সকলো জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়লৈ ভ্রাম্যমাণ ৰক্তদান বাহন প্ৰদানৰ পদক্ষেপ

0 49

ভ্ৰাম্যমাণ ৰক্তদান বাহনৰ ফ্লেগ অফ মুখ্যমন্ত্ৰীৰ

ৰাজ্যৰ সকলো জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়লৈ ভ্রাম্যমাণ ৰক্তদান বাহন প্ৰদানৰ পদক্ষেপ ৰাজ্য চৰকাৰৰ

চলিত বৰ্ষতে পুনৰ ৫খন ভ্রাম্যমাণ ৰক্তদান বাহন ক্ৰয় কৰা হ’ব : মুখ্যমন্ত্রী

ৰাজ্যত স্বেচ্ছামূলক ৰক্তদান অভিযান অধিক তীব্ৰ কৰি তুলিবলৈ ৰাজ্য চৰকাৰে লোৱা পদক্ষেপৰ অংশ হিচাপে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দিছপুৰস্থিত জনতা ভৱনৰ চৌহদত অনুষ্ঠিত এক অনুষ্ঠানত ৫ খন ভ্রাম্যমাণ ৰক্তদান বাহনৰ ফ্লেগ অফ কৰে।

উল্লেখ্য যে, ২০২২-২৩ বৰ্ষত অসম ৰাজ্যিক ৰক্ত সংচৰণ পৰিষদে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান আৰু অসম চৰকাৰৰ পৰা লাভ কৰা ৪.৩৪ কোটি টকাৰে এই ৫ খন বাহন ক্ৰয় কৰিছে। এই পুঁজিৰ ২.২৭ কোটি টকা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে আৰু ২.০৭ কোটি টকা ৰাজ্য চৰকাৰে আগবঢ়াইছে। নতুনকৈ ক্ৰয় কৰা এই বাহন কেইখন বি টি এ ডিৰ কোকৰাঝাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, কামৰূপ মহানগৰ জিলাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, কাছাৰ জিলাৰ এছ এম দেৱ অসামৰিক চিকিৎসালয়, দৰং জিলাৰ মঙলদৈ অসামৰিক চিকিৎসালয় আৰু শিৱসাগৰ জিলাৰ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰখা হ’ব। এই বাহনসমূহৰ মূল উদ্দেশ্য হৈছে ৰাজ্যৰ দূৰ-দূৰণিৰ অঞ্চললৈ গৈ স্বেচ্ছামূলক ৰক্তদান শিবিৰৰ আয়োজন কৰা যাতে দুর্গম অঞ্চলৰ ৰাইজে ৰক্তদান কৰিব পাৰে আৰু ৰাজ্যখনে ১০০ শতাংশ স্বেচ্ছামূলক ৰক্তদানৰ লক্ষ্যত উপনীত হ’ব পাৰে।

এই উপলক্ষে প্ৰদান কৰা ভাষণত মুখ্যমন্ত্ৰী ড° শৰ্মাই কয় যে ৰাজ্য চৰকাৰে ২০১৯ আৰু ২০২০ বৰ্ষত ১১ খন ভ্ৰাম্যমাণ ৰক্তদান বাহন ক্ৰয় কৰিছে। এই বাহনসমূহে স্বেচ্ছামূলক ৰক্তদানক উদগণি যোগাইছে। আজি নতুনকৈ সংযোজিত হোৱা বাহনকেইখনে স্বেচ্ছামূলক বক্তদানক অধিক উদগণি যোগাব বুলি আশা প্রকাশ কৰি তেওঁ কয় যে ইয়াৰ ফলত চিকিৎসালয়সমূহলৈ অহা দুখীয়া ৰোগীসকললৈ জৰুৰী। প্ৰয়োজনত ৰক্ত প্ৰদানত যথেষ্ট সহায়ক হ’ব। ৰাজ্যৰ ব্লাড বেংকসমূহে এই বাহনসমূহৰ জৰিয়তে ক’ভিড মহামাৰীৰ সময়ছোৱাত ১০,৮৮৬ ইউনিট ৰক্ত সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল বুলি সদৰি কৰি মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষতে পুনৰ এইধৰণৰ ৫ খন ভ্ৰাম্যমাণ ৰক্তদান বাহন ক্ৰয় কৰা হ’ব বুলি ঘোষণা কৰে। তদুপৰি ৰাজ্যৰ সকলো জিলা চিকিৎসালয় আৰু চিকিৎসা মহাবিদ্যালয়লৈ এনে বাহন প্ৰদানৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলিও তেওঁ সদৰি কৰে।

এই অনুষ্ঠানত স্বাস্থ্য মন্ত্রী কেশৱ মহন্ত, পর্যটন আদি বিভাগৰ মন্ত্ৰী জয়ত মল্লবৰুৱা, স্বাস্থ্য বিভাগৰ অতিৰিক্ত মুখ্য সচিব অবিনাশ যোশী, স্বাস্থ্য বিভাগৰ সচিব বৰ্ণালী শৰ্মা, আয়ুষৰ সঞ্চালক ইন্দ্ৰানসী দাসকে ধৰি কেইবাগৰাকী গণ্য-মান্য ব্যক্তি তথা শীর্ষ বিষয়া উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.