৭০ দশকৰ ভূপেন হাজৰিকাৰ জনপ্ৰিয় গীত ‘অটোৰিক্সা চলাও আমি দুয়ো ভাই’ৰ ভিডিঅ’ মুক্তি

সত্তৰ দশকত সুধাকণ্ঠ ড॰ ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত ‘অটোৰিক্সা চলাও আমি দুয়ো ভাই’ শীৰ্ষক গীতটো অতি জনপ্ৰিয় হৈছিল৷ আজিও গীতটো সকলো প্ৰজন্মৰ শ্ৰোতাৰ মাজত জনপ্ৰিয়তা অক্ষুণ্ণ আছে৷ এইচ এম ভিৰ লং প্লেয়িঙ ৰেকৰ্ডযোগে প্ৰস্তুত কৰা গীতটোত কণ্ঠ নিগৰাইছিল ভূপেন হাজৰিকাৰ সৈতে তেওঁৰ ভাতৃ জয়ন্ত হাজৰিকাদেৱে৷ খুব সম্ভৱত এইটোৱে আছিল দুই ভাতৃ কণ্ঠশিল্পীয়ে দ্বৈত কণ্ঠ নিগৰোৱা সৰ্বাধিক জনপ্ৰিয় গীত৷ সুখবৰ যে এই অতি জনপ্ৰিয় গীতটি নতুন প্ৰজন্মৰ এগৰাকী উদীয়মান মিউজিক ভিডিঅ’ পৰিচালক অশোক বৰাই দৃশ্য-শ্ৰাব্য মাধ্যমত সুন্দৰকৈ পৰিচালনা কৰি উলিয়াইছে৷ ভূপেন হাজৰিকাৰ সংগীতৰ গুণমুগ্ধ এগৰাকী ব্যক্তি প্ৰণৱজ্যোতি নেওগৰ প্ৰযোজনা আৰু পৰিকল্পনাৰে গীতটি নিৰ্মিত হৈছে৷ গীতটিৰ অডিঅ’ ৰেকৰ্ডিং আগতে বিশিষ্ট সংগীতজ্ঞ ৰূপম তালুকদাৰৰ সংগীত পৰিচালনাত নতুনকৈ প্ৰস্তুত কৰা হৈছে৷ গীতটিৰ নব্য সংস্কৰণত কণ্ঠ নিগৰাইছে অগতানুগতিক গায়নশৈলীৰে ছ’চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয়তা লাভ কৰা উদীয়মান কণ্ঠশিল্পী খনিন্দ্ৰ হাজৰিকাই৷ লগত সহযোগ কৰিছে মেঘদীপে৷ গীতটিৰ ভিডিঅ’ সংস্কৰণ সুধাকণ্ঠ ভূপেন হাজৰিকাৰ দ্বাদশ মৃত্যুবাৰ্ষিকীলৈ শ্ৰদ্ধাঞ্জলি জনাই যোৱা ৫ নৱেম্বৰত গুৱাহাটী প্ৰেছ ক্লাবত আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ গীতটি মুকলি কৰা সভাত উপস্থিত থাকে বিশিষ্ট লেখিকা-সাহিত্যিক লীনা শৰ্মা, অসম চৰকাৰৰ পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া আৰু কণ্ঠশিল্পী ড॰ মৌচুমী চহৰীয়া¸৷ ‘ডিগ্‌নিটী অব্‌ লেবাৰ’ [Dignity of Labour] শীৰ্ষক ভিডিঅ’ৰ ক’ভাৰ ছঙৰূপে অভিহিত কৰা গীতটিৰ ভিডিঅ’ পৰিচালনা, শিল্পীসকলৰ অভিনয়, তৰুণ কণ্ঠশিল্পী দুগৰাকীৰ সুন্দৰ গায়কীত আপ্লুত হৈ পৰা বুলি গীতটিৰ উন্মোচক লীনা শৰ্মাই মন্তব্য কৰে৷ উন্মোচনী ভাষণত লীনা শৰ্মাই কয় যে অসমীয়া শিক্ষিত যুৱসমাজক সকলো শ্ৰেণীৰ কৰ্ম কৰিবলৈ, সকলো শ্ৰমকে মৰ্যাদা দিয়াত উদ্বুদ্ধ কৰিবলৈ এই গীতটি ভূপেন হাজৰিকাই ৰচনা কৰিছিল৷ হাজৰিকাই শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক তেওঁলোকৰ শৈক্ষিক সাফল্যৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ স্ব-নিযুক্তিৰ পথ বিচাৰিবলৈ অনুপ্ৰাণিত কৰিবলৈ চেষ্টা কৰিছিল৷ উল্লেখ্য ভূপেন হাজৰিকাৰ সংগীত পৰিচালনাত ভূপেন হাজৰিকাৰ সৈতে জয়ন্ত হাজৰিকাই কণ্ঠ নিগৰোৱা গীতটি অতি জনপ্ৰিয় হৈছিল৷ আস্থা ক্ৰিয়েশ্যনছৰ বেনাৰত নিৰ্মিত ভিডিঅ’ গীতটিত অভিনয় কৰিছে– অচিন্তৰাজ কাশ্যপ, ৰূপান্তৰ দাস, ৰুণুমী শইকীয়া, বৈদূৰ্য চাংমাই আৰু শিৱৰাজ দেৱনাথে৷ ভিডিঅ’গ্ৰাফী পৃথ্বীৰাজ দত্তৰ৷ ৰুপসজ্জা পিজুমণি শৰ্মাৰ৷ অনাগত দিনতো ভূপেন হাজৰিকাৰ কালজয়ী গীতবোৰ আজিৰ প্ৰজন্মৰ আকৰ্ষণীয়কৈ দৃশ্য-শ্ৰাব্য মাধ্যমত নতুনকৈ সৃষ্টি হওক৷ তৰুণ পৰিচালক সকললৈ এই আহ৩ান থাকিল৷ গানটো সম্প্ৰতি ‘Youtube’ত উপলব্ধ হৈছে৷

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

যদি আপোনাৰ গাড়ীৰ সঠিক ঠাইত FASTag লগোৱা নাই; তেন্তে আপোনাক ব্লেকলিষ্ট কৰিব পাৰে NHAIয়ে!

দেশৰ বিভিন্ন টোল প্লাজাত আজিকালি গাড়ীৰ দীঘলীয়া শাৰী পূৰ্বৰ...

ভাৰতৰ সৈতে এতিয়ালৈকে কোনো চুক্তি হোৱা নাই! ট্ৰাম্পে ‘বন্ধু’লৈও প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিছে শুল্ক পত্ৰ

ইউৰোপীয় ইউনিয়ন আমেৰিকাৰ অন্যতম প্ৰধান বাণিজ্যিক মিত্ৰ। আমেৰিকাৰ ৰাষ্ট্ৰপতি...

২৮,০০০ কিঃমিঃ বেগত পৃথিৱীত অৱতৰণ কৰিব সুভাংশুৰ কেপচুল!

আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ (আই এছ এছ)ৰ পৰা সোমবাৰে ভাৰতীয়...

‘পুটিনে কথা ভাল কয়, কিন্তু সন্ধিয়া হ’লে বোমা পেলায়’! পুটিনৰ ওপৰত ক্ষুব্ধ ট্ৰাম্পে ইউক্ৰেইনলৈ প্ৰেৰণ কৰিছে ‘দেশপ্ৰেমিক’

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ...