অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত বৃহস্পতিবাৰে জেৰা চলোৱা হয় তামান্নাক। EDৰ কাৰ্যালয়ত অনলাইন গেমিং সন্দৰ্ভত জেৰা চলাইছিল তামান্নাক। মহাদেৱ বেটিং এপৰ প্ৰমোচন সন্দৰ্ভত জেৰা অভিনেত্ৰীগৰাকীক। দিনৰ ১.২৫ বজাত EDৰ গুৱাহাটীৰ খ্ৰীষ্টানবস্তি কাৰ্যালয়ত হৈছিল উপস্থিত। পূৰ্বতে মহাৰাষ্ট্ৰত EDয়ে কেইবাৰো চমন দিছিল তামান্নাক। নিশা প্ৰায় ৯ বজাত যাবলৈ দিয়া হ’ল বলীউডৰ অভিনেত্ৰীগৰাকীক। নিশাটো গুৱাহাটীতে কটালে তামান্নাই। মাতৃৰ সৈতে গুৱাহাটীলৈ আহিছিল তামান্না ভাটিয়া। জেৰাৰ অন্তত EDৰ কাৰ্যালয়ত দেখা গ’ল বিপৰীত দৃশ্য। একাংশই তামান্নাৰ সৈতে ছেলফী উঠিবলৈ লগালে হেতাওপৰা। মহাদেৱ বেটিং এপ কাণ্ডত নাম সাঙুৰ খাইছিল সঞ্জয় দত্ত, ৰেপাৰ বাদশ্বাহৰো নাম। অভিনেতা ছাহিল খানকো একেটা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। মহাদেৱ বেটিং এপৰ জৰিয়তে ১৫ হাজাৰ কোটিৰ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰতিবাদত অংশ লৈ বিপদত অভিনেতা ইমৰান খান! ২৮ অক্টোবৰৰ ভিতৰত ভাৰত এৰাৰ জাননী মুম্বাই আৰক্ষীৰ

বলিউডৰ অভিনেতা তথা ছুপাৰষ্টাৰ আমিৰ খানৰ ভতিজা ইমৰান খানলৈ...