দুমাহ পূৰ্বে তেওঁ যমজ সন্তানৰ পিতৃ হৈছিল! কেদাৰনাথৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু পাইলট ৰাজবীৰৰ

দুই মাহ পূৰ্বে যমজ সন্তানৰ পিতৃ হোৱা কেপ্তেইন ৰাজবীৰ সিং চৌহানৰ কেদাৰনাথত ৰবিবাৰে পুৱা সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়। ৰাজবীৰৰ পত্নী ভাৰতীয় সেনাত কৰ্মৰত।

ৰাজস্থানৰ জয়পুৰৰ বাসিন্দা ৰাজবীৰে ১৫ বছৰ ভাৰতীয় সেনাত কাম কৰিছিল। লেফটেনেণ্ট কৰ্ণেল পদৰ পৰা অৱসৰ লৈ ২০২৪ চনৰ পৰা কেদাৰনাথত এটা বে-চৰকাৰী হেলিকপ্টাৰ সেৱা প্ৰতিষ্ঠানত যোগ দিছিল। সংবাদ সংস্থা পিটিআই আৰু ৰাজবীৰৰ লিংকডইন প্ৰ’ফাইলৰ তথ্য অনুসৰি, তেওঁৰ বিভিন্ন প্ৰকাৰৰ হেলিকপ্টাৰ চলোৱাৰ অভিজ্ঞতা আছিল। পাহাৰ হওক বা সমতল, সকলো ঠাইতে হেলিকপ্টাৰ উৰুৱাত দক্ষ আছিল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট কৰ্ণেল ৰাজবীৰ।

বিগত বছৰৰ অক্টোবৰৰ পৰা তেওঁ বেল ৪০৭ হেলিকপ্টাৰ চলাবলৈ আৰম্ভ কৰিছিল। ২০০৯ চনত তেওঁ ভাৰতীয় বায়ুসেনাত যোগ দিছিল। বায়ুসেনাত থকা সময়ত তেওঁৰ ২০০০ ঘণ্টা হেলিকপ্টাৰ উৰুৱাৰ অভিজ্ঞতা আছিল। ২০০৭ চনত ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৰাজবীৰে।

ৰবিবাৰে পুৱা প্ৰায় ৫ বজাত কেদাৰনাথৰ পৰা পাঁচজন পৰ্যটকক লৈ বেল ৪০৭ হেলিকপ্টাৰত গুপ্তকাশীৰ দিশে গৈছিল ৰাজবীৰ। পুৱা ৫:২০ বজাত হেলিকপ্টাৰখন নিৰুদ্দেশ হৈ পৰে। পিছত জানিব পৰা যায় যে, সেয়া গৌৰীকুণ্ডৰ ওচৰৰ জংঘলত ভাঙি পৰিছিল। উত্তৰাখণ্ড আৰক্ষীৰ আইজি (আইন-শৃংখলা) নীলেশ ভাৰ্ণে জনোৱা মতে, এই দুৰ্ঘটনাত সাতজনৰ মৃত্যু হৈছে। দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দেশত ডিজিটেল এৰেষ্টৰ নামত ৮ মাহত ৬৪৭ কোটি টকাৰ প্ৰৱঞ্চনা, ২১,৯০০টা ঘটনা

দেশত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ডিজিটেল এৰেষ্টৰ নামত চাইবাৰ প্ৰৱঞ্চনাৰ...

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ বঁটা ঘোষণা

২০২৫ বৰ্ষৰ অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ...

জৰ্ডানৰ গীৰ্জাত গুলীচালনা, ৭জন লোক নিহত হোৱাৰ লগতে ৪০জন আহত

জৰ্ডানত শুকুৰবাৰে এটা গীৰ্জা ঘৰত অন্ত্যেষ্টিক্ৰিয়া চলি থকাৰ সময়তে...