বৰপেটা জিলাৰ বাঘবৰত মৰাপাটভৰ্তি ট্ৰাকৰ পৰা ধন দাবী দুৰ্বৃত্তৰ, দুজনক আটক আৰক্ষীৰ

বৰপেটা জিলাৰ বাঘবৰৰ মন্দিয়াত মৰাপাট কঢ়িয়াই নিয়া এখন ট্ৰাকক কেন্দ্ৰ কৰি সংঘটিত হৈছে ধন দাবীৰ এক চাঞ্চল্যকৰ ঘটনা। বাঘবৰ বজাৰৰ পৰা কলকাতালৈ মৰাপাট কঢ়িয়াই নিয়াৰ পথতে ট্ৰাকখন আগচি ধৰি একাংশ দুৰ্বৃত্তই ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছে। ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।

ঘটনাৰ বিৱৰণী অনুসৰি, পশ্চিমবংগৰ WB-51-C-8406 নম্বৰৰ ট্ৰাকখনে বাঘবৰ বজাৰৰ পৰা মৰাপাট কঢ়িয়াই কলকাতালৈ গৈ আছিল। সেই সময়তে মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত বৰদলনি গাঁৱৰ শংকৰ চাৰিআলিত একাংশ দুৰ্বৃত্তই ট্ৰাকখনৰ পথ আগচি ধৰে।

দুৰ্বৃত্তৰ দলটোৱে ট্ৰাকখনত বাৰ্মিজ চুপাৰী কঢ়িয়াই নিয়া বুলি সন্দেহ প্ৰকাশ কৰি তালাচী চলাব বিচাৰে। অন্যথা ট্ৰাকচালক আৰু ব্যৱসায়ীগৰাকীৰ পৰা ২ লাখ টকা দাবী কৰা বুলি অভিযোগ উঠিছে।

পৰিস্থিতি সন্দেহজনক হৈ পৰাত মৰাপাট ব্যৱসায়ীগৰাকীয়ে আৰক্ষীক খবৰ দিয়ে। খবৰ লাভ কৰাৰ পাছতে ঘটনাস্থলীত উপস্থিত হয় মন্দিয়া আৰক্ষীৰ দল। আৰক্ষীয়ে ট্ৰাকখন নিজৰ জিম্মাত লৈ থানালৈ লৈ যায় আৰু ট্ৰাকখনত থকা মৰাপাটৰ বস্তাসমূহ নমাই তালাচী চলায়।

আনহাতে, ট্ৰাকচালকজনে জানিবলৈ দিয়া মতে, দুৰ্বৃত্তৰ দলটোক ইতিমধ্যে ৫ হাজাৰ টকা আদায় দিবলগীয়া হৈছিল তেওঁ। ধন দাবীৰ ঘটনাটোৱে এতিয়া মৰাপাট ব্যৱসায়ী আৰু ট্ৰাকচালকসকলৰ মাজত নিৰাপত্তাক লৈ উদ্বেগৰ সৃষ্টি কৰিছে।

ইতিমধ্যে ঘটনাটোক লৈ মন্দিয়া আৰক্ষী চকীত এটা গোচৰ ৰুজু হৈছে। আৰক্ষীয়ে অভিযান চলাই এই ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত দুজন লোকক আটক কৰিছে। ধন দাবীৰ আঁৰত আন কোনো লোক জড়িত আছে নেকি, সেই দিশতো আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।

ইফালে, ঘটনাৰ আঁৰত থকা সকলো লোকক চিনাক্ত কৰি কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ভুক্তভোগী ট্ৰাকচালক, মৰাপাট ব্যৱসায়ী আৰু স্থানীয় ৰাইজে। ব্যৱসায়িক সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ পৰা এনেদৰে ধন দাবীৰ অভিযোগ উত্থাপন হোৱা ঘটনাই অঞ্চলটোৰ বাণিজ্যিক পৰিৱেশ আৰু যাতায়াতৰ নিৰাপত্তাক লৈও প্ৰশ্নৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মহাকাশ অভিযানত পাকিস্তানৰ ঐতিহাসিক খোজ, মহাকাশলৈ যাত্ৰা দেশখনৰ প্ৰথমগৰাকী মহাকাশচাৰীৰ

মহাকাশ অন্বেষণৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰিলে পাকিস্তানে।...

গুৱাহাটীত বেডমিণ্টন এছিয়াৰ আঞ্চলিক ৰেফাৰী প্ৰশিক্ষণ শিবিৰ আৰম্ভ

বেডমিণ্টন এছিয়াৰ তত্ত্বাৱধানত বুধবাৰৰ পৰা গুৱাহাটীত বেডমিণ্টন এছিয়াৰ আঞ্চলিক...

ফেচবুক, স্নেপচেট, PUBGসহ ৮৯টা এপৰ ব্যৱহাৰত ভাৰতীয় সেনাৰ নিষেধাজ্ঞা! জোৱান-অফিচাৰৰ বাবে কঠোৰ নিৰ্দেশনা

সামাজিক মাধ্যম, মেছেজিং, অনলাইন গেমিং, ডেটিং আৰু ই-কমাৰ্চৰ জনপ্ৰিয়...