প্ৰতিৰক্ষা, বাণিজ্য, আন্তঃগাঁথনি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া সহযোগিতাৰে চীন আৰু পাকিস্তানে নিজৰ দ্বিপাক্ষিক সম্পৰ্কক এক নতুন মাত্ৰা প্ৰদান কৰিছে। দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ সময়তে এই সহযোগিতা মহাকাশ গৱেষণাৰ ক্ষেত্ৰলৈও সম্প্ৰসাৰিত হৈছে। শেহতীয়াকৈ চীনৰ শ্বেনঝৌ-২৪ মহাকাশ অভিযানত পাকিস্তানৰ মহাকাশচাৰী মহম্মদ জিশান আলীৰ অংশগ্ৰহণে দুয়োখন দেশৰ সম্পৰ্কক পুনৰ চৰ্চালৈ আনিছে।
দীৰ্ঘদিন ধৰি চীন আৰু পাকিস্তানে ইজনে সিজনক ‘Iron Brothers’ অৰ্থাৎ ঘনিষ্ঠ সহযোগী হিচাপে অভিহিত কৰি আহিছে। প্ৰতিৰক্ষা আৰু সামৰিক সহযোগিতাৰ পৰা আৰম্ভ কৰি অৰ্থনৈতিক উন্নয়ন আৰু মহাকাশ গৱেষণালৈকে বিভিন্ন ক্ষেত্ৰত দুয়োখন দেশে যৌথভাৱে কাম কৰি আহিছে।
চীন হৈছে পাকিস্তানৰ অন্যতম প্ৰধান সামৰিক অস্ত্ৰ-শস্ত্ৰ যোগানকাৰী দেশ। দুয়োখন দেশৰ মাজত যুদ্ধবিমান নিৰ্মাণ, ছাবমেৰিন ক্ৰয়, সামৰিক প্ৰযুক্তি হস্তান্তৰ আৰু যৌথ প্ৰশিক্ষণৰ দৰে বিভিন্ন ক্ষেত্ৰত সহযোগিতা অব্যাহত আছে।
এই সহযোগিতাৰ অন্যতম উল্লেখযোগ্য উদাহৰণ হৈছে JF-17 Thunder যুদ্ধবিমান। চীনৰ Chengdu Aircraft Corporation আৰু পাকিস্তানৰ Pakistan Aeronautical Complex-এ যৌথভাৱে এই যুদ্ধবিমানৰ বিকাশ সাধন কৰিছে। পাকিস্তানত নিৰ্মাণ কৰা এই যুদ্ধবিমান ইতিমধ্যে আন দেশলৈও ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছে দেশখনে। ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত আজাৰবাইজানক JF-17 Block III যুদ্ধবিমান যোগান ধৰাৰ চুক্তি ঘোষণা কৰিছিল পাকিস্তানে।
নৌসেনাৰ ক্ষেত্ৰতো দুয়োখন দেশৰ সহযোগিতা বিশেষভাৱে উল্লেখযোগ্য। চীনৰ প্ৰযুক্তিৰে নিৰ্মিত আঠখন Hangor শ্ৰেণীৰ ছাবমেৰিন ক্ৰয়ৰ চুক্তি কৰিছে পাকিস্তানে। ইয়াৰে চাৰিখন চীনত আৰু বাকী চাৰিখন পাকিস্তানত নিৰ্মাণ কৰা হৈছে। এই চুক্তিত প্ৰযুক্তি হস্তান্তৰৰ ব্যৱস্থাও অন্তৰ্ভুক্ত আছে।
ইয়াৰ উপৰি দুয়োখন দেশে নিয়মীয়াকৈ যৌথ সামৰিক অনুশীলন অনুষ্ঠিত কৰি আহিছে। স্থলসেনাৰ বাবে ‘Warrior’, বায়ুসেনাৰ বাবে ‘Shaheen’ আৰু নৌসেনাৰ বাবে ‘Sea Guardian’ নামৰ সামৰিক অনুশীলন অনুষ্ঠিত হয়।
