মিছ ইউনিভাৰ্ছ ২০২৬ৰ ৭৫ সংখ্যক সংস্কৰণত বিশ্বসুন্দৰীৰ মুকুট অৰ্জন কৰিবলৈ সক্ষম হৈছে পৰ্টো ৰিক’ৰ প্ৰতিযোগী জেনিফাৰ বাৰেটো। চূড়ান্ত প্ৰতিযোগিতাত তেওঁক পূৰ্বৰ মিছ ইউনিভাৰ্ছ বিজয়ী মেক্সিকোৰ ফাতিমা ব’ছে বিজয়ীৰ মুকুট পিন্ধায়।
এই প্ৰতিযোগিতাত ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজে প্ৰথম ৰানাৰ্ছ আপ আৰু ভেনিজুৱেলাৰ ক্লাৰা ভেগাছ গ’য়েটছে দ্বিতীয় ৰানাৰ্ছ আপৰ খিতাপ অৰ্জন কৰে। আনহাতে, চূড়ান্ত পাঁচগৰাকী প্ৰতিযোগীৰ তালিকাত স্থান লাভ কৰিছিল ফিলিপাইনছ, নিউজিলেণ্ড, ভেনিজুৱেলা, ডমিনিকান ৰিপাব্লিক আৰু প’ৰ্ট’ ৰিকোৱে।
চূড়ান্ত ৰাউণ্ডত প্ৰতিগৰাকী প্ৰতিযোগীকে একেটা প্ৰশ্ন কৰা হৈছিল ‘বৰ্তমান বিশ্বই নিজৰ নেতাসকলৰ পৰা আটাইতকৈ বেছি কি আশা কৰে?’
এই প্ৰশ্নৰ উত্তৰত জেনিফাৰ বাৰেটোৱে কয়, “মোৰ মতে, বৰ্তমান বিশ্বক পেছাদাৰীভাৱে সহানুভূতিশীল নেতাৰ প্ৰয়োজন। আমি এনে এখন পৃথিৱীত বাস কৰিছোঁ, য’ত মানুহে প্ৰায়ে আনক বিচাৰ কৰে আৰু প্ৰশ্নৰ সন্মুখীন কৰায়। কিন্তু এগৰাকী নেতাই নিজৰ মূল্যবোধৰ পক্ষত থিয় দিব লাগে, আদৰ্শ দাঙি ধৰিব লাগে আৰু নেতৃত্বৰ মানদণ্ড উন্নত কৰিব লাগে।”
মিছ ইউনিভাৰ্ছ হিচাপে তেওঁ সমাজৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পৰা বিভিন্ন নেটৱৰ্ক গঢ়ি তোলাৰ পোষকতা কৰে। তেওঁৰ মতে, নেতাসকলে সমাজৰ লোকসকলৰ কথা মনোযোগেৰে শুনি সেই অনুসৰি পৰিকল্পনা প্ৰস্তুত কৰিলে সমাজত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিব পৰা যায়।
জেনিফাৰ বাৰেটোৰ এই বিজয়ৰ লগে লগে পৰ্টো ৰিক’ৱে ষষ্ঠবাৰৰ বাবে মিছ ইউনিভাৰ্ছৰ মুকুট অৰ্জন কৰিলে। ইয়াৰ পূৰ্বে দেশখনৰ হৈ বিশ্বসুন্দৰীৰ খিতাপ লাভ কৰা পাঁচগৰাকী প্ৰতিযোগী হৈছে – ১৯৭০ চনত মেৰিছল মালাৰেট, ১৯৮৫ চনত ডেব’ৰা কাৰ্থী-ডিউ, ১৯৯৩ চনত দায়ানাৰা টৰেছ, ২০০১ চনত ডেনিছ কুইন’নেছ আৰু ২০০৬ চনত জুলেইকা ৰিভেৰা।
উল্লেখযোগ্য যে নিজ দেশৰ মাটিত দ্বিতীয়বাৰৰ বাবে মিছ ইউনিভাৰ্ছৰ খিতাপ অৰ্জন কৰিলে পৰ্টো ৰিক’ৱে। ইয়াৰ পূৰ্বে ২০০১ চনত দেশখনত অনুষ্ঠিত প্ৰতিযোগিতাত ডেনিছ কুইন’নেছে বিশ্বসুন্দৰীৰ খিতাপ লাভ কৰিছিল।
এইবাৰ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এক বিশেষ মুকুট উন্মোচন কৰা হয়। ‘দ্য ৰেডিয়েন্স অৱ এন ইটাৰ্নেল লিগেচি’ নামৰ এই মুকুটটোত আছে ৩,১৫০টা হীৰা। প্ৰতিযোগিতাৰ ৭৫ বছৰীয়া ইতিহাস, বৰ্তমান আৰু ভৱিষ্যতৰ প্ৰতীক হিচাপে এই বিশেষ মুকুটটো প্ৰস্তুত কৰা হৈছে।
সাগৰৰ পাৰৰ ৰেম্প ৱাক, ব্যক্তিগত সাক্ষাৎকাৰ, ছুইমছুট ৰাউণ্ড আৰু ৰাষ্ট্ৰীয় সাজ-পোছাক প্ৰতিযোগিতাকে ধৰি বিভিন্ন পৰ্যায়ত প্ৰতিযোগীসকলে নিজৰ প্ৰতিভা, আত্মবিশ্বাস আৰু সৌন্দৰ্যৰ পৰিচয় দাঙি ধৰে।
