ছলমান খানৰ জীৱন দাম নিৰ্ধাৰণ কৰিলে গেংষ্টাৰ বিষ্ণয়ে

‘যদি জীয়াই থাকিব খুজিছা ৫ কোটি দিয়া, নহ’লে বাবা ছিদ্দিকিৰ দৰে পৰিণতিৰ বাবে অপেক্ষা কৰা।’ ছলমান খানৰ জীৱন দাম নিৰ্ধাৰণ কৰিলে গেংষ্টাৰ বিষ্ণয়ে। এটা মেচেজক লৈ তোলপাৰ লাগিছে দেশ। কম্পমান বলীউড। কি আছে এই মেছেজত?

‘বিষয়টোক লঘূ বুলি নল’ব। যদি ছলমান খানৰ জীৱন বচাব বিচাৰিছে আৰু বিষ্ণয়ৰ লগত শত্ৰুতাৰ অন্ত পেলাব খুলিছে তেন্তে ৫ কোটি দিব লাগিব। নহ’লে ছলমানৰ পৰিণতি বাবা ছিদ্দিকিতকৈও বেযা হ’ব।’

এই মেচেজ লাভৰ পিছতে মুম্বাই আৰক্ষীত হাহাকাৰ লাগিছে। লগে লগে ছলমান খানৰ বাসগৃহ গেলেক্সিৰ বাহিৰে ভিতৰে বৃদ্ধি কৰা হৈছে নিৰাপত্তাৰক্ষী। আশ্চৰ্যজনক কথাটো হ’ল স্বয়ং মুম্বাই আৰক্ষীলৈকে প্ৰেৰণ কৰা হৈছে এই মেছেজ।

বৃহস্পতিবাৰে ওৰলি আৰক্ষীলৈ দুপৰীয়া ভাগতে আহে সকীয়নি ভৰা মেচেজটো। ভাৰতৰে কোড ব্যৱহাৰ কৰা ফোনৰ পৰা আহে এই মেচেজ। ভাইজানৰ জীৱনৰ বিনিময়ত দিব লাগিব ৫ কোটি টকা।

ইমান মুকলিকৈ আৰক্ষীকে প্ৰত্যাহ্বান জনাই বিষ্ণয় গেঙে ছলমান খানক ভাবুকি দিয়াটোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। প্ৰায় সকলো নিশ্চিত হৈছে গেংষ্টাৰ বিষ্ণয়ে লক্ষ্য স্থিৰ কৰি লৈছে।

ইতিমধ্যে বাবা ছিদ্দিকিৰ হত্যা কৰি বিষ্ণয় গেঙে স্পষ্ট কৰি দিছে কৃষ্ণষাড় পহু হত্যা কৰা বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ ঘনিষ্ঠ যিকোনো লোককে টাৰ্গেটত ল’ব পাৰে বিষ্ণয় গেঙে। যোৱা এপ্ৰিলত ছলমান খানৰ হত্যাৰ পৰিকল্পনা সন্দৰ্ভত মুম্বাই আৰক্ষীৰ চাৰ্জশ্বীটতে প্ৰকাশ পাইছে বিস্ফোৰক তথ্য

ছলমন খানক হত্যাৰ বাবে দিয়া হৈছিল ২৫ লাখ টকাৰ ছুপাৰি। AK 47, AK 92, M 16 অনা হৈছিল পাকিস্তানৰ পৰা। ২০২৩ ৰ আগষ্টৰ পৰা ৬০–৭০ জনীয়া দলে নজৰ ৰাখিছিল ছলমনৰ ওপৰত। ২০২৪ ৰ এপ্ৰিলৰ ভিতৰতে ‘ভাইজান’ক হত্যাৰ ব্লুপ্ৰিণ্ট ৰচা হৈছিল।

ছলমান খানৰ পানভেলেৰ ফাৰ্ম হাউচৰ কাষতে হত্যাৰ পৰিকল্পনা কৰা হৈছিল বুলি ছাৰ্জশ্বিটত উল্লেখ কৰা হয়। পাঁচজন ১৮ বছৰৰ তলৰ প্ৰফেশ্যনেন কিলাৰকো ব্যৱহাৰ কৰা হৈছিল। এই প্ৰফেশ্যনেল কিলাৰ পুণে, ৰায়গড়, নভি মুম্বাই, থানে, গুজৰাটত আত্মগোপন কৰি থকা বুলিও উল্লেখ কৰা হৈছে। ছলমানক হত্যাৰ বাবে পাঞ্জাবী গায়ক সিদ্ধু মোছেৱালাৰ হত্যাত ব্যৱহৃত তুৰস্কৰ জিগানা বন্দুকো সংগ্ৰহ কৰিছিল বিষ্ণয় গেঙে। আৰক্ষীয়ে এনে তথ্য লাভ কৰি ছাৰ্জশ্বীট দাখিল কৰাৰ সময়তে বিষ্ণয় গেঙৰ পৰা আহিল ৫ কোটিৰ দাবীৰে এটা মেছেজ। গতিকে তোলপাৰ লাগিছে সৰ্বত্ৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...