ডিব্ৰুগড়-পাছিঘাট পথত প্ৰথম বাণিজ্যিক বিমান উৰাণ!

মেক-ইন-ইণ্ডিয়া’ ডৰ্ণিয়াৰ বিমানৰ আজি প্ৰথম বাণিজ্যিক উৰণ। এলায়েন্স এয়াৰে ফেব্ৰুৱাৰীত চৰকাৰৰ মালিকানাধীন এইচ এ এল ৰ সৈতে দুখন ১৭টা আসনৰ ডৰ্ণিয়াৰ ২২৮টা বিমান লীজত লোৱাৰ চুক্তি স্বাক্ষৰ কৰিছিল।|এলায়েন্স এয়াৰৰ মেড-ইন-ইণ্ডিয়া ডৰ্ণিয়াৰ ২২৮ বিমানে মঙলবাৰে ডিব্ৰুগড়-পাছিঘাট পথত প্ৰথম বাণিজ্যিক উৰণৰ বাবে সাজু হৈছে। অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ে জনোৱা অনুসৰি অসামৰিক অভিযানৰ বাবে ভাৰতৰ দ্বাৰা নিৰ্মিত বিমান উৰা মাৰিবলৈ এইটো ভাৰতৰ প্ৰথম বাণিজ্যিক বিমান সেৱা। অসমৰ লীলাবাৰীত বিমানখনৰ বাবে প্ৰথমউৰণ প্ৰশিক্ষণ সংগঠনৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়।

উদ্বোধনী অনুষ্ঠানত বিমান মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া,অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডো আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকে। তেওঁলোকৰ লগতে অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ সচিব ৰাজীৱ বনচাল,অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ৰ যুটীয়া সচিব উষা পাধি আৰু অম্বৰ দুবে, অসম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্য চৰকাৰৰ অন্যান্য গণ্যমান্য ব্যক্তিসকল আৰু এলায়েন্স এয়াৰৰ কৰ্তৃপক্ষ উপস্থিত থাকে।

ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌসেনাৰ বাবে হিন্দুস্তান এৰোনটিক্স লিমিটেডে নিৰ্মাণ কৰা এটা টুইন-টাৰ্বোপ্ৰপ শ্বৰ্ট টেক-অফ আৰু লেণ্ডিং ইউটিলিটি বিমান । বিমান সংস্থাটোৱে এপ্ৰিলত ইয়াৰ প্ৰথম ডৰ্ণিয়াৰ ২২৮ বিমান লাভ কৰিছিল। বিমানখনৰ প্ৰথম খন উৰণ অসমৰ ডিব্ৰুগড় আৰু অৰুণাচল প্ৰদেশৰ পাছিঘাটৰ মাজত। এই বিমানখনে উত্তৰ-পূবৰ ৰাজ্যসমূহত সংযোগ বৃদ্ধি কৰিবলৈ সাজু হৈছে। মেড-ইন-ইণ্ডিয়া বিমানখনত দুজন সদস্য আৰু ১৭জন যাত্ৰী থাকিব পাৰে। ইয়াৰ পাখিৰ বিস্তাৰ ১৬.৯৭মিটাৰ,সামগ্ৰিক দৈৰ্ঘ্য ১৬.৫৬মিটাৰ,আৰু সামগ্ৰিক উচ্চতা ৪.৮৬মিটাৰ। বিমানখন আকাশী জৰীপ,প্ৰদূষণ প্ৰতিৰোধ,অনুসন্ধান আৰু উদ্ধাৰ, যাত্ৰী পৰিবহন,সৈন্য পৰিবহন,লজিষ্টিক সমৰ্থন আদিকে ধৰি একাধিক উদ্দেশ্যৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...