অস্কাৰৰ দৌৰত ভাৰতৰ ‘ৰামায়ণ’, শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছৰ শীৰ্ষ ২০খন ছবিৰ তালিকাত স্থান

ভাৰতীয় চলচ্চিত্ৰ জগতলৈ আন এক সুখবৰ কঢ়িয়াই আনিছে নীতেশ তিৱাৰীৰ পৰিচালিত ছবি ‘ৰামায়ণ পাৰ্ট ৱান’-এ। ২০২৭ চনৰ অস্কাৰৰ শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছ শাখাৰ বাবে বিবেচিত শীৰ্ষ ২০খন ছবিৰ তালিকাত স্থান লাভ কৰিছে ছবিখনে। ইয়াৰ লগে লগে হলীউডৰ কেইবাখনো বৃহৎ বাজেটৰ ছবিৰ সৈতে প্ৰতিদ্বন্দ্বিতাত নামিছে ভাৰতৰ সৰ্বাধিক ব্যয়বহুল ছবি হিচাপে চৰ্চিত ‘ৰামায়ণ’।

‘Variety’ৰ প্ৰতিবেদন অনুসৰি, ‘ৰামায়ণ’ৰ সৈতে অস্কাৰৰ এই শাখাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ‘Dune: Part Three’, ‘Avengers: Doomsday’, ‘The Odyssey’, ‘Project Hail Mary’, ‘Spider-Man: Brand New Day’ আৰু ‘Disclosure Day’ৰ দৰে ছবিয়ে। ইয়াৰ উপৰি জাপানৰ বহুচৰ্চিত ছবি ‘Godzilla: Minus Zero’ও এই তালিকাত স্থান লাভ কৰিছে।

প্ৰায় ১,৬০০ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা ছবিখনৰ উন্নত ভিজুৱেল ইফেক্টছ আৰু কম্পিউটাৰ জেনেৰেটেড ইমেজাৰী (CGI)ক লৈ ইতিমধ্যে ব্যাপক চৰ্চা হৈছে। ভাৰতীয় ছবিৰ ভিজুৱেল ইফেক্টছৰ ক্ষেত্ৰত এক উল্লেখযোগ্য সংযোজন হিচাপে বিবেচিত হৈছে ছবিখন।

ছবিখনৰ ভিজুৱেল ইফেক্টছৰ কাম কৰিছে আঠবাৰ অস্কাৰ বিজয়ী প্ৰখ্যাত ষ্টুডিঅ’ DNEG-এ। ইয়াৰ পূৰ্বে ‘Dune’ আৰু ‘Interstellar’ৰ দৰে বিশ্ববিখ্যাত ছবিতো এই ষ্টুডিঅ’টোৱে ভিজুৱেল ইফেক্টছৰ কাম কৰিছিল।

আনহাতে, ‘Godzilla: Minus Zero’ ছবিখনো এইবাৰৰ অস্কাৰৰ অন্যতম চৰ্চিত প্ৰতিদ্বন্দ্বী। ইয়াৰ পূৰ্বৰ ছবি ‘Godzilla Minus One’-এ ২০২৫ চনত শ্ৰেষ্ঠ ভিজুৱেল ইফেক্টছৰ অস্কাৰ লাভ কৰিছিল।

Sony Picturesৰ জৰিয়তে বিশ্বজুৰি মুক্তি লাভ কৰা ‘ৰামায়ণ’ ছবিখনে আন্তঃৰাষ্ট্ৰীয় বজাৰতো ভাল প্ৰদৰ্শন কৰিছে। অস্কাৰৰ চৰ্চাৰ সমান্তৰালভাৱে অহা বছৰৰ Critics Choice Awardsৰ দুটা শাখাতো চৰ্টলিষ্টত স্থান লাভ কৰিছে ছবিখনে। শাখা দুটা হৈছে Best Visual Effects আৰু Best Stunt Design। সোমবাৰে Critics Choice Association-এ এই চৰ্টলিষ্ট ঘোষণা কৰে।

উল্লেখ্য যে, নীতেশ তিৱাৰীৰ পৰিচালনাত আৰু নমিত মালহোত্ৰা তথা য়াছৰ প্ৰযোজনাত নিৰ্মিত ‘ৰামায়ণ’ মহৰ্ষি বাল্মীকিৰ মহাকাব্যৰ আধাৰত নিৰ্মাণ কৰা হৈছে। দুটা খণ্ডত নিৰ্মাণ কৰা ছবিখনৰ প্ৰথমটো খণ্ডত ভগৱান ৰামৰ চৰিত্ৰত ৰণবীৰ কাপুৰ, সীতাৰ চৰিত্ৰত ছাই পল্লৱী আৰু ৰাৱণৰ চৰিত্ৰত য়াছক দেখা গৈছে। ছবিখনত আন বহু বিশিষ্ট অভিনেতা-অভিনেত্ৰীয়েও অভিনয় কৰিছে।

ভাৰতত ছবিখনে মুক্তিৰ পিছতে ব্যাপক ইতিবাচক সঁহাৰি লাভ কৰাৰ বিপৰীতে বিদেশত মিশ্ৰিত প্ৰতিক্ৰিয়া লাভ কৰিছে। আন্তঃৰাষ্ট্ৰীয় বজাৰত ছবিখন ‘Ramayana: Rise of a Legend’ নামেৰে প্ৰায় ৩০ মিনিট চুটি সংস্কৰণত মুক্তি দিয়া হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি, মুক্তিৰ ২০ দিনৰ ভিতৰতে ছবিখনে বিশ্বজুৰি ১,৭৩৫ কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰে ৬৫ মিলিয়ন মাৰ্কিন ডলাৰ আহিছে বিদেশৰ বজাৰৰ পৰা।

অস্কাৰৰ শীৰ্ষ ২০খন ছবিৰ তালিকাত স্থান লাভ কৰাটো ‘ৰামায়ণ’ৰ বাবে এক উল্লেখযোগ্য সাফল্য হিচাপে বিবেচিত হৈছে। অৱশ্যে চূড়ান্ত মনোনয়ন আৰু বঁটা লাভৰ বাবে ছবিখনে এতিয়াও পৰৱৰ্তী পৰ্যায় অতিক্ৰম কৰিব লাগিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৫ বছৰত ভৰি দিলে চীন-পাকিস্তানৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কই; প্ৰতিৰক্ষা, বাণিজ্যৰ পৰা মহাকাশলৈকে বিস্তৃত দুই দেশৰ কৌশলগত সহযোগিতা

প্ৰতিৰক্ষা, বাণিজ্য, আন্তঃগাঁথনি আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত দীৰ্ঘদিনীয়া সহযোগিতাৰে চীন...

বৰপেটা জিলাৰ বাঘবৰত মৰাপাটভৰ্তি ট্ৰাকৰ পৰা ধন দাবী দুৰ্বৃত্তৰ, দুজনক আটক আৰক্ষীৰ

বৰপেটা জিলাৰ বাঘবৰৰ মন্দিয়াত মৰাপাট কঢ়িয়াই নিয়া এখন ট্ৰাকক...