰকৃতিৰ প্ৰতি কিমান প্ৰেম আছে? কোৱা হয়,...

নাই বুলিয়েই নোহোৱা হৈ গ’ল ৰমেন দা

২২ জুলাইৰ পৰা ১টা ২টা কৈ ১০০টা ঘণ্টা পাৰ...