ভয়াৱহভাৱে প্ৰদূষিত হৈছে ৰাজধানী দিল্লী

ভয়াৱহভাৱে প্ৰদূষিত হৈছে ৰাজধানী দিল্লী। দিল্লীৰ বায়ুমান সূচাংক ক্ৰমশঃ বৃদ্ধি পাইছে। দিনক দিনে অৱনতি ঘটিছে দিল্লীৰ জলবায়ু। দেওবাৰলৈকে প্ৰদূষণৰ মাত্ৰা ‘অতি নিম্ন’ হৈ থকাৰ আশংকা। আনন্দ বিহাৰ অঞ্চলত AQI হৈছেগৈ ৩৩৪। প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবলৈ দিল্লী চৰকাৰে লৈছে বিশেষ ব্যৱস্থা। ঠায়ে ঠায়ে বায়ুমণ্ডলত পানী সিঁচাৰ ব্যৱস্থা গ্ৰহণ। সৰ্বাধিক প্ৰদূষিত অঞ্চল হিচাপে চিহ্নিত আনন্দ বিহাৰ, অক্ষৰ ধাম।

আনফালে দিল্লীত বৃদ্ধি পোৱা প্ৰদূষণৰ প্ৰভাৱ পৰিছে নৈ–উপ নৈসমূহত। ভয়াৱহভাৱে প্ৰদূষণৰ মাত্ৰা বাঢ়িছে যমুনা নৈত। কালিন্দিকুঞ্জত যমুনা নৈত উৎপত্তি হৈছে বিষাক্ত ফেন। শনিবাৰৰ পৰা বিষাক্ত ফেনে ছানি ধৰিছে নৈখন। যমুনা নৈৰ পানী ক্ৰমান্বয়ে ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। এনে প্ৰেক্ষাপটত জলচৰ প্ৰাণীৰ প্ৰতিও আহিছে ভাবুকি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...