ভাৰতীয় সেনাৰ শিবিৰত আত্মঘাতী আক্ৰমণৰ পৰিকল্পনা কৰাৰ অভিযোগত উত্তৰ প্ৰদেশৰ মেৰুটৰ ২২ বছৰীয়া এজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। আৰক্ষীৰ দাবী অনুসৰি, পাকিস্তানৰ পৃষ্ঠপোষকতাত চলি থকা অনলাইন উগ্ৰপন্থী নেটৱৰ্কৰ সৈতে জড়িত আছিল অভিযুক্ত।
উত্তৰ প্ৰদেশৰ মেৰুটৰ বানিয়াপাড়া অঞ্চলৰ বাসিন্দা উজেইদ নামৰ যুৱকজনক সেনা শিবিৰত ‘ফিদায়িন’ অৰ্থাৎ আত্মঘাতী আক্ৰমণৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে। মঙলবাৰে আৰক্ষীয়ে এই তথ্য প্ৰকাশ কৰে।
আৰক্ষীৰ অভিযোগ অনুসৰি, উজেইদে ইনষ্টাগ্ৰাম আৰু ইউটিউবত ভাৰতবিৰোধী বিষয়বস্তু চাইছিল আৰু পাকিস্তানভিত্তিক সন্ত্ৰাসবাদী সংগঠন জইছ-ই-মহম্মদৰ মুৰব্বী মাছুদ আজহাৰৰ দ্বাৰা প্ৰভাৱিত হৈছিল।
আৰক্ষীৰ মতে, তেওঁ জম্মুৰ বাসিন্দা মহম্মদ ছাজিদৰ সংস্পৰ্শলৈ আহিছিল। যোৱা বছৰৰ নৱেম্বৰ মাহত ছাজিদক গ্ৰেপ্তাৰ কৰা হৈছিল। দুয়োজনে পাকিস্তানী গেংষ্টাৰ শ্বাহজাদ ভাট্টিৰ পৃষ্ঠপোষকতাত এটা অনলাইন নেটৱৰ্ক চলাইছিল বুলি আৰক্ষীয়ে দাবী কৰিছে।
ইনষ্টাগ্ৰাম আৰু ‘ছেছন’ নামৰ মেছেজিং এপত ‘টিউচন-৪০’, ‘০০৫ ব্ৰিগেড’ আৰু ‘আল-মুজাহিদ’ নামৰ কেইবাটাও গোটৰ জৰিয়তে যুৱকসকলক উগ্ৰপন্থাৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা চলাইছিল বুলি আৰক্ষীৰ অভিযোগ।
আৰক্ষীৰ তথ্য অনুসৰি, ২০২৫ চনৰ ৮ নৱেম্বৰত ‘ছেছন’ এপৰ ‘০০৫ ব্ৰিগেড’ নামৰ পাঁচজনীয়া এটা গোটত হোৱা কথোপকথনৰ সময়ত সেনাৰ চেকপ’ষ্টত আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল।
NDTVৰ হাতত পৰা কথোপকথনৰ তথ্য অনুসৰি, গোটটোত মহম্মদ ছাজিদে প্ৰথমে প্ৰশ্ন কৰিছিল— ‘পৰিকল্পনা কি?’
