দুদিনলৈ মুক্তি নহয় চিত্ৰশিল্পী নীলিম মহন্তৰ

দুদিনলৈ মুক্তি নহয় চিত্ৰশিল্পী নীলিম মহন্তৰ। দুদিন অৰুণাচল আৰক্ষীৰ জিম্মাত থাকিব লাগিব নীলিম মহন্ত। দুদিনৰ বাবে আৰক্ষী জিম্মালৈ প্ৰেৰণ আদালতৰ। অৰুণাচল আৰক্ষীয়ে অসম আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ কৰিছিল