বাংলাদেশত বানৰ তাণ্ডৱঃ প্ৰকৃতিৰ অভূতপূৰ্ব ৰুদ্ৰৰূপ

✒️অচিন্ত্য শৰ্মা

অসমৰ লগতে চুবুৰীয়া বাংলাদেশতো শেহতীয়াভাবে দেখা দিছে অভূতপূৰ্ব বানে। দেশখনৰ প্ৰতি গৰাকী বয়োজ্যেষ্ঠ ব্যক্তিৰে এতিয়া এটাই ভাষ্য – জীৱনকালত দেখা নাই এনে বান। সঁচাকৈয়ে জনাকীৰ্ণ বাংলাদেশৰ কোনেও জীৱনত এনেবোৰ দেখা নাছিল। ইয়াৰ পূৰ্বে এই শতিকাৰ বৃহত্তৰ বান বাংলাদেশে দেখিছিল ২০০৪ চনত। তাতকৈও ডাঙৰ বানপানী হৈছিল ১৯৮৮ চনত। এইবাৰ ১৯৮৮ আৰু ২০০৪ চনৰ সকলো অভিলেষ ভংগ কৰি বানে লৈছে অভূতপূৰ্ব ৰূপ। বিশেষকৈ ভাৰত সীমান্তবৰ্তী ছিলেট জিলাক একেবাৰে ধুই নিছে এইবাৰৰ এই বানে। জিলাখনৰ এঘাৰটা মহকুমা বা উপজিলাৰ প্ৰতি ইঞ্চি মাটিয়েই এতিয়া পানীৰ তলত। তাৰ পিছতো বৃদ্ধি পাই আছে প্ৰতিখন নদী-উপনদীৰ জলস্তৰ। ইতিমধ্যে শুকুৰবাৰে দুপৰীয়াৰ পৰাই ছিলেটত সেনাবাহিনী নিয়োগ কৰা হৈছে। পিছে উদ্ধাৰ আৰু সাহায্য অভিযান চলাবলৈ গৈ বাৰে বাৰে থমকি ৰৈছে খোদ সেনা বাহিনীও। জিলাখনৰ বাট পথকে আদি কৰি সকলো স্থল যোগাযোগ বন্ধ। ৰানৱেত পানী উঠাৰ বাবে বন্ধ হৈ আছে বিমান বন্ধৰ। সকলোতকৈ দুৰ্যোগপূৰ্ণ কথা হৈছে বিগত পাঁচ দিনৰো অধিক কাল ধৰি বিদ্যুৎ যোগান বন্ধ হৈ থকাৰ ফলত অচল হৈ পৰিছে সকলোৰে মোবাইল ফোন। সেয়ে সেনাৰ উদ্ধাৰকাৰী দলে শেষপৰ্যন্ত চুকে-কোনে বন্যাক্ৰান্ত মানুহক বিচাৰি বিচাৰি উদ্ধাৰ কৰিব লগা হৈছে। তাৰ পিছতো বহু মানুহ ৰৈ গৈছে সেনাৰ উদ্ধাৰ অভিযানৰ আওতাৰ বাহিৰত। গ্ৰামবাসী তেনে মানুহে নিজৰ পোহনীয়া পশুধন লগত লৈ আগবাঢ়িছে চহৰ অভিমুখে। অথচ চহৰতো নাই ভৰি থবলৈ অকণমান মাটি। চৌদিশে মাথোন সাগৰ সংকাশ পানী। এনে অৱস্থাত মানুহ যি দুৰ্যোগৰ সন্মুখীন হৈছে, সেই দুৰ্যোগ কোনেও ভাষাৰে বৰ্নাব পৰা নাই।

সমগ্ৰ পৰিস্থিতিৰ অধিক অবনতি ঘটাৰ আশংকা সৃষ্টি কৰি ছিলেটৰ মূল বিদ্যুৎ উপকেন্দ্ৰটোও বানত উটি যোৱাৰ উপক্ৰম ঘটিছে; যিটো প্ৰকল্প ৰক্ষা কৰিবলৈ উঠি পৰি লাগিছে সেনাবাহিনী। ইফালে সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপেক্ষিতত ১৯ জুনৰ পৰা আৰম্ভ হ’ব লগীয়া বিভিন্ন পৰীক্ষাসমূহ স্থগিত ৰখা হৈছে। ছিলেটৰ উপকূলীয় কোম্পানীগঞ্জ, জয়ন্তীয়াপুৰ, গোৱাইঘাট, সুনামগঞ্জ আৰু কানাইঘাট আদি অঞ্চলত এতিয়াও লাখ লাখ মানুহ আবদ্ধ হৈ আছে। অনাহাৰে, অনিদ্ৰাই সেই মানুহবোৰে প্ৰতিটো মূহূৰ্ত পাৰ কৰিব লগা হৈছে জীৱনৰ আশংকাত। সেই মানুহবোৰক উদ্ধাৰ কৰাটোৱেই এতিয়া প্ৰশাসনৰ বাবে হৈ উছিছে প্ৰাথমিক প্ৰত্যাহ্বান। ইয়াৰ পিছৰ প্ৰত্যাহ্বান হৈ উঠিব পানী শুকুওৱাৰ পিছত লাখ লাখ মানুহক আশ্ৰয় আৰু জীৱিকা দিয়া। কাৰণ বিশাল অঞ্চলটোৰ প্ৰায় সকলোবোৰ ঘৰ-বাৰী ইতিমধ্যে উটি গৈছে। ধ্বংস হৈ গৈছে খেতিপথাৰ। এনে প্ৰেক্ষাপটত বাংলাদেশলৈ যে আন এক মানবীয় দুৰ্যোগ আহি আছে ,সেযাও নিশ্চিত হৈ উঠিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

২২ বছৰীয়া দীঘলীয়া অপেক্ষাৰ অন্ত! ডুৰাণ্ড কাপৰ-২০২৬ৰ চেম্পিয়ন ইষ্ট বেংগল

মোহনবাগানক ৪-১ গ’লত পৰাস্ত কৰি ১৭সংখ্যক ডুৰাণ্ড কাপ জয়...

অসমৰ বানাক্ৰান্ত বিদ্যালয়সমূহৰ পুনৰ্নিৰ্মাণৰ বাবে ONGCৰ ২০ কোটি টকাৰ সাহায্য

অসমত শেহতীয়াকৈ হোৱা প্ৰলয়ংকাৰী বানত ক্ষতিগ্ৰস্ত হোৱা ৰাজ্যখনৰ প্ৰায়...

প্ৰথম বিদেশ যাত্ৰাতে থমকি ৰ’ল জীৱন, ২২ বছৰীয়া ভাৰতীয় যুৱকৰ কৰুণ পৰিণতি

ৰাছিয়ান ক্ষেপণাস্ত্ৰ আক্ৰমণত নিহত উত্তৰ প্ৰদেশৰ যুৱকৰ মৃতদেহ ৩৪...