বিজয় ৰূপানীৰ মৃতদেহ চিনাক্ত!

আহমেদাবাদৰ এখন চিকিৎসালয়ত গুজৰাটৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ মৃতদেহ DNA পৰীক্ষাৰ জৰিয়তে চিনাক্ত কৰা হৈছে। বিমান দুৰ্ঘটনাৰ তিনিদিন পিছত পৰিয়ালৰ সদস্যৰ DNA নমুনাৰ সৈতে মৃতদেহৰ নমুনাৰ মিল হোৱাত দেহটো পৰিয়ালৰ হাতত তুলি দিয়া হৈছে।

১২ জুনত আহমেদাবাদ বিমানবন্দৰৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এআই১৭১ বিমানত উঠিছিল ৰূপানী। বিমানখন ৰানৱেৰ পৰা উৰাৰ কেইছেকেণ্ডৰ ভিতৰতে এটা ভৱনত খুন্দা মাৰি বিস্ফোৰণ ঘটে। বিমানত ২৪২ গৰাকী যাত্ৰী আছিল। কেৱল এজনহে জীৱিত অৱস্থাত আছে। চৰকাৰী হিচাপত মৃতৰ সংখ্যা ২৭০।

বিস্ফোৰণত অধিকাংশ যাত্ৰীৰ দেহ জ্বলি ছাই হৈ গৈছে। গুজৰাট প্ৰশাসনে DNA পৰীক্ষাৰ জৰিয়তে দেহ চিনাক্ত কৰাৰ সিদ্ধান্ত লৈছিল। যাত্ৰীৰ আত্মীয়-স্বজনৰ পৰা DNA নমুনা সংগ্ৰহ কৰা হৈছিল। বিমানখন চিকিৎসকৰ হোষ্টেল ভৱনত ভাঙি পৰাৰ ফলত তাতো বহু লোকৰ মৃত্যু হৈছে। ৰূপানীৰ পৰিয়ালে চিকিৎসালয়ৰ সৈতে যোগাযোগ ৰাখিছিল। তিনিদিন পিছত তেওঁৰ দেহ চিনাক্ত হয়।

এতিয়ালৈকে ৩২টা দেহ DNAৰ জৰিয়তে চিনাক্ত হৈছে। তাৰে ১৪টা পৰিয়ালৰ হাতত তুলি দিয়া হৈছে। মৃতকৰ পৰিয়ালক সহায় কৰিবলৈ ২৩০টা দল গঠন কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...