অসম পেৰালিম্পিক সন্থাৰ উদ্যোগত গুৱাহাটীত ৰাজ্যিক ব’চিয়া চেম্পিয়নশ্বিপৰ সফল সামৰণি

Date:

- Advertisement -
- Advertisement -

গুৱাহাটী, ২০ মে’ : অসম পেৰালিম্পিক সন্থাৰ উদ্যোগত যোৱা শনিবাৰে গুৱাহাটীত সফলতাৰে অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক সদৌ অসম আন্তঃজিলা ব’চিয়া চেম্পিয়নশ্বিপ৷ উল্লেখ্য যে ব’চিয়া ক্ৰীড়া হৈছে পেৰা এথলীটে খেলা এবিধ খেল৷ ইতিমধ্যে অসমৰ পেৰা খেলুৱৈয়ে ব’চিয়া ক্ৰীড়াৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক লাভ কৰি অনন্য সফলতা অৰ্জন কৰাৰ লগতে ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে৷ সেয়ে ৰাজ্যৰ নতুন প্ৰতিভা বিকাশৰ লক্ষ্যৰে অসম পেৰালিম্পিক সন্থাই অন্য খেলৰ লগতে যোৱা বছৰৰ পৰা আন্তঃজিলা ব’চিয়া চেম্পিয়নশ্বিপো আয়োজন কৰিছে৷

যাদব চন্দ্ৰ ভূঞা স্মৃতি ন্যাসৰ অনুষ্ঠান ‘উদয়াচল’ৰ সহযোগিতাত অসম পেৰালিম্পিক সন্থাই আয়োজন কৰা ৰাজ্যিক প্ৰতিযোগিতাখন আদাবাৰীৰ শংকৰ নগৰত অৱস্থিত উদয়াচল ব’চিয়া প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত হয়৷ ল’ৰা আৰু ছোৱালীৰ উভয় শাখাৰ প্ৰতিযোগিতাখনত মুঠ চাৰিটা বিভাগত খেল অনুষ্ঠিত হয়৷ আনহাতে, কামৰূপ মহানগৰ, যোৰহাট, শিৱসাগৰ, শোনিতপুৰ আদি জিলাৰ পেৰা খেলুৱৈয়ে উৎসাহেৰে প্ৰতিযোগিতাত অংশ লয়৷

সদৌ অসম ভিত্তিত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম পেৰালিম্পিক সন্থাৰ মুখ্য পৃষ্ঠপোষক তথা ৰাজ্যৰ প্ৰাক্তন টেনিছ খেলুৱৈ ৰিণিকি ভূঞা শৰ্মা৷ অসম পেৰালিম্পিক সন্থাৰ সম্পাদক ৰাজীৱ দে অৱগত কৰা অনুসৰি প্ৰতিযোগিতাৰ সামৰণিত বিজয়ী খেলুৱৈসকলক পদক মানপত্ৰও ৰিণিকি ভূঞা শৰ্মাই প্ৰদান কৰে৷

প্ৰতিযোগিতাৰ ফলাফল অনুসৰি বি চি- ২ শাখাত ৰাহুল ৰবী দাসে সোণ, জগদিশ বসুমতাৰীয়ে ৰূপ আৰু অংকিতা দেৱনাথে ব্ৰঞ্জৰ পদক লাভ কৰে৷ ইফালে, বি চি- ৩ শাখাত সোণ অৰ্জন কৰে ৰিতা দাসে৷ আনহাতে, দিব্যজ্যোতি বৰঠাকুৰে ৰূপ আৰু ছিমৰপ্ৰীত সিঙে ব্ৰঞ্জ পায়৷ পাহী হাজৰিকাই বি চি- ৪ শাখাত সোণ লাভ কৰাৰ বিপৰীতে এই শাখাৰ ৰূপ আৰু ব্ৰঞ্জ অৰ্জন কৰে সন্ধ্যা ভূমিজ আৰু ভৰত চেত্ৰীয়ে৷ আনহাতে, বি চি- ৫ শাখাত হানিফ আলীয়ে সোণ লাভ কৰাৰ বিপৰীতে ৰূপ আৰু ব্ৰঞ্জ লাভ কৰে ৰূমকি দে আৰু ৰিণা মণ্ডলে৷

- Advertisement -

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Share post:

Popular

More like this
Related

ছালখন হৈ থাকিব উজ্জল! গৰমৰ দিনত ছালৰ যতন লওক এইদৰে

গ্ৰীস্মকাল আহিলেই প্ৰায়ে চিন্তিত হৈ পৰে যুৱতীসকল। বিশেষকৈ এই...

কাছাৰত পুনৰ এনকাউণ্টাৰৰ ঘটনা

কাছাৰত পুনৰ এনকাউণ্টাৰৰ ঘটনা। আৰক্ষীৰ গুলীত আহত হয় এজন...

ৰাজ্যৰ একাংশ বাট-পথৰ দুৰৱস্থা

পুৰণি চৰকাৰ গ'ল, আহিল নতুন চৰকাৰ। কিন্তু ৰাজ্যৰ একাংশ...

২০২৩ৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ ল’লে আফগানিস্তানে

২০২৩ৰ এদিনীয়া বিশ্বকাপৰ প্ৰতিশোধ ল'লে আফগানিস্তানেSUPER 8ত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে...