বগা ঘোঁৰা দেখি ৰাইজৰ মাজত লাগিল হুৱা-দুৱা

বিজ্ঞান-প্ৰযুক্তি বহুদূৰ আগুৱাই গ’ল, বিশ্বাস-পৰম্পৰা-নীতি-আচাৰৰ ক্ষেত্ৰতো মানুহ উন্নত হ’ল। কিন্তু আমাৰ সমাজত ঘটি থকা কিছুমান ঘটনা প্ৰৱাহে যেন প্ৰতিনিয়ত হত্যা কৰি আহিছে আস্থা আৰু বিশ্বাসৰ মূল ধাৰণাটোকেই। অন্ধবিশ্বাসৰ চৰম পৰ্যায়ৰ আয়োজন দেখিবলৈ পোৱা গ’ল গহপুৰত। ৰসাতলে গ’ল জ্ঞান-বিজ্ঞান সকলো।

গহপুৰৰ জালুকবাৰীত অবিশ্বাস্য ঘটনা। ঘটনাৰ আচল কাহিনী এমাহ পূৰ্বৰ। গাঁৱৰ ৰাইজৰ মন্তব্য অনুসৰি গাঁওখনৰ সাতগৰাকী মহিলাৰ গাত হেনো আই লম্ভিছিল। সেই সাতগৰাকী মহিলাই ৰাইজক কৈছিল আজিৰ দিনটোতেই দুগৰাকী ডাঙৰীয়াৰ আৰ্বিভাব হ’ব। সেই অনুসৰি আজি ৬ বজাত প্ৰশান্ত বৰাৰ জালুকবাৰীৰ বাসগৃহৰ পাছফালে খেৰ খাই থকা অৱস্থাত ৰাইজে প্ৰত্যক্ষ কৰে দুটা ঘোঁৰা। সেয়াই হেনো ডাঙৰীয়া!

কোনোৱে কৈছে এয়া ঘোঁৰাই নহয়, খচ্চৰহে
কোনোৱে কৈছে কিবা এষাৰ কওঁতে থওঁতে সাৱধান!
এয়া ঘোঁৰাৰূপী ডাঙৰীয়াহে

বগা ঘোঁৰা দেখি ৰাইজৰ মাজত হুৱা-দুৱা লাগিল। গাঁৱৰ ৰাইজ একগোট হৈ ঘোঁৰা দুটাৰ গাত বগা চেলেং ,গামোচা দি ধূপ-ধূনা জ্বলাই প্ৰাৰ্থনা কৰি আগবঢ়ালে পূজা। ভক্তিত গদগদ হৈ কোনোৱে সাষ্টাংগে কৰিলে প্ৰণিপাত। আৰু আই লম্ভা বুলি কোৱা ৭ গৰাকী মহিলাই কৰিলে অদ্ভূত আচৰণ। কোনোৱে মূৰত লৈছে বাটি। কোনোৱে বাগৰিছে মাটিত। কোনোৱো শুই শুই কান্দিছে। কোনোৱে কালীৰ দৰে জিভা উলিয়াই লৈছে কিম্ভূত কিম্বাকাৰ ৰূপ। ৰাইজে শতকোটি প্ৰণাম জনাইছে।

বৰ্তমানৰ আধুনিক যুগত অবিশ্বাস্য, অলৌলিক বুলি ভবা এই ঘটনাক্ৰমক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে চাঞ্চল্যৰ। কিন্তু এইবোৰে যুগ যুগ ধৰি ফোপোলা কৰি আহিছে আমাৰ সমাজক। বিজ্ঞান প্ৰযুক্তি বহুদূৰ আগুৱাই গল, বিশ্বাস-পৰম্পৰা-নীতি-আচাৰৰ ক্ষেত্ৰতো মানুহ উন্নত হল। কিন্তু এনে কিছুমান ঘটনা প্ৰৱাহে যেন প্ৰতিনিয়ত হত্যা কৰি আহিছে আস্থা আৰু বিশ্বাসৰ মূল ধাৰণাটোকেই। অসহিষ্ণু কৰি তুলিছে মানুহক। ৰসাতলে গৈছে জ্ঞান-বিজ্ঞান সকলো।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আপুনি NOKIAৰ মোবাইল ফোন ব্যৱহাৰ কৰিছিল নে? NOKIA ব্যৱহাৰকাৰীসকলৰ বাবে এটা ডাঙৰ খবৰ

আপুনি ন’কিয়াৰ ফোন ব্যৱহাৰ কৰিছিল নে? যিসকলে ন’কিয়াৰ মোবাইল...

পৃথিৱীৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণৰ আকাংক্ষা; ৪টা নতুন সামৰিক ঘাটি নিৰ্মাণ কৰিব বিচাৰিছে আমেৰিকাই

বিশ্বৰ ৮০খন দেশৰ কমেও ৭৫০টা সামৰিক ঘাটি আমেৰিকাৰ নিয়ন্ত্ৰণত...

ইলন মাস্কৰ দৰমহাৰে ইখনৰ পিছত সিখন দেশ ক্ৰয় কৰিব পাৰিব আপুনি…

কিমান টকা হ'লে বহুত টকা বুলি কোৱা হয়? এক...