দুমাহ পূৰ্বে তেওঁ যমজ সন্তানৰ পিতৃ হৈছিল! কেদাৰনাথৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু পাইলট ৰাজবীৰৰ

দুই মাহ পূৰ্বে যমজ সন্তানৰ পিতৃ হোৱা কেপ্তেইন ৰাজবীৰ সিং চৌহানৰ কেদাৰনাথত ৰবিবাৰে পুৱা সংঘটিত হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু হয়। ৰাজবীৰৰ পত্নী ভাৰতীয় সেনাত কৰ্মৰত।

ৰাজস্থানৰ জয়পুৰৰ বাসিন্দা ৰাজবীৰে ১৫ বছৰ ভাৰতীয় সেনাত কাম কৰিছিল। লেফটেনেণ্ট কৰ্ণেল পদৰ পৰা অৱসৰ লৈ ২০২৪ চনৰ পৰা কেদাৰনাথত এটা বে-চৰকাৰী হেলিকপ্টাৰ সেৱা প্ৰতিষ্ঠানত যোগ দিছিল। সংবাদ সংস্থা পিটিআই আৰু ৰাজবীৰৰ লিংকডইন প্ৰ’ফাইলৰ তথ্য অনুসৰি, তেওঁৰ বিভিন্ন প্ৰকাৰৰ হেলিকপ্টাৰ চলোৱাৰ অভিজ্ঞতা আছিল। পাহাৰ হওক বা সমতল, সকলো ঠাইতে হেলিকপ্টাৰ উৰুৱাত দক্ষ আছিল অৱসৰপ্ৰাপ্ত লেফটেনেণ্ট কৰ্ণেল ৰাজবীৰ।

বিগত বছৰৰ অক্টোবৰৰ পৰা তেওঁ বেল ৪০৭ হেলিকপ্টাৰ চলাবলৈ আৰম্ভ কৰিছিল। ২০০৯ চনত তেওঁ ভাৰতীয় বায়ুসেনাত যোগ দিছিল। বায়ুসেনাত থকা সময়ত তেওঁৰ ২০০০ ঘণ্টা হেলিকপ্টাৰ উৰুৱাৰ অভিজ্ঞতা আছিল। ২০০৭ চনত ৰাজস্থান বিশ্ববিদ্যালয়ৰ পৰা অৰ্থনীতিত স্নাতক ডিগ্ৰী লাভ কৰিছিল ৰাজবীৰে।

ৰবিবাৰে পুৱা প্ৰায় ৫ বজাত কেদাৰনাথৰ পৰা পাঁচজন পৰ্যটকক লৈ বেল ৪০৭ হেলিকপ্টাৰত গুপ্তকাশীৰ দিশে গৈছিল ৰাজবীৰ। পুৱা ৫:২০ বজাত হেলিকপ্টাৰখন নিৰুদ্দেশ হৈ পৰে। পিছত জানিব পৰা যায় যে, সেয়া গৌৰীকুণ্ডৰ ওচৰৰ জংঘলত ভাঙি পৰিছিল। উত্তৰাখণ্ড আৰক্ষীৰ আইজি (আইন-শৃংখলা) নীলেশ ভাৰ্ণে জনোৱা মতে, এই দুৰ্ঘটনাত সাতজনৰ মৃত্যু হৈছে। দুৰ্ঘটনাৰ কাৰণ অনুসন্ধান কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড়ৰ ডনবস্কো’ স্কুলত ১২ ছাত্ৰৰ আঘাতৰ ঘটনা, আৰম্ভ তদন্ত

ডিব্ৰুগড়ৰ ডনবস্কো' এইচ এছ স্কুলত সংঘটিত এক উদ্বেগজনক ঘটনাক...

UGC NET-ত উজলিল মৰিয়নীৰ নাংমু বুঢ়াগোহাঁই

জীৱনৰ কঠিন পৰিস্থিতিকো হেলাৰঙে নেওচি UGC NET ২০২৬ পৰীক্ষাত...

“মাছৰ টেঙা…বহুত সুস্বাদু”: অসমৰ খাদ্যৰ প্ৰশংসাত সুনীল গাভাস্কাৰ গাভাস্কাৰ

অসমলৈ আহিলে কি খাব লাগে? এই প্ৰশ্নৰ উত্তৰত কোনো...

BRICS সন্মিলনত অংশ ল’বলৈ ভাৰতলৈ আহিব চীনা ৰাষ্ট্ৰপতি শ্বী জিনপিঙ

চীনা ৰাষ্ট্ৰপতি সকলো জল্পনা-কল্পনাৰ অন্তঃ BRICS সন্মিলনত অংশ ল’বলৈ...