মাজুলীত অসম কৃষি আয়োগৰ প্ৰতিনিধি দল, পথাৰ পৰিদৰ্শনেৰে কৃষকৰ সৈতে মত-বিনিময়

0 232

অসমৰ প্ৰতিখন জিলাতে অঞ্চলভেদে শস্য উৎপাদনৰ সুকীয়া সম্ভাৱনীয়তা আছে। প্ৰতিখন জিলাত থকা এই সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰ দিশসমূহ চিনাক্তকৰণেৰে যাতে নতুন চিন্তা-ধাৰাৰে প্ৰত্যাহ্বানসমূহক সম্পদলৈ ৰূপান্তৰ কৰি অসমৰ কৃষি তথা আনুষংগিক খণ্ডত এক নতুন জাগৰণ আনিব পাৰি, সেই উদ্দেশ্যেৰে গঠন কৰা হৈছে অসম কৃষি আয়োগ। বৰ্তমান ৰাজ্যৰ বিভিন্ন জিলাৰ কৃষকৰ পথাৰ পৰিদৰ্শন তথা ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰিছে এই আয়োগ। সেই অনুসৰি, বুধবাৰে মাজুলীত উপস্থিত হয় অসম কৃষি আয়োগৰ এক উচ্চস্তৰীয় প্ৰতিনিধি দল। দলটোৱে আজি অৰ্থাৎ ২৭ এপ্ৰিল তাৰিখে জিলাখনৰ বহুকেইটা অঞ্চল পৰিদৰ্শন কৰে।

দলটোৱে প্ৰথমে ভকত চাপৰিৰ জামুগুৰিত উপস্থিত হৈ ভালেসংখ্যক কৃষকৰ সৈতে মত-বিনিময় কৰে। তেওঁলোকে লগতে কুঁহিয়াৰৰ পৰা গুড় প্ৰস্তুতৰ প্ৰক্ৰিয়াকৰণ কাৰ্যাৱলী প্ৰত্যক্ষ কৰে আৰু মূল্য সংযোজনৰ বিষয়টো আলোচনা কৰে। উল্লেখ্য যে, উক্ত স্থানতে তেওঁলোকে অঞ্চলটোৰ ১০ জন কুঁহিয়াৰৰ খেতিয়কক লক্ষ্ণৌস্থিত ভাৰতীয় কুঁহিয়াৰ গৱেষণা প্ৰতিষ্ঠান (IISR) ত গুড় প্ৰক্ৰিয়াকৰণৰ সন্দৰ্ভত প্ৰশিক্ষণ প্ৰদানৰ বাবে প্ৰেৰণৰ কথা অৱগত কৰাৰ লগতে প্ৰতিষ্ঠানটোৰ মুৰব্বীৰ সৈতে এই সন্দৰ্ভত ফোনযোগে বাৰ্তালাপ কৰি ইয়াক নিশ্চিত কৰে।

ইয়াৰ পিছতেই, দলটোৱে মাজুলী ৰিভাৰ বেংক কৃষক উৎপাদক কোম্পানীৰ কাৰ্যালয়ত উপস্থিত হৈ কোম্পানীটোৰ বিষয়ববীয়া তথা সদস্য আৰু কৃষক ৰাইজৰ সৈতে তেওঁলোকে সন্মুখীন হোৱা বিভিন্ন প্ৰত্যাহ্বান তথা সমস্যাৰ সন্দৰ্ভত মত-বিনিময় কৰে। লগতে দলটোৱে কোম্পানীটোৰ কাৰ্যালয়ত থকা মিঠাতেলৰ মিল পৰিদৰ্শন কৰি তেল প্ৰক্ৰিয়াকৰণৰ কাৰ্যাৱলী প্ৰত্যক্ষ কৰে আৰু ইয়াৰ গুণগত মান তথা সমগ্ৰ প্ৰক্ৰিয়াটোৰ সম্বন্ধে বিতং আলোচনা কৰে। তেওঁলোকে কোম্পানীটোৰ বিষয়ববীয়াক আয় দুগুণ কৰাৰ উদ্দেশ্যে বাণিজ্যিক দিশটো শক্তিশালী কৰাৰ সন্দৰ্ভতো বহুতো পৰামৰ্শ আগবঢ়ায়।