ইয়াৰ পিছতে ‘ড্ৰাগছ’ ছদ্মনামেৰে পৰিচিত বুলি উল্লেখ কৰা আমিৰ হামজা নামৰ এজন পাকিস্তানী হেণ্ডলাৰে পৰিকল্পনাৰ কথা প্ৰকাশ কৰে।
তেওঁৰ বাৰ্তাত সেনাৰ চেকপ’ষ্টত ছাজিদক বিস্ফোৰক ভৰ্তি জেকেট পিন্ধাই পঠিয়াই বিস্ফোৰণ ঘটোৱাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰা হৈছিল।
ইয়াৰ উত্তৰত ছাজিদে সাজু থকা বুলি জনায়। আনকি তেওঁ লিখিছিল— ‘ইনশ্বাআল্লাহ, সম্পূৰ্ণ চেকপ’ষ্ট উৰুৱাই দিম। ইনশ্বাআল্লাহ, মই মোৰ এশ শতাংশ দিম।’
ইয়াৰ পিছতে ‘ইবনাদাম’ ছদ্মনামেৰে পৰিচিত উজেইদে জেকেটটো ক’ত আছে বুলি প্ৰশ্ন কৰে। উত্তৰত হামজাই সেইবোৰ ঘৰতে প্ৰস্তুত কৰা হ’ব বুলি কয়।
আৰক্ষীৰ দাবী অনুসৰি, উজেইদে বৃহৎ সংখ্যক যুৱকক উগ্ৰপন্থী সংগঠিত কৰাৰ পৰিকল্পনা কৰিছিল। বিভিন্ন অনলাইন গোটত ভাৰতৰ মুছলমানসকল অত্যাচাৰৰ সন্মুখীন হোৱা বুলি দাবী কৰি লোকসকলক প্ৰৰোচিত কৰাৰ চেষ্টা চলাইছিল।
২০২৫ চনৰ ২৪ নৱেম্বৰত জম্মুৰ বাহু ফ’ৰ্ট আৰক্ষী থানাত সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত এটা অভিযোগ দাখিল হোৱাৰ পিছতে ঘটনাটো পোহৰলৈ আহে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি মহম্মদ ছাজিদক গ্ৰেপ্তাৰ কৰে।
ছাজিদৰ গ্ৰেপ্তাৰৰ সূত্ৰ ধৰি জম্মু আৰু মেৰুট আৰক্ষীৰ এটা যুটীয়া দলে উজেইদৰ সন্ধানত জানুৱাৰী আৰু ফেব্ৰুৱাৰী মাহত মেৰুটত অভিযান চলাইছিল। কিন্তু সেই সময়ত তেওঁৰ সন্ধান উলিয়াব পৰা নাছিল।
পিছত চোৰাংচোৱাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত মেৰুটৰ পৰাই উজেইদক গ্ৰেপ্তাৰ কৰা হয়।
PTIৰ সৈতে হোৱা কথা-বতৰাত এগৰাকী আৰক্ষী বিষয়াই জনোৱা মতে, অভিযুক্তজন প্ৰায় ১০ মাহ ধৰি পলাতক অৱস্থাত আছিল। এই সময়ছোৱাত তেওঁ কেতিয়াবা মোমায়েকৰ ঘৰত আৰু কেতিয়াবা আন বিভিন্ন স্থানত আত্মগোপন কৰি আছিল।
আৰক্ষী বিষয়াগৰাকীয়ে লগতে কয় যে উজেইদে মাছুদ আজহাৰৰ ভিডিঅ’ চাইছিল। আজহাৰৰ এটা ভিডিঅ’ত মন্তব্য কৰি ‘আমিও সাজু আছোঁ’ বুলি লিখাৰ পিছতে তেওঁ ছাজিদৰ সংস্পৰ্শলৈ আহিছিল।
আৰক্ষীৰ অভিযোগ অনুসৰি, ২০২৫ চনৰ নৱেম্বৰ মাহত এটা গুৰুত্বপূৰ্ণ সেনা শিবিৰত আত্মঘাতী আক্ৰমণ চলোৱাৰ পৰিকল্পনা কৰিছিল উজেইদ আৰু ছাজিদে।
এই পৰিকল্পনাত ছাজিদৰ দায়িত্ব আছিল সেনা শিবিৰৰ চৌপাশৰ তথ্য সংগ্ৰহ কৰা। আনহাতে, অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক ভৰ্তি জেকেটৰ ব্যৱস্থা কৰাৰ দায়িত্ব আছিল উজেইদৰ ওপৰত।
কিন্তু ছাজিদক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ ফলত তেওঁলোকৰ পৰিকল্পনা বাস্তৱায়িত নহ’ল বুলি তদন্তকাৰী আৰক্ষীয়ে জানিবলৈ দিছে।
উল্লেখ্য যে, ঘটনাটোৰ সন্দৰ্ভত প্ৰকাশ পোৱা অভিযোগসমূহ আৰক্ষীৰ তদন্তৰ ভিত্তিতহে উল্লেখ কৰা হৈছে।
