বক্ৰপথেৰে চাকৰি লোৱা বিষয়াৰ প্ৰতি মুখ্যমন্ত্ৰীৰ দৰদ

ধনৰ বিনিময়ত বক্ৰ পথেৰে অসম লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হৈ ৰাজপত্ৰিত চাকৰি লোৱা অভিযুক্ত বিষয়াৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উঠলি উঠা দৰদ দেখি গৰম হৈ পৰিছে বিৰোধী। মুখ্যমন্ত্ৰীয়ে মানৱতাৰ দোহাই দি অভিযুক্তক ৰেহাই দিব খোজাটো হাস্যকৰ বুলি মন্তব্য কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। অনিয়মেৰে চাকৰি লোৱা বিষয়াৰ প্ৰতি দৰদ দেখুওৱা মুখ্যমন্ত্ৰীয়ে অপ্ৰাদেশীকৃত শিক্ষকৰ প্ৰতি কেতিয়া মানৱতা দেখুৱাব বুলিও প্ৰশ্ন শইকীয়াৰ। বছৰ বছৰ ধৰি হাজাৰ হাজাৰ শিক্ষকে শিক্ষকতা কৰি অহাৰ পিছতো তেওঁলোকৰ বিদ্যালয়কেইখন প্ৰাদেশীকৰণ কৰাত গুৰুত্ব নাই চৰকাৰৰ। শিৱসাগৰত বিধায়ক অখিল গগৈৰ প্ৰশ্ন- হিমন্ত বিশ্ব শৰ্মাৰ দিনতহে কেনেকৈ জামিন পালে APSC কেলেংকাৰিৰ মূল খলনায়ক ৰাকেশ পালে? বিপৰীতে আকৌ দিল্লীত সংবাদমেল পাতি সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই মুখ্যমন্ত্ৰীৰ সুৰতে মিলালে নৰম সুৰ।

বক্ৰপথেৰে চাকৰি লোৱা বিষয়াৰ প্ৰতি মুখ্যমন্ত্ৰীৰ দৰদ
মুখ্যমন্ত্ৰীৰ সুৰতে সুৰ মিলালে পবিত্ৰ মাৰ্ঘেৰিটাই
ন্যায়িক আয়োগৰ পৰামৰ্শ অগ্ৰাহ্য মুখ্যমন্ত্ৰী-সাংসদৰ
অভিযুক্তৰ প্ৰতি নেতাৰ উঠলি উঠা দৰদ দেখি গৰম বিৰোধী
‘২ নম্বৰী বিষয়াৰ প্ৰতি মুখ্যমন্ত্ৰীৰ মানৱতা হাস্যকৰ’
‘অপ্ৰাদেশীকৃত শিক্ষকৰ প্ৰতি কেতিয়া দেখুৱাব মানৱতা?’

ন্যায়িক আয়োগক অগ্ৰাহ্য
APSCৰ ৰাজ্য কঁপোৱা কেলেংকাৰিক লৈ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ ন্যায়িক আয়োগক একপ্ৰকাৰ অগ্ৰাহ্য শাসক পক্ষৰ। দুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে মানৱতাৰ কথা কৈছিল। আজি পবিত্ৰ মাৰ্ঘেৰিটাই বুজাই দিলে।

প্ৰায় ডেৰ বছৰ পূৰ্বেই ২০১৩ বৰ্ষৰ APSC কেলংকাৰিৰ ন্যায়িক তদন্ত প্ৰতিবেদন দাখিল কৰিছিল বিপ্লৱ শৰ্মা আয়োগে। প্ৰতিবেদনৰ সৈতে চৰকাৰক এলানি পৰামৰ্শও দিছিল আয়োগে। আয়োগে কৈছিল- ২০১৩ত প্ৰতিটো APSCৰ প্ৰতিটো স্তৰতে হৈছিল অনিয়ম। এই অনিয়ম আৰু দুৰ্নীতি ইমানেই বিয়াগোম আৰু পদ্ধতিগত আছিল কেলেংকাৰিয়ে নোহোৱা কৰিছিল APSC পৰীক্ষাৰ পবিত্ৰতা। সেয়ে ২০১৩ৰ সমগ্ৰ পৰীক্ষাটোকেই বাতিলৰ পৰামৰ্শ দিছিল বিপ্লৱ শৰ্মা আয়োগে। কিন্তু তাকে নকৰি ইখনৰ পিছত সিখন কমিটি গঠনৰে ব্যৱস্থা গ্ৰহণৰ প্ৰক্ৰিয়াটো অলাগতীয়ালভাবে দীঘলীয়া কৰিছিল চৰকাৰে। মুখ্যমন্ত্ৰীৰ কথা শুনি হোৱা প্ৰতিক্ৰিয়াৰ পিছতে সোমবাৰে দিল্লীত মানৱীয়তাৰ প্ৰসংগ বুজালে সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই।

