অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী। দৈনিক সংবাদ শিৰোনাম দখল কৰিছে ইটোৰ পিছত সিটো অপৰাধজনিত ঘটনাই। তাৰ মাজতে এইবাৰ গুৱাহাটীত সংঘটিত আন এক আচৰিত ঘটনা। চুৰি কৰিবলৈ মহিলাৰ পৰিধান কৰিলে চোৰে। লক্ষ্মী পূজাৰ নিশা মহানগৰীত সংঘটিত হৈছে এই চুৰিৰ ঘটনা। সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্য বন্দী হয় CCTVত। এই ঘটনা সংঘটিত হৈছে মহানগৰীৰ বশিষ্ঠত। উল্লেখ্য যে অঞ্চলটোত একাংশ চোৰে এইদৰে প্ৰায়ে সংঘটিত কৰি আহিছে চুৰিকাণ্ড। নিশা বশিষ্ঠৰ স্বৰ্গপুৰৰ দ্বীপ কলিতা নামৰ লোকজনৰ স্কুটি চুৰি কৰি নিয়ে মহিলাৰূপী চোৰটোৱে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মাওবাদী নেতা বাসৱৰাজু কোন আছিল?

দশকৰ পিছত দশক ধৰি মাওবাদীৰ বিৰুদ্ধে সম্ভৱতঃ সবাতোকৈ সফল...

পলকতে জানি লওক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ

দেৰগাঁৱত আজি অনুষ্ঠিত হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। ৰাজ্যিক...

আহি আছে ভাৰতৰ ৰবটিক জোৱান

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO)ৰ ৰিছাৰ্চ এণ্ড ডেভেলপমেণ্ট...