গুৱাহাটীৰ ৰাজভৱনত প্ৰদৰ্শিত হ’ব প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ৰ শততম খণ্ড

0 55

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এই বিশেষ স্ক্ৰীনিঙৰ সাক্ষী হ’ব বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাহিলী ৰেডিঅ’ কাৰ্যসূচী ‘মন কী বাত’এ ইয়াৰ শততম খণ্ড সম্পূৰ্ণ কৰিবলৈ যোৱাৰ পৰিপ্ৰেক্ষিতত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে দেশৰ সকলো ৰাজভৱনত অহা ৩০ এপ্ৰিল তাৰিখে কাৰ্যসূচীটোৰ লাইভ স্ক্ৰীনিঙৰ আয়োজন কৰিছে। এই পদক্ষেপ অনুসৰি গুৱাহাটীৰ ৰাজভৱনতো “মন কী বাত”ৰ শততম খণ্ডৰ প্ৰদৰ্শন প্ৰস্তুতি চলিব ধৰিছে। ৰাজভৱনৰ সহযোগত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনত গুৱাহাটীৰ মিডিয়া ইউনিটসমূহে জনপ্ৰিয় ৰেডিঅ’ অনুষ্ঠানটোৰ বিশেষ স্ক্ৰীনিঙৰ আয়োজন কৰিছে।

অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট লোক আৰু জনপ্ৰতিনিধিসকলক কাৰ্যসূচীটোত উপস্থিত থাকিবলৈ আমন্ত্ৰণ জনোৱা হৈছে। তাৰোপৰি, ‘মন কী বাত’ৰ পূৰ্বৰ কাৰ্যসূচীত উল্লিখিত তথা প্ৰশংসিত ৰাজ্যখনৰ লোকসকলকো এই শততম খণ্ডটোৰ বিশেষ স্ক্ৰীণিং চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

পৃষ্ঠভূমি

প্ৰধানমন্ত্ৰীৰ মন কী বাতৰ প্ৰথম খণ্ডটো ৩ অক্টোবৰ, ২০১৪ তাৰিখে (শুকুৰবাৰ) বিজয়দশমীৰ পৱিত্ৰ ক্ষণৰ দিনা আকাশবাণীৰ জৰিয়তে সম্প্ৰচাৰ কৰা হৈছিল। ২০১৫ চনৰ এপ্ৰিলৰ পৰা, মন কী বাত প্ৰতি মাহৰ অন্তিম দেওবাৰে সম্প্ৰচাৰিত হৈ আহিছে  আৰু ৯৯ তম খণ্ডটো যোৱা ২৬ মাৰ্চ, ২০২৩ তাৰিখে সম্প্ৰচাৰিত হয়। ইয়াক দূৰদৰ্শনতো ভিজুৱেলাইজ কৰা হৈছে আৰু ইয়াৰ সমগ্ৰ নেটৱৰ্কত সম্প্ৰচাৰ কৰা হৈছে। অনুষ্ঠানটো দূৰদৰ্শনত সাংকেতিক ভাষাত সম্প্ৰচাৰ কৰা হয়। মন কী বাতৰ শততম খণ্ডটো অহা ৩০ এপ্ৰিল ২০২৩ তাৰিখে সম্প্ৰচাৰ কৰা হ’ব।

মন কী বাতৰ প্ৰথম খণ্ডটোৰ সময়সীমা আছিল ১৪ মিনিট, দ্বিতীয় খণ্ডত এই সময় ১৯ মিনিট আৰু তৃতীয় খণ্ডত ২৬ মিনিটলৈ বৃদ্ধি হৈছিল। চতুৰ্থ খণ্ডৰ পৰা প্ৰতিটো খণ্ডৰ সময়সীমা ৩০ মিনিট ধাৰ্য কৰা হৈছে।

আৰম্ভণিতে এই সম্প্ৰচাৰ কেৱল হিন্দী ভাষাত কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ইয়াৰ ইংৰাজী সংস্কৰণ তথা সংস্কৃত সংস্কৰণ যথাক্ৰমে ৩১ জানুৱাৰী ২০১৬ আৰু ২৮ মে ২০১৭ তাৰিখৰ পৰা আৰম্ভ কৰা হৈছিল। বৰ্তমান মন কী বাত ২৩ টা ভাষা য’ত ইংৰাজীকে ধৰি ২২ টা ভাৰতীয় ভাষা, ২৯ টা উপভাষা (উত্তৰ-পূৰ্বাঞ্চলৰ ২৫ টা আৰু ছত্তীশগড়ৰ ৪ টা) আৰু ১১ টা বিদেশী ভাষাত সম্প্ৰচাৰিত হৈ আহিছে। ভাৰতীয় ভাষাসমূহৰ ভিতৰত আছে হিন্দী, সংস্কৃত, পাঞ্জাৱী, তামিল, তেলেগু, কানাড়া, মাৰাঠী, গুজৰাটী, মালায়ালম, ওড়িয়া, কংকনী, নেপালী, কাশ্মীৰী, ডোগৰী, মণিপুৰী, মৈথিলী, বাংলা, অসমীয়া, বড়ো, সন্থলী, উৰ্দু আৰু সিন্ধি। উপভাষাবোৰ হৈছে ছত্তীশগড়ী, গোণ্ডি, হালবি, ছাৰগুজিয়া, পাহাৰী, ছীনা, গোজৰী, বাল্টি, লাডাখি, কাৰ্বি, খাচী, জয়ন্তীয়া, গাৰো, নাগামিজ, মাৰ, পাইট, থাডু, কাবুই, মাও, টাংখুল, নিছি, আদি, মনপা, আও, অংগামি, কোকবৰক, মিজো, লেচপা আৰু ছিকিমিজ (ভুটিয়া) ৷ আনহাতে ফৰাচী, চীনা, ইণ্ডোনেচিয়ান, তিব্বতীয়, বাৰ্মিজ, বালুচি, আৰবী, পাশ্বতু, পাৰ্চী, দাৰি আৰু ছোৱাহিলীৰ দৰে বিদেশী ভাষাতো এই অনুষ্ঠানৰ সম্প্ৰচাৰ কৰা হয়।

প্ৰধানমন্ত্ৰীয়ে মন কী বাত কাৰ্যসূচীত এই পৰ্যন্ত ৭০০ তকৈও অধিক ব্যক্তি আৰু প্ৰায় ৩০০ টা সংগঠনৰ কথা উল্লেখ কৰিছে। ইয়াৰ ভিতৰত আছে বিদেশৰ ৩৭ জন ব্যক্তি আৰু ১০ টা সংগঠন।

Leave A Reply

Your email address will not be published.