ৱাংখেড়েত মহাবিস্ফোৰণ অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলৰ

ক্ৰিকেট হেনো টীম গে’ম, দলগত উদ্যম নহ’লে ক্ৰিকেটত হেনো এজনে খেল জিকাব নোৱাৰে। কিন্তু মুম্বাইৰ ৱাংখেড়েত এজন ক্ৰিকেটাৰে প্ৰচলিত এই আপ্তবাক্য অসাৰ প্ৰতিপন্ন কৰি তুলিলে। গঢ়ি তুলিলে এক অবিশ্বাস্য বিশাল ইনিংছ, যাৰ জৰিয়তে কেংগাৰু বাহিনীয়ে পৰাজয়ৰ মুখৰ পৰা আহি লাভ কৰিলে বিৰল জয়।

ৱাংখেড়েত মহাবিস্ফোৰণ অষ্ট্ৰেলিয়াৰ গ্লেন মেক্সৱেলৰ
ক্ৰিকেট ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ ইনিংছ অষ্ট্ৰেলিয়ান খেলুৱৈজনৰ
মেক্সৱেলৰ ৰানৰ ধুমুহাত পিষ্ট হ’ল আফগানিস্তান
মেক্সৱেলৰ অপৰাজিত দ্বিশতকৰ সহায়ক ছেমি ফাইনেলত অষ্ট্ৰেলিয়া
১২৮টা বলত অপৰাজিত ২০১ ৰান মেক্সৱেলৰ
২১টা বাউণ্ডেৰী, ১০টা ছিক্সাৰেৰে মেক্সৱেলৰ ধ্ৰুপদী ইনিংছ


অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে আফগানিস্তানৰ জয় তেতিয়া প্ৰায় অৱধাৰিত হৈ পৰিছিল। ১৮ অভাৰত ৯১ ৰানতে ৭টা উইকেট হেৰুৱাই পৰাজয়ৰ ক্ষণ গণিছিল অষ্ট্ৰেলিয়াই। দলৰ পঞ্চমটো উইকেটৰ পতনত খেলপথাৰলৈ আহিছিল বিস্ফোৰক বেটচমেন হিচাপে চিহ্নিত গ্লেন মেক্সৱেল। এসময়ৰ বিশ্বশ্ৰেষ্ঠ দলটোৰ এনে ছন্দপতনৰ ফলত বিশ্বকাপৰ ছেমি ফাইনেলত প্ৰৱেশৰ পূৰ্বে অষ্ট্ৰেলিয়া আঁতৰি যোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছিল। কিন্তু গ্লেন মেক্সৱেলে অধিনায়ক পেট কামিন্ছৰ সৈতে অষ্টম উইকেটৰ যুটিত খুঁটি পুতি বহি ল’লে। ধৈৰ্যশীল আৰু দায়িত্বশীল বেটিঙেৰে ক্ৰমে ইনিংছ আগুৱাই নিয়ে খেলুৱৈগৰাকীয়ে।

ইনিংছৰ অধিকাংশ সময়েই মেক্সৱেলে খেলিছিল কাৰ্যতঃ এখন ভৰিৰে
শতৰানৰ পূৰ্বেই ভৰিৰ পেশীত টানি ধৰিছিল মেক্সৱেলৰ
দুবাৰ খেলপথাৰতে যন্ত্ৰণাত শুই পৰিবলৈ বাধ্য হৈছিল মেক্সৱেল
কেইবাবাৰো চিকিৎসকে খেলপথাৰত শুশ্ৰূষা কৰিছিল খেলুৱৈগৰাকীক
কিন্তু মানসিকভাৱে অতি দৃঢ় মেক্সৱেলে চলাই গ’ল খেল


নিজস্ব ৩৩ ৰানত ফাইন লেগত মেক্সৱেলে তুলি দিয়া সহজ কেট্ছ মুজিবুৰ ৰহমানে পেলাই দিয়াৰ পিছত আৰু ঘূৰি চাবলগীয়া নহ’লে মেক্সৱেলে। কামিন্ছক সংগী কৰি লৈ মেক্সৱেলে লাহে লাহে গঢ়ি তুলিলে অষ্ট্ৰেলিয়াৰ ইনিংছ। আফগানিস্তানে বান্ধি দিয়া ২৯২ ৰানৰ লক্ষ্য সহজে অতিক্ৰম কৰে অষ্ট্ৰেলিয়াই। অসুস্থ হোৱাৰ পিছত দৌৰি ৰান লোৱা বন্ধ কৰি দিয়ে দুয়োগৰাকী খেলুৱৈয়ে। কামিনছে ৬৮টা বলত মাথোঁ ১২ ৰানহে সংগ্ৰহ কৰি উইকেটৰ এটা ফালে সুদীৰ্ঘ খোপনি পোতে। উইকেটৰ আনফালে বিস্ফোৰণ আৰম্ভ হয় গ্লেন মেক্সৱেলৰ। কোনো এজন বলাৰে প্ৰতিহত কৰিব নোৱাৰিলে মেক্সৱেলক।

মেক্সৱেল আৰু কামিন্ছৰ মাজত অষ্টম উইকেটৰ যুটিত সংগ্ৰহ হয় ২০২ ৰান
এদিনীয়া ক্ৰিকেট ইতিহাসত ৮ম উইকেটত এয়া সৰ্বোচ্চ পাৰ্টনাৰশ্বিপ
এদিনীয়া বিশ্বকাপত মেক্সৱেলৰ ইনিংছ ৩য় সৰ্বোচ্চ


মেক্সৱেলৰ বিস্ফোৰণৰ সহায়তে অৱশেষত অষ্ট্ৰেলিয়াই আফগানিস্তানক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰাটো প্ৰায় নিশ্চিত হৈ পৰে। ক্ৰিকেট ইতিহাসত মেক্সৱেলৰ এই বিস্ফোৰণ অনাদি কাললৈ অনুৰাগীসকলে মনত ৰাখিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...