USTMৰ ৬২ বিদ্যাৰ্থী জিলিকিল UGC-NETত

ইউ এছ টি এমে সকলো কৃতকাৰ্য্য ছাত্ৰ-ছাত্ৰীক ঘূৰাই দিব সম্পূৰ্ণ মাচুল

ইউ এছ টি এম বিশ্ববিদ্যালয়ে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীক প্ৰস্তুত কৰাৰ ক্ষেত্ৰত পাৰদৰ্শিতা অব্যাহত ৰাখিছে, আৰু বিশ্ববিদ্যালয়খনৰ অনন্য পে বেক নীতিয়ে কাৰ্যতঃ ছাত্ৰ-ছাত্ৰীসকলক উজ্জ্বল ফলাফলৰ ক্ষেত্ৰত অনুপ্ৰানিত কৰিছে। বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী সকলক পুৰস্কাৰ হিচাপে সমগ্ৰ পাঠ্যক্ৰমৰ সম্পুৰ্ণ মাচুল ঘূৰাই দিয়া হয়। ২০২৪ চনৰ জুন মাহত অনুষ্ঠিত হোৱা পৰীক্ষাৰ এই সপ্তাহত ঘোষণা কৰা ফলাফল অনুসৰি বিশ্ববিদ্যালয়খনৰ পৰা ৬২ জন ছাত্ৰ-ছাত্ৰীয়ে UGC আৰু CSIR NET তথা JRF ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ হৈছে । উল্লেখযোগ্য, শেহতীয়াকৈ ৩৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই সন্মানীয় পৰীক্ষাত ইউ এছ টি এমৰ পৰা উত্তীৰ্ণ হৈছে।

এই সন্দৰ্ভত ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকে কয়, “ইউ এছ টি এম ইয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী সম্প্ৰসাৰণৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে, যাতে ছাত্ৰ-ছাত্ৰীসকলে কেৱল ৰাষ্ট্ৰীয় প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হোৱাই নহয়, নিজৰ অধ্যয়নৰ ক্ষেত্ৰতো আগশাৰীত থাকে”। তেওঁ কয় যে বিশ্ববিদ্যালয়খনে ছাত্ৰ-ছাত্ৰীসকলক প্ৰতিযোগিতাৰ মনোভাৱ গঢ়ি তুলিবলৈ এনেদৰে অনুপ্ৰাণিত কৰিছে। ইউ এছ টি এম এই ক্ষেত্ৰত প্ৰতিশ্ৰুতিবদ্ধ যে কোনো মেধাৱী ছাত্ৰই কেৱল আৰ্থিক অক্ষমতাৰ বাবেই যেন উচ্চ শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হ’ব নালাগে।

ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ এই কৃতিত্বৰ বাবে অভিনন্দন জনাই ইউ এছ টি এমৰ উপাচাৰ্য অধ্যাপক জি ডি শৰ্মাই কয়, “ইউ এছ টি এমৰ প্ৰশিক্ষণ কাৰ্যসূচী শৈক্ষিক দিশৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকলক অন্যান্য সকলো দিশৰ বাবে সুপ্ৰস্তুত কৰি তুলিবলৈ লোৱা হৈছে।” আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাই প্ৰমাণ কৰিলে যে আমাৰ বিনামূলীয়া প্ৰশিক্ষণ ব্যবস্থা যথেষ্ট দক্ষ আৰু কাৰ্যকৰী।

ইউনিভাৰ্চিটি নেট ফ’ৰামৰ সঞ্চালক ড০ তৃষ্ণা ঠাকুৰিয়াই কয় যে ইতিমধ্যে ইউ এছ টি এমে পে বেক পলিচিৰ অধীনত ছাত্ৰ-ছাত্ৰীক ১.৩ কোটি টকা ঘূৰাই দিছে। “ছাত্ৰ-ছাত্ৰীসকলক নেট, গেট, স্লেট, আইএএছ, বা ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰে পৰিচালনা কৰা আন যিকোনো শীৰ্ষ পৰ্যায়ৰ প্ৰতিযোগিতামূলক পৰীক্ষাত যোগ্যতা অৰ্জন কৰিবলৈ উৎসাহিত কৰিবলৈ ইউএছটিএম-এ পে বেক নীতি প্ৰৱৰ্তন কৰিছে য’ত বিশ্ববিদ্যালয়ৰ এই সন্মানীয় পৰীক্ষাসমূহৰ বাবে যোগ্যতা অৰ্জন কৰা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ মাচুল ঘূৰাই পাব। আমাৰ নেট ফ’ৰামে ইউজিচি নেট পৰীক্ষাৰ বিশেষ প্ৰস্তুতিৰ বাবে প্ৰতিদিনে বিয়লি ৪:৩০ বজাৰ পিছত নিয়মীয়া ক্লাছ অনুষ্ঠিত কৰে”, তেওঁ লগতে কয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...

“মোৰ সৈতে ভদ্ৰভাৱে কথা পাতক; মোক অসন্মান কৰি কথা নক’ব”… ছুইজাৰলেণ্ডৰ সৈতে হোৱা মেচত ৰেফাৰীৰ সৈতে বাকযুদ্ধ মেছিৰ

চলিত বিশ্বকাপ ফুটবলৰ ছুইজাৰলেণ্ডৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ৰেফাৰীৰ ওপৰত...