ইপিনে, শাসকপক্ষৰ এই নৰম স্থিতিত গৰম হৈ পৰা বিৰোধী এতিয়াও ক্ষান্ত হোৱা নাই। বিৰোধী দলপতি দেবব্ৰত শইকীয়াই ক’লে মুখ্যমন্ত্ৰীয়ে দিয়া মানৱীয়তাৰ এই দোহাই হাস্যকৰ। অপ্ৰাদেশীকৃত বিদ্যালয়ত বছৰ বছৰ ধৰি শিক্ষকতা কৰি থকা হাজাৰ হাজাৰ অপ্ৰাদেশীকৃত শিক্ষকক কেতিয়া মানৱীয় দৃষ্টিৰে চাব মুখ্যমন্ত্ৰীয়ে?

শিৱসাগৰৰ সংবাদমেলত বিধায়ক অখিল গগৈৰ অভিযোগ- কেলেংকাৰিত জড়িত বচাবলৈ উঠি-পৰি লাগিছে BJP চৰকাৰ। অখিলৰ প্ৰশ্ন, হিমন্ত চৰকাৰ অহাৰ পিছতে কেনেকৈ জামিন পালে ৰাকেশ পালে?

ৰাইজৰ জ্ঞাতাৰ্থে মনত পেলাই দিব খুজিছোঁ- ২০১৩ বৰ্ষৰ APSC কেলেংকাৰিৰ তদন্ত কৰি বিপ্লৱ শৰ্মা আয়োগে চৰকাৰক দাখিল কৰা প্ৰতিবেদনত আছিল ৩৪ দুৰ্নীতি পৰায়ণ বিষয়াৰ নাম। শেহতীয়াকৈ আয়োগে দাখিল কৰা ২০১৪ বৰ্ষৰ APSC কেলেংকাৰিৰ ন্যায়িক তদন্তৰ ২য় খন প্ৰতিবেদনত আছে ১৫ দুৰ্নীতি পৰায়ণ বিষয়াৰ নাম। চৰকাৰৰ গুৰুত্বপূৰ্ণ পদবীত কাৰ্যনিৰ্বাহ কৰি আছে এই ৪৯ বিষয়াই। বিভিন্ন সা-সুবিধা আৰু শকত অংকৰ দৰমহা দি চৰকাৰেই পুহি ৰাখিছে ধনৰ বিনিময়ত ৰাজপত্ৰিত বিষয়াৰ চাকৰি লোৱা এই ৪৯ বিষয়াই।

NKTV Digital
Author: NKTV Digital

38 COMMENTS

Popular

More like this
Related

আজিৰ পৰা নীতিন নবীন মোৰ বছ, মই তেওঁৰ কৰ্মী : প্ৰধানমন্ত্ৰী মোদী

ভাৰতীয় জনতা পাৰ্টিৰ নতুন সভাপতি নীতিন নবীন। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ...

কি বিপদত পৰিল আবুধাবি? কিয় হঠাৎ দুঘণ্টাৰ বাবে ভাৰতলৈ আহিল UAEৰ ৰাষ্ট্ৰপতি?

ভাৰত ভ্ৰমণৰ বাবে আকস্মিকভাৱে উপস্থিত হয় UAEৰ ৰাষ্ট্ৰপতি মহম্মদ...

পুনৰ চৰ্চাত কিম জং উন; পথৰ মাজতে বৰ্খাস্ত কৰিলে উপ-প্ৰধানমন্ত্ৰীক

উত্তৰ কোৰিয়াৰ শাসক কিম জং উন কঠোৰ নীতি আৰু...

আমেৰিকাৰ পতাকা লৈ গ্ৰীণলেণ্ডত উপস্থিত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প

গ্ৰীনলেণ্ডৰ ওপৰত চোকা নজৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। তেওঁ...