আজি জুবিন গাৰ্গৰ ওপজা দিন। বিশেষ দিনটোতো সামাজিক কামতে ব্যস্ত থাকিব প্ৰাণৰ শিল্পীজন! কেক কাটি সাংবাদিকৰ আগত ক’লে এখন বিশেষ ছবিৰ কথা।

আজি জুবিন গাৰ্গৰ ওপজা দিন। ৫৩ বছৰত ভৰি দিলে হাৰ্টথ্ৰ’ব জুবিন গাৰ্গে। নিশা কেক কাটি জন্মদিন উদযাপন কৰিলে জুবিন গাৰ্গে। জোনালীস্থিত ষ্টুডিঅ’ত নিশাই ভিৰ কৰিলেহি শিল্পীজনৰ অজস্ৰ অনুৰাগীয়ে। হাতে হাতে কেক লৈ আহিল অনুৰাগীসকল। জুবিন গাৰ্গে কাটিলে অনুৰাগীয়ে অনা কেক। জুবিন গাৰ্গে কেক কটাৰ পাছতেই আনন্দত আত্মহাৰা হৈ পৰে অনুৰাগী। সকলোকে ধন্যবাদ জ্ঞাপন কৰে জুবিন গাৰ্গে।

কেক কটাৰ পিছতেই সাংবাদিকৰ সন্মুখত জুবিন গাৰ্গৰ মন্তব্য, ‘জন্মদিন উপলক্ষে বিশেষ কাৰ্যসূচী নাই। মই সদায় সামাজিক কামতে ব্যস্ত থাকো। বিশেষ দিনটোতো সামাজিক কামতে ব্যস্ত থাকিম।’ জন্মদিনত ৰৈ ৰৈ বিনালে ছবিখনৰ আনুষ্ঠানিক ঘোষণা কৰিব জুবিনে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...