এইবাৰৰ প্ৰতিযোগিতাত ১৩০খনতকৈও অধিক দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। অৱশ্যে বিভিন্ন কাৰণত ১৫খন দেশৰ প্ৰতিযোগীয়ে প্ৰতিযোগিতাৰ পৰা আঁতৰি যায়।
অষ্ট্ৰিয়াৰ প্ৰতিযোগী ভিক্টোৰিয়া এমাৰছনে নিজৰ মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰতিযোগিতাৰ পৰা নাম প্ৰত্যাহাৰ কৰে। আনহাতে, গাড়ী দুৰ্ঘটনাত পতিত হোৱাৰ পিছত বুলগেৰিয়াৰ প্ৰতিযোগী আনা-মাৰিয়াই প্ৰতিযোগিতা এৰি দিয়ে। ছেইণ্ট মাৰ্টিনৰ প্ৰতিযোগী মেডলি মেৰিয়ানেও ব্যক্তিগত কাৰণত প্ৰতিযোগিতাৰ পৰা আঁতৰি যায়।
কৰ্প’ৰেট আৰু ফ্ৰেঞ্চাইজী সম্পৰ্কীয় বিবাদৰ বাবে থাইলেণ্ড, ইণ্ডোনেছিয়া, ভিয়েটনাম, লাওছ, ছিংগাপুৰ আৰু মালয়েছিয়াই এইবাৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণ নকৰিলে। ইয়াৰ উপৰি ভিছা সম্পৰ্কীয় সমস্যা আৰু আমেৰিকাৰ ভিছাৰ নিষেধাজ্ঞাৰ বাবে নেপাল, এংগোলা, জাম্বিয়া, জিম্বাবুৱে আৰু ৰিপাব্লিক অৱ কংগোৰ প্ৰতিযোগীসকলেও অংশগ্ৰহণ কৰিব নোৱাৰিলে।
চূড়ান্ত প্ৰতিযোগিতাৰ পূৰ্বে মিছ মিচিগান ইউএছএৰ প্ৰাক্তন বিজয়ী টেইলৰ হেলে মিছ ইউনিভাৰ্ছ সংগঠনৰ নেতৃত্ব আৰু পৰিচালনা ব্যৱস্থাক লৈ প্ৰশ্ন উত্থাপন কৰে।
‘PEOPLE’ আলোচনীক দিয়া সাক্ষাৎকাৰত তেওঁ কয় যে মিছ ইউএছএ প্ৰতিযোগিতাৰ পৰিৱেশ আগতকৈ স্বাস্থ্যকৰ হৈছে বুলি তেওঁ আশাবাদী। কিন্তু সেই খিতাপ অৰ্জন কৰা প্ৰতিযোগীগৰাকীয়ে পৰৱৰ্তী সময়ত মিছ ইউনিভাৰ্ছত অংশগ্ৰহণ কৰিবলগীয়া হয়। তেওঁ লগতে সংগঠনটোৰ নেতৃত্ব আৰু পৰিৱেশক স্বাস্থ্যকৰ নহয় বুলি সমালোচনা কৰাৰ লগতে প্ৰতিযোগী মহিলাসকলৰ সুৰক্ষাক লৈও উদ্বেগ প্ৰকাশ কৰে।
ইয়াৰ উপৰি ৰাষ্ট্ৰীয় সাজ-পোছাক প্ৰতিযোগিতাত মিছ ইজৰাইল ডেনিয়েল ইয়াবলংকাক লৈও বিতৰ্কৰ সৃষ্টি হয়। তেওঁ জেৰুজালেমৰ পুৰণি চহৰখনৰ আৰ্হিত প্ৰস্তুত কৰা সোণালী ৰঙৰ সাজ-পোছাক পৰিধান কৰি ৰেম্পত অৱতীৰ্ণ হৈছিল। সাজ-পোছাকটোত ইংৰাজী, আৰবী আৰু হিব্ৰু ভাষাত ‘শান্তি’ শব্দটো লিখা আছিল।
কিন্তু ইজৰাইল-ফিলিস্তিনৰ চলি থকা সংঘাতৰ মাজতে শান্তিৰ বাৰ্তা দাঙি ধৰা এই সাজ-পোছাকক লৈ দৰ্শকৰ একাংশই অসন্তুষ্টি প্ৰকাশ কৰে। প্ৰতিযোগিতাৰ সময়ত একাংশ দৰ্শকে তেওঁক লক্ষ্য কৰি বিদ্ৰূপসূচক ধ্বনি দিয়াৰ লগতে সামাজিক মাধ্যমতো সাজ-পোছাকটোক লৈ সমালোচনাৰ সৃষ্টি হয়।
পৰ্টো ৰিক’ৰ ছান হোৱান চহৰৰ জোছে মিগুৱেল আগ্ৰেলট কলিজিয়ামত অনুষ্ঠিত হয় মিছ ইউনিভাৰ্ছ ২০২৬ৰ চূড়ান্ত প্ৰতিযোগিতা। আনহাতে, প্ৰতিযোগিতাৰ ৭৬ সংখ্যক সংস্কৰণ ২০২৭ চনত ভিয়েটনামত অনুষ্ঠিত হ’ব।
