অচিৰেই টীম ইণ্ডিয়াৰ জাৰ্ছী পিন্ধিব নেকি ৰিয়ান পৰাগে?

অচিৰেই টীম ইণ্ডিয়াৰ জাৰ্ছী পিন্ধিব নেকি ৰিয়ান পৰাগে?
T-20ত ৭টা ক্ৰমাগত অৰ্ধ শতকৰ বিশ্ব অভিলেখৰ পিছত উজ্জ্বল এই সম্ভাৱনা
বিশ্বকাপৰ পিছতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে T-20 শৃংখলাত ভাৰতীয় দলত ৰিয়ান!
অচিৰেই ঘোষণা হ’ব ৫খনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল


শেহতীয়া ছৈয়দ মুস্তাক আলী T-20 ক্ৰিকেটত ৭টা অৰ্ধ শতকেৰে বিশ্ব অভিলেখ প্ৰতিষ্ঠা কৰি অসম সন্তান ৰিয়ান পৰাগে দৃষ্টি কাঢ়িছে নিৰ্বাচকৰ। বিশ্বকাপ সামৰণিৰ পিছতে ২৩ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতৰ ৫খনীয়া শৃংখলাৰ প্ৰথমখন খেল। এই শৃংখলাত জিৰণি দিয়া হ’‍ব টীম ইণ্ডিয়াৰ কেইবাগৰাকী জ্যেষ্ঠ খেলুৱৈক। টীম ইণ্ডিয়াৰ দলত ৰিয়ান অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা ক্ৰমাৎ উজ্জ্বল হৈ পৰিছে। ইতিমধ্যে ক্ৰিকেট বিশ্লেষকসকলে ৰিয়ানে অষ্ট্ৰেলিয়াগামী ভাৰতীয় দলত স্থান পাব বুলি মত প্ৰকাশ কৰিছে।

মুস্তাক আলী প্ৰতিযোগিতাত ১০খন খেলত ৫১০ ৰান ৰিয়ানৰ
ৰিয়ানৰ গড় আছিল ৮৫ আৰু ষ্ট্ৰাইক ৰেট ১৮২.৭৯
ৰাজস্থান ৰয়েল্ছৰ হৈ IPL খেলা ৰিয়ানে লাভ কৰিছিল ১১ উইকেট
বলিঙত ইক’নমী ৰেট আছিল ৭.২৯ আৰু গড় ২৪.৫৪
দেওধৰ ট্ৰফীতো ৫খন খেলত ৰিয়ানে কৰিছিল সৰ্বাধিক ৩৫৪ ৰান
ৰিয়ানৰ বেটিং গড় আছিল ২৮.৫০, ষ্ট্ৰাইক ৰেট ১৩৬.৬৭
পূব মণ্ডলৰ হৈ ১৯.০৯ গড়ে ৰিয়ানে লাভ কৰিছিল ১১টা উইকেট
এজন সুদক্ষ ফিল্ডাৰ হোৱাৰ বাবে ৰিয়ানৰ সম্ভাৱনা অধিক উজ্জ্বল


ভাৰতীয় দলত কেইবাজনো জ্যেষ্ঠ খেলুৱৈক জিৰণি দিয়াৰ সম্ভাৱনাৰ পৰিপ্ৰেক্ষিতত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টীম ইণ্ডিয়াক সূৰ্যকুমাৰ যাদৱে নেতৃত্ব দিব বুলি বাতৰি প্ৰকাশ পাইছে। টীম ইণ্ডিয়াত স্থান পাব এছিয়ান গেম্ছত স্বৰ্ণপদকপ্ৰাপ্ত ভাৰতীয় দল কেইবাগৰাকী খেলুৱৈয়ে। মুস্তাক আলী প্ৰতিযোগিতাত সুদক্ষ প্ৰদৰ্শন আগবঢ়োৱা ভুবনেশ্বৰ কুমাৰ, IPLৰ নতুন তাৰকা ৰিংকু সিং আদিয়েও টীম ইণ্ডিয়াৰ জাৰ্ছী পিন্ধা সম্ভাৱনা উজ্জ্বল হৈ পৰিছে।

NKTV Digital
Author: NKTV Digital

15 COMMENTS

Popular

More like this
Related

E-20 ইন্ধন ব্যৱহাৰৰ সপক্ষে কেন্দ্ৰৰ স্পষ্টীকৰণ; ছ’চিয়েল মিডিয়াৰ ‘ভ্ৰান্ত খবৰ’ক গুৰুত্ব নিদিবলৈ গ্ৰাহকক আহ্বান

দেশত ইথানল মিশ্ৰিত পেট্ৰ’ল (EBP) কাৰ্যসূচীৰ সপক্ষে কেন্দ্ৰীয় পেট্ৰ’লিয়াম...

অসম বাজেট ২০২৬-২৭: ১৮খন ধ্বজাবাহী আঁচনি আৰু ব্যাপক সংস্কাৰমূলক পদক্ষেপ ঘোষণা বিত্তমন্ত্ৰীৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি বিধানসভাত ২০২৬-২০২৭ বিত্তীয় বৰ্ষৰ বাবে...