বেডমিণ্টন এছিয়াৰ তত্ত্বাৱধানত বুধবাৰৰ পৰা গুৱাহাটীত বেডমিণ্টন এছিয়াৰ আঞ্চলিক ৰেফাৰী প্ৰশিক্ষণ শিবিৰ আৰম্ভ হৈছে। পাঁচদিনীয়া এই শিবিৰত এছিয়াৰ ১৬খন সদস্য দেশৰ নিৰ্বাচিত মুঠ ৩০জন ৰেফাৰীয়ে অংশগ্ৰহণ কৰিছে। ভাৰতীয় বেডমিণ্টন সন্থাৰ সহযোগত অসম বেডমিণ্টন সন্থাই আয়োজন তথা পৰিচালনা কৰা এই শিবিৰটো অহা ২৯ নৱেম্বৰলৈ চলিব।
অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি শিবিৰত অংশগ্ৰহণকাৰী ৰেফাৰীসকল হৈছে – ছৌদি আৰব, ইৰান, ওমান, কাজাখস্তান, ভূটান, সংযুক্ত আৰব আমিৰাত, ভাৰত, ছিৰিয়া, লেবানন, শ্ৰীলংকা, মালদ্বীপ, চীন, ইৰাক, তাজিকিস্তান, নেপাল আৰু বাহৰেইনৰ। শিবিৰত প্ৰশিক্ষক হিচাপে উপস্থিত থাকিব হংকঙৰ চাউ য়াট হোৱং ছানি আৰু ভাৰতৰ গিৰীশ নাটু।
শিবিৰত তিনিগৰাকী ভাৰতীয় ৰেফাৰীয়েও অংশগ্ৰহণ কৰিছে। তেওঁলোক হ’ল দেবব্ৰত পাল, অজয় কুমাৰ আৰু কাৰ্তিক বালচন্দ্ৰ কামাথ।উল্লেখ্য যে বেডমিণ্টন এছিয়াৰ প্ৰতিযোগিতাৰ বাবে আঞ্চলিক ৰেফাৰীসকলক উন্নত প্ৰশিক্ষণ দিয়া, নিয়ম-কানুন আৰু খেল পৰিচালনাৰ বিষয়ে দক্ষ কৰি তোলাই এই শিবিৰৰ মূল উদ্দেশ্য।
