বাছ আৰু টেম্প’ৰ সংঘৰ্ষ, প্ৰাণ হেৰুৱালে ১২ জনকৈ লোকে

ৰাজস্থানৰ ঢোলপুৰ অঞ্চলত ভয়াৱহ পথ দুৰ্ঘটনা। ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ঘটনাত মৃত্যু ১২ জন লোকৰ। এখন যাত্ৰীবাহী বাছ আৰু টেম্প’ৰ সংঘৰ্ষত এই অঘটন। নিহতৰ ভিতৰত আছে ৮টিকৈ শিশু। ৰাষ্ট্ৰীয় ঘাইপথ ১১-বিত সুনিপুৰৰ সমীপত এই দুৰ্ঘটনা। টেম্প’ আৰোহীয়ে বিয়াৰ কাৰ্যসূচীৰ পৰা উভতি আহিছিল। শ্লিপাৰ কোচ বাছখনে খুন্দা মাৰে টেম্প’ত। ঘটনাৰ তথ্য লাভৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় নিকটতম থানাৰ আৰক্ষী।
নিহত সকলোৰ মৃতদেহ বাৰী চিকিৎসালয়ৰ মৰ্গলৈ স্থানান্তৰ। বাছ আৰু টেম্প’ক জিম্মাত লৈছে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত অধিক তদন্ত অব্যাহত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...