পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত

কাৰ লগত কেতিয়া কি হৈ যায়, কাৰ জীৱনে কেতিয়া কি ৰূপ লয় কোনে জানে! ৰাজ্যত পুনৰ সংঘটিত হৈছে এক শোকাৱহ ঘটনা। নদীৰ পাৰৰ প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ গৈছিল পিতা-পুত্ৰ। কিন্তু তাৰ মাজতে ঘটি গ’ল অঘটন। নদীত পিছলি পৰিল পুত্ৰ। পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত। ভালুকপুঙৰ জীয়াভৰলীত পিতা-পুত্ৰৰ সৈতে ঘটিল কোনেও কাহানিও কল্পনা নকৰা এক ঘটনা।

ভালুকপুঙৰ জীয়াভৰলীত সন্ধানহীন পিতা-পুত্ৰ। নৈত গা ধুবলৈ গৈ সন্ধানহীন হয় দুয়ো। নদীৰ বুকুত সন্ধানহীন বায়ুসেনাৰ কৰ্মচাৰী বাপী ঘোষ, পুত্ৰ ঋত্বিক ঘোষ। জানিব পৰা মতে, বৃহস্পতিবাৰে ১৪ বছৰীয়া পুত্ৰক লৈ ভালুকপুঙলৈ গৈছিল বাপী ঘোষ। পিছে নৈত গা ধুবলৈ নমাৰ সময়তে পিছলি পৰিছিল পুত্ৰ। পৰৱৰ্তী সময়ত পুত্ৰক উদ্ধাৰৰ বাবে আগবাঢ়ি গৈছিল বাপী ঘোষ। কিন্তু পিতৃও হেৰাই যায় নৈৰ সোঁতত। বৰ্তমানলৈকে কোনো সন্ধান নাই পিতা-পুত্ৰৰ। দুয়োকে বিচাৰি শুকুৰবাৰেও অভিযান অব্যাহত ৰাখিছে বায়ুসেনা, NDRFএ। উল্লেখ্য যে বাপী ঘোষ তেজপুৰ শালনিবাৰীস্থিত বায়ুসেনাৰ কৰ্মচাৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...