আজি জুবিন গাৰ্গৰ ওপজা দিন। বিশেষ দিনটোতো সামাজিক কামতে ব্যস্ত থাকিব প্ৰাণৰ শিল্পীজন! কেক কাটি সাংবাদিকৰ আগত ক’লে এখন বিশেষ ছবিৰ কথা।

আজি জুবিন গাৰ্গৰ ওপজা দিন। ৫৩ বছৰত ভৰি দিলে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে। নিশা কেক কাটি জন্মদিন উদযাপন কৰিলে জুবিন গাৰ্গে। জোনালীস্থিত ষ্টুডিঅ’ত নিশাই ভিৰ কৰিলেহি শিল্পীজনৰ অজস্ৰ অনুৰাগীয়ে। হাতে হাতে কেক লৈ আহিল অনুৰাগীসকল। জুবিন গাৰ্গে কাটিলে অনুৰাগীয়ে অনা কেক। জুবিন গাৰ্গে কেক কটাৰ পাছতেই আনন্দত আত্মহাৰা হৈ পৰে অনুৰাগী। সকলোকে ধন্যবাদ জ্ঞাপন কৰে জুবিন গাৰ্গে।

কেক কটাৰ পিছতেই সাংবাদিকৰ সন্মুখত জুবিন গাৰ্গৰ মন্তব্য, ‘জন্মদিন উপলক্ষে বিশেষ কাৰ্যসূচী নাই। মই সদায় সামাজিক কামতে ব্যস্ত থাকো। বিশেষ দিনটোতো সামাজিক কামতে ব্যস্ত থাকিম।’ জন্মদিনত ৰৈ ৰৈ বিনালে ছবিখনৰ আনুষ্ঠানিক ঘোষণা কৰিব জুবিনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...