জুবিন গাৰ্গক ওপজা দিনৰ শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে লিখিলে এনেদৰে

আজি জুবিন গাৰ্গৰ ওপজা দিন।। ৫৩ বছৰত ভৰি দিলে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে। নিশা কেক কাটি জন্মদিন উদযাপন কৰিলে শিল্পীজনে। জোনালীস্থিত ষ্টুডিঅ’ত অজস্ৰ অনুৰাগীৰ ভিৰ। হাতে হাতে কেক লৈ আহিল অনুৰাগীসকল। জুবিন গাৰ্গে কাটিলে অনুৰাগীয়ে অনা কেক্। জুবিন গাৰ্গে কেক কটাৰ পাছতেই আনন্দত আত্মহাৰা হৈ পৰে অনুৰাগী। শেহতীয়াকৈ এই বিশেষ দিনটোত প্ৰিয় শিল্পীজনক মুখ্যমন্ত্ৰীয়েও জনাইছে শুভেচ্ছা।

জুবিন গাৰ্গক শুভেচ্ছা জনাই মুখ্যমন্ত্ৰীয়ে লিখিছে এনেদৰে, শুভ জন্মদিন জুবিন গাৰ্গ। যোৱা তিনিটা দশক ধৰি সংগীতৰ যাদুৰে প্ৰতি অসমীয়াৰ মন-গহনত নিজস্ব স্থান লোৱা আমাৰ আদৰৰ জুবিন গাৰ্গৰ আজি ওপজা দিনটোত তেখেতলৈ অফুৰন্ত শুভকামনা জনালোঁ৷ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰতিজনকে মোহাচ্ছন্ন কৰি ৰখা জুবিন গাৰ্গ নামৰ যাদুকৰী কণ্ঠৰ গৰাকীজন যুগ যুগলৈ অসমীয়াৰ হিয়াৰ আমঠু হৈ থাকক সেয়াও আজিৰ শুভ দিনটোত মনে-প্ৰাণে কামনা কৰিলোঁ৷ মা কামাখ্যা আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আশিসে তেখেতৰ শিৰত শত-সহস্ৰ আশিস প্ৰদান কৰক, জনতাৰ মৰমৰ সংগীতজ্ঞগৰাকী কুশলে থাকক তাৰ বাবে ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনালোঁ৷’

‘Heartiest wishes to Assam’s heartthrob and ace singer Zubeen Garg on his birthday. He has enthralled audiences with his melodious voice and has taken many steps to popularise Assamese cinema. Prayers to Maa Kamakhya and Srimanta Sankardev for his long and healthy life.’

Popular

More like this
Related

মিছা প্ৰমাণিত হ’ল বিগ-বিৰ পুত্ৰ-বোৱাৰীৰ বিবাহ-বিচ্ছেদৰ খবৰ

সকলো উৰাবাতৰিৰ মাজতে একেলগে দেখা গ’ল বলিউডৰ জনপ্ৰিয় দম্পতি...

BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবে সুখবৰ। BCCIৰ সচিব পদত দেৱজিৎ শইকীয়া।...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক হত্যাৰ ভাবুকি। মুম্বাই আৰক্ষীয়ে হোৱাটছএপ যোগে...

নিয়ৰসনা ডিচেম্বৰতো নাই গ্ৰীটিংছ কাৰ্ডৰ আকুলতা

চাওতে চাওতে আকৌ অতীত হ'ব এটা বছৰ। পুৰণিৰ স্মৃতি...