বিপদত জনজীৱন…ভয়াৱহ প্ৰদূষণৰ কৱলত পৰিছে ৰাজধানী দিল্লী

বিপদত জনজীৱন…ভয়াৱহ প্ৰদূষণৰ কৱলত পৰিছে ৰাজধানী দিল্লী। ক্ৰমশঃ বৃদ্ধি পাইছে দিল্লীৰ বায়ুমান সূচাংক। শনিবাৰে দিল্লীৰ আনন্দ বিহাৰ অঞ্চলত AQI হয়গৈ ৩৩৪। সৰ্বাধিক প্ৰদূষিত অঞ্চল হিচাপে চিহ্নিত আনন্দ বিহাৰ, অক্ষৰ ধাম। প্ৰদূষণৰ মাত্ৰা হ্ৰাস কৰিবলৈ দিল্লী চৰকাৰে লৈছে বিশেষ ব্যৱস্থা। প্ৰদূষণ ৰোধ কৰিবলৈ ঠায়ে ঠায়ে পানী সিঁচিছে দিল্লী চৰকাৰে। আনফালে দিল্লীৰ ভয়াৱহ প্ৰদূষণৰ প্ৰভাৱ পৰিছে নৈ-উপনৈসমূহত।

এটা বিশেষ দৃশ্য। যেন শুকুলা মেঘে আৱৰি ধৰিছে চৌপাশ। মেঘ ভাঙি ভাঙি আগুৱাইছে মানুহ। কিন্তু এয়া মেঘ নহয়। মেঘৰ দৰে লাগিলেও এয়া নদী ভৰি পৰা বিষাক্ত ফেন।

এই দৃশ্য দিল্লীৰ যমুনা নৈৰ। দিল্লীৰ ভয়াৱহ প্ৰদূষণৰ প্ৰভাৱত যমুনা নৈয়ে লৈছে এই ৰূপ। দিল্লীৰ কালিন্দীকুঞ্জত দেখা গৈছে এই দৃশ্য। ষঠ পূজাৰ পূৰ্বে যমুনাৰ এই ৰূপে উদ্বিগ্ন কৰিছে দিল্লীবাসীক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...