যৌৱন ধৰি ৰখাত সহায় কৰে কাঠবাদামে

কাঠবাদামৰ উপকাৰিতা বহুতো আছে। কাঠ বাদামে ওজন হ্ৰাস কৰাত সহায় কৰে। যৌৱন ধৰি ৰখাত সহায় কৰে কাঠ বাদামে। কাঠবাদাম ভিটামিন আৰু খনিজ পদাৰ্থৰে সমৃদ্ধ। এবাটি পানীত ৰাতিটো তিয়াই ৰাখিলে ওপৰৰ মুগা বাকলি অতি সহজে গুচাব পাৰি। আপুনি এসপ্তাহৰ বাবে এই বাকলি গুচোৱা বাদাম খাব পাৰে। অৱশ্যে বাকলিৰ সৈতে খোৱা কাঠবাদাম বেছি উপকাৰী। তিয়াই থোৱা কাঠবাদামে হজম বৃদ্ধি কৰাত সহায় কৰে। অত্যাৱশ্যকীয় এনজাইম নিষ্কাশন কৰাত সহায় কৰে। কাঠবাদামে হৃদযন্ত্ৰ সৱল কৰে, ক্ষতিকাৰক কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। কৰ্কট ৰোগ প্ৰতিৰোধতো ই সহায়ক। শৰীৰৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণৰ বাবে প্ৰতি পুৱা খালী পেটত তিয়াই থোৱা কাঠবাদাম খাব পাৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

সন্তানৰ পৰীক্ষাৰ ফলাফল আনিবলৈ যাওঁতেই কৰুণ মৃত্যু ঘটিল পিতৃৰ

হৃদয়বিদাৰক, মৃত্যু বাৰু এনেকৈয়ে আহেনে! কণমানি সন্তানৰ পৰীক্ষাৰ ফলাফল...

এই সামগ্ৰীসমূহত আল্লাহৰ নাম লিখা নিষিদ্ধ কৰা হৈছে… বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত

ছৌদি আৰৱৰ বাণিজ্য মন্ত্ৰালয়ে লৈছে এক বৃহৎ সিদ্ধান্ত। ছৌদি...

প্ৰথমবাৰৰ বাবে বিজেপিৰ মেয়ৰ নিৰ্বাচিত হ’ব মুম্বাইত

মহাৰাষ্ট্ৰৰ বৃহন্মুম্বাই পৌৰ নিগমকে ধৰি ২৯খন পৌৰসভাৰ নিৰ্বাচনৰ ফলাফল...

খাৰুৱা তেলক কিয় বিশ্ব অৰ্থনীতিৰ ইঞ্জিন বুলি কোৱা হয়?

যেতিয়াই আমি পেট্ৰ’ল পাম্পত আমাৰ বাহনত তেল ভৰাওঁ তেতিয়া...