দেৱদাস চৰিত্ৰটো ৰূপায়ণ কৰিবলৈ সুৰাৰ আশ্ৰয় লৈছিল শ্বাহৰুখ খানে!

ৰোমাঞ্চ, হাঁহি, কান্দোন, খং, দুখ, শোক সকলো উজাই আহে শ্বাহৰুখৰ ছবিত৷ ২০০২ চনত সঞ্জয় লীলা ভাঞ্চালীৰ ব্লকবাষ্টাৰ ছবি দেৱদাসত এজন সুৰাপায়ীৰ চৰিত্ৰত অভিনয় কৰিছিল শ্বাহৰুখ খানে। দেৱদাস চৰিত্ৰতো ৰূপায়ণ কৰিবলৈ সুৰাৰ আশ্ৰয় লৈছিল বাদশ্বাহে। শেহতীয়াকৈ লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱত এই কথা প্ৰকাশ কৰিছে অভিনেতাজনে। অৱশ্যে এই কামে পেছাদাৰীভাৱে সহায় কৰিছিল শ্বাহৰুখ খানক। কিয়নো দেৱদাস মুক্তিৰ পিছৰ বছৰত শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰিছিল শ্বাহৰুখে। লোকাৰ্ণো চলচ্চিত্ৰ মহোৎসৱৰ এটি সাক্ষাতকাৰত পিতৃ-মাতৃক সুঁৱৰি আৱেগিক হৈ পৰিছিল শ্বাহৰুখ খান।

শ্বাহৰুখে বলীউডত খোজ দিয়াৰ পূৰ্বেই মৃত্যু হৈছিল তেওঁৰ পিতৃ-মাতৃৰ। মাক-দেউতাক জীয়াই থাকোঁতেই ভাল ছবি এখন কৰাৰ হেঁপাহ আছিল শ্বাহৰুখৰয। চিনেমাত অভিনয় কৰোঁতে পিতৃ মিৰ তাজ মহম্মদ খান আৰু মাতৃ লতিফ ফাতিমাক প্ৰায়ে মনত পেলায় শ্বাহৰুখে। শ্বাহৰুখৰ বিশ্বাস মাক-দেউতাকে স্বৰ্গৰ পৰাই চাই আছে তেওঁৰ ছবিবোৰ পিতৃ-মাতৃয়ে দেৱদাস ভাল পাইছে বুলি বিশ্বাস শ্বাহৰুখৰ। ১৯৮১ চনতে মৃত্যু হৈছিল শ্বাহৰুখ খানৰ পিতৃৰ। ১৯৯০ চনত মাতৃকো হেৰুৱাইছিল শ্বাহৰুখে। ১৯৮৯ত টিভি ধাৰাবাহিক ফৌজীৰ জৰিয়তে অভিনয় যাত্ৰা আৰম্ভ কৰিছিল শ্বাহৰুখ খানে।

১৯৯২ত মুক্তিলাভ কৰিছিল কিং খানৰ প্ৰথম ছবি ‘দিৱানা’। ‘দিৱানা’ৰ বাবে শ্বাহৰুখে লাভ কৰিছিল শ্ৰেষ্ঠ অভিনেতাৰ বঁটা। তাৰ পাছত আৰু থমকি ৰোৱা নাই শ্বাহৰুখ খান। তিনিটা দশকজুৰি অভিনয় কৰি গৈছে ইখনৰ পাছত আনখন জনপ্ৰিয় চিনেমাত। ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে বিগত বছৰত দৰ্শকক তিনিখন হিট ছবি উপহাৰ দিছিল শ্বাহৰুখ খানে। ২০২৩ত পাথান জাৱান আৰু ডাংকিয়ে জোৱাৰ তুলিছিল ব্ৰক্স অফিচত। আগন্তুক সময়তে কিং নামৰ আন এখন ছবিত দেখা যাব বলিউড বাদশ্বাহক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...