পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত

কাৰ লগত কেতিয়া কি হৈ যায়, কাৰ জীৱনে কেতিয়া কি ৰূপ লয় কোনে জানে! ৰাজ্যত পুনৰ সংঘটিত হৈছে এক শোকাৱহ ঘটনা। নদীৰ পাৰৰ প্ৰাকৃতিক শোভা উপভোগ কৰিবলৈ গৈছিল পিতা-পুত্ৰ। কিন্তু তাৰ মাজতে ঘটি গ’ল অঘটন। নদীত পিছলি পৰিল পুত্ৰ। পুত্ৰক উদ্ধাৰৰ বাবে যোৱা পিতৃও উটি গ’ল নৈৰ সোঁতত। ভালুকপুঙৰ জীয়াভৰলীত পিতা-পুত্ৰৰ সৈতে ঘটিল কোনেও কাহানিও কল্পনা নকৰা এক ঘটনা।

ভালুকপুঙৰ জীয়াভৰলীত সন্ধানহীন পিতা-পুত্ৰ। নৈত গা ধুবলৈ গৈ সন্ধানহীন হয় দুয়ো। নদীৰ বুকুত সন্ধানহীন বায়ুসেনাৰ কৰ্মচাৰী বাপী ঘোষ, পুত্ৰ ঋত্বিক ঘোষ। জানিব পৰা মতে, বৃহস্পতিবাৰে ১৪ বছৰীয়া পুত্ৰক লৈ ভালুকপুঙলৈ গৈছিল বাপী ঘোষ। পিছে নৈত গা ধুবলৈ নমাৰ সময়তে পিছলি পৰিছিল পুত্ৰ। পৰৱৰ্তী সময়ত পুত্ৰক উদ্ধাৰৰ বাবে আগবাঢ়ি গৈছিল বাপী ঘোষ। কিন্তু পিতৃও হেৰাই যায় নৈৰ সোঁতত। বৰ্তমানলৈকে কোনো সন্ধান নাই পিতা-পুত্ৰৰ। দুয়োকে বিচাৰি শুকুৰবাৰেও অভিযান অব্যাহত ৰাখিছে বায়ুসেনা, NDRFএ। উল্লেখ্য যে বাপী ঘোষ তেজপুৰ শালনিবাৰীস্থিত বায়ুসেনাৰ কৰ্মচাৰী।

Popular

More like this
Related

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে গুৱাহাটী মহানগৰী

অপৰাধীৰ ৰম্যভূমিলৈ যেন পৰিণত হৈছে উত্তৰ-পূবৰ দুৱাৰমুখস্বৰূপ গুৱাহাটী মহানগৰী।...

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া

অসমত ৮ ঘণ্টীয়া জেৰাৰ সন্মুখীন তামান্না ভাটিয়া। EDৰ কাৰ্যালয়ত...

পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ

ছাংহাই কো-অপাৰেছন অৰ্গেনাইজেছন বৈঠকৰ বাবে পাকিস্তানত বিদেশমন্ত্ৰী জয়শংকৰ। কূটনৈতিক...

গজৰাজে তাণ্ডৱ চলালে ৰাজপথত

অৰণ্য ধ্বংস কৰাৰ পৰিণামহে যেন ভুগিছে মানৱ জাতিয়ে! দিনক...