দলটোৱে বিয়লি ভাগত গড়মূৰ কৃষি চক্ৰৰ অন্তৰ্গত মহৰিচুকৰ প্ৰগতিশীল কৃষক দীপক দলেৰ দ্বীপজ্যোতি কৃষি পামত উপস্থিত হৈ গ্ৰীষ্মকালীন ধানৰ পথাৰকে ধৰি বহুতো শস্য পৰিদৰ্শন কৰে। লগতে পামখনত উপস্থিত থকা অঞ্চলটোৰ ভালেসংখ্যক কৃষকৰ সৈতে বিভিন্ন বিষয় সন্দৰ্ভত মত-বিনিময় কৰে আৰু অঞ্চলটোত কৃষি খণ্ডত থকা সম্ভাৱনীয়তাৰ সন্দৰ্ভত কৃষকসকলক অৱগত কৰে। তদুপৰি, কৃষকৰ কল্যাণৰ বাবে চৰকাৰে আগবঢ়োৱা কেচিচি ঋণৰ সুবিধা গ্ৰহণ কৰিবলৈও সকলোকে আহ্বান জনায়। দলটোৱে তাৰ পিছতেই গড়মূৰ কৃষি চক্ৰৰ অন্তৰ্গত ভালুকমৰাৰ প্ৰগতিশীল মিলেট কৃষক সুমন্ত বৰুৱাৰ ১০০ বিঘা মাটিৰ কণিধান (মিলেট) ৰ খেতি পৰিদৰ্শন কৰে আৰু কৃষক গৰাকীৰ এই খেতিৰ অভিজ্ঞতা সন্দৰ্ভত মত-বিনিময় কৰে। লগতে গাঁওখনৰ বহুতো কৃষকৰ সৈতেও তেওঁলোকে মত-বিনিময় কৰে। তদুপৰি, কণিধান খুন্দাবৰ বাবে কৃষক বৰুৱাক আৰ্হি হিচাপে এটা কণিধান খুন্দুৱা মেচিন প্ৰদান কৰাৰ কথাও আয়োগৰ অধ্যক্ষ ড° এইচ এছ গুপ্তাই কয়।

শেষত দলটোৱে কমলাবাৰী কৃষি চক্ৰৰ অন্তৰ্গত দক্ষিণপাটৰ প্ৰগতিশীল মহিলা কৃষক লক্ষীমাই শইকীয়া বৰাৰ পামত উপস্থিত হৈ তেওঁৰ মীন পালন তথা পশুপালন উদ্যোগটোৰ বুজ লয় আৰু তেখেতৰ সৈতে মত-বিনিময় কৰে। অসম কৃষি আয়োগৰ প্ৰতিনিধি দলটোত উপস্থিত আছিল অধ্যক্ষ ড° এইচ এছ গুপ্তা, সদস্য ড° হলধৰ দেৱশৰ্মা, ড° বি চি বাৰাহ, ড° নলিন কুমাৰ মহন, প্ৰাঞ্জল প্ৰকাশ শৰ্মা, নডেল বিষয়া ড° অতুল চন্দ্ৰ শৰ্মা, সহকাৰী নডেল বিষয়া ড° মানবেন্দ্ৰ শৰ্মা, ড° প্ৰদীপ মেধি আৰু ড° নুৰুল ইছলাম। পৰিদৰ্শন কালত প্ৰতিনিধি দলটোক জিলা উপায়ুক্ত কাবেৰী বি শৰ্মা, জিলা কৃষি বিষয়া মাহিধৰ তালুকদাৰ, কৃষি পৰামৰ্শদাতা ড° ইমৰাণ হুছেইন, জিলা পশুপালন বিষয়া ডাঃ ৰঞ্জিত গগৈ, জিলা মীন বিষয়া, এপাৰ্ট, আটমা তথা কৃষি, পশুপালন আৰু মীন বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে সংগ প্ৰদান কৰে।

Leave A Reply

Your email address will not be published.