ষ্টকহ’ম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ (SIPRI) তথ্য অনুসৰি, ২০২১ৰ পৰা ২০২৫ চনলৈ পাকিস্তানে আমদানি কৰা বৃহৎ সামৰিক অস্ত্ৰ-শস্ত্ৰৰ ৮০ শতাংশই যোগান ধৰিছিল চীনে।
চীন-পাকিস্তান অৰ্থনৈতিক কৰিডৰ (CPEC) হৈছে দুয়োখন দেশৰ মাজত গঢ় লৈ উঠা অন্যতম বৃহৎ অৰ্থনৈতিক প্ৰকল্প। চীনৰ Belt and Road Initiative (BRI)ৰো ই এক গুৰুত্বপূৰ্ণ অংশ।
২০১৩ চনত আৰম্ভ হোৱা এই প্ৰকল্পই ২০১৫ চনৰ এপ্ৰিল মাহত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ পাকিস্তান ভ্ৰমণৰ পিছত বিশেষ গতি লাভ কৰে।
এই প্ৰকল্পৰ মূল লক্ষ্য হৈছে পথ, ৰে’লপথ, বিদ্যুৎ উৎপাদন কেন্দ্ৰ আৰু অন্যান্য আন্তঃগাঁথনি নিৰ্মাণৰ জৰিয়তে চীনক পাকিস্তানৰ আৰব সাগৰৰ উপকূলৰ সৈতে সংযোগ কৰা।
বেলুচিস্তানৰ গোৱাদৰ বন্দৰ এই অৰ্থনৈতিক কৰিডৰৰ অন্যতম গুৰুত্বপূৰ্ণ অংশ। বন্দৰটোৰ উন্নয়নতো চীনে উল্লেখযোগ্য ভূমিকা পালন কৰিছে।
CPECৰ অধীনত ইতিমধ্যে কেইবাটাও বৃহৎ আন্তঃগাঁথনি প্ৰকল্প সম্পূৰ্ণ হৈছে। ইয়াৰ ভিতৰত ১২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ হাভেলিয়ান-থাকোট কাৰাকোৰাম ঘাইপথ, ৩৯২ কিলোমিটাৰ দৈৰ্ঘ্যৰ মুলতান-ছুক্কুৰ মটৰৱে’, লাহোৰৰ ২৭ কিলোমিটাৰ দৈৰ্ঘ্যৰ Orange Line Metro আৰু ২০২৪ চনত সম্পূৰ্ণ হোৱা New Gwadar International Airport অন্যতম।
২০২৫ চনৰ ছেপ্টেম্বৰ মাহত CPECৰ দ্বিতীয় পৰ্যায় আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। এই পৰ্যায়ত অৰ্থনৈতিক বিকাশ, উদ্ভাৱন, সেউজ উন্নয়ন, জীৱিকাৰ মান উন্নয়ন আৰু আঞ্চলিক সংযোগ— এই পাঁচটা ক্ষেত্ৰত বিশেষ গুৰুত্ব দিয়া হৈছে।
পাকিস্তানৰ পৰিকল্পনা মন্ত্ৰালয়ৰ তথ্য অনুসৰি, CPECৰ প্ৰথম পৰ্যায়ত চীনৰ পৰা প্ৰায় ২৫ বিলিয়ন ডলাৰৰ বিনিয়োগ আহিছিল। ইয়াৰ ফলত পাকিস্তানৰ বিদ্যুৎ উৎপাদন ক্ষমতা প্ৰায় ৮,০০০ মেগাৱাট বৃদ্ধি পাইছিল।
দ্বিতীয় পৰ্যায়ত খনিজ সম্পদ, কৃষি, প্ৰযুক্তি, দক্ষতা বিকাশ আৰু ব্যৱসায়িক অংশীদাৰিত্বৰ ক্ষেত্ৰত সহযোগিতা অধিক সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হৈছে।
ইয়াৰ অংশ হিচাপে প্ৰায় ১,০০০গৰাকী পাকিস্তানী কৃষি বিশেষজ্ঞক উন্নত কৃষি পদ্ধতিৰ প্ৰশিক্ষণৰ বাবে চীনলৈ প্ৰেৰণৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। প্ৰথমটো দলে ইতিমধ্যে প্ৰশিক্ষণ সম্পূৰ্ণ কৰি পাকিস্তানলৈ উভতি আহিছে।
প্ৰতিৰক্ষা আৰু অৰ্থনীতিৰ সমান্তৰালভাৱে মহাকাশ গৱেষণাৰ ক্ষেত্ৰতো চীন আৰু পাকিস্তানৰ সহযোগিতা ক্ৰমাৎ বৃদ্ধি পাইছে।
২০১১ চনত চীনে পাকিস্তানৰ যোগাযোগ উপগ্ৰহ PakSat-1R উৎক্ষেপণ কৰিছিল। ২০১৮ চনত PRSS-1 আৰু PakTES-1A নামৰ আন দুটা পাকিস্তানী উপগ্ৰহও চীনৰ সহযোগত মহাকাশলৈ প্ৰেৰণ কৰা হয়।
২০২৪ চনত পাকিস্তানে PakSat-MM1 নামৰ আন এটা যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰে। একেদৰে চীনৰ Chang’e-6 চন্দ্ৰ অভিযানৰ অংশ হিচাপে পাকিস্তানৰ iCube-Qamar উপগ্ৰহও মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল। এই উপগ্ৰহটোৰ মূল উদ্দেশ্য আছিল চন্দ্ৰপৃষ্ঠৰ ছবি সংগ্ৰহ কৰা।
২০২৫ চনৰ ফেব্ৰুৱাৰী মাহত পাকিস্তানৰ মহাকাশ গৱেষণা সংস্থা SUPARCO আৰু China Manned Space Agency-ৰ মাজত মহাকাশচাৰী নিৰ্বাচন আৰু প্ৰশিক্ষণৰ বাবে চুক্তি স্বাক্ষৰিত হয়।
এই চুক্তিৰ অধীনত মহম্মদ জিশান আলী আৰু খুৰ্ৰম দাউদ নামৰ দুগৰাকী পাকিস্তানী প্ৰাৰ্থীক চীনত প্ৰশিক্ষণৰ বাবে নিৰ্বাচিত কৰা হয়। পৰৱৰ্তী সময়ত আলীক শ্বেনঝৌ-২৪ অভিযানৰ বাবে বাছনি কৰা হয়।
আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ বিভিন্ন বিষয়তো চীন আৰু পাকিস্তানে পৰস্পৰক সমৰ্থন কৰি আহিছে। টাইৱান সন্দৰ্ভত পাকিস্তানে চীনৰ স্থিতিক সমৰ্থন জনোৱাৰ বিপৰীতে পাকিস্তানৰ সাৰ্বভৌমত্ব, স্বাধীনতা আৰু ভৌগোলিক অখণ্ডতাৰ প্ৰতি চীনে সমৰ্থন প্ৰকাশ কৰি আহিছে।
দুয়োখন দেশৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰ পূৰ্তি উপলক্ষে ২৬ মে’ত প্ৰকাশ কৰা এক যৌথ বিবৃতিত প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী কৰা, CPEC 2.0 আগুৱাই নিয়া আৰু বাণিজ্য তথা আঞ্চলিক সংযোগ বৃদ্ধি কৰাৰ প্ৰতিশ্ৰুতি দিয়া হয়।
লগতে ২০২৫ৰ পৰা ২০২৯ চনলৈ ৰূপায়ণৰ বাবে গ্ৰহণ কৰা কাৰ্যপৰিকল্পনাৰ প্ৰতিও দুয়োখন দেশে পুনৰ সমৰ্থন প্ৰকাশ কৰে।
প্ৰতিৰক্ষা, অৰ্থনীতি, আন্তঃগাঁথনি আৰু মহাকাশ গৱেষণাৰ দৰে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত সহযোগিতা অব্যাহত ৰাখি চীন আৰু পাকিস্তানে আগন্তুক দিনত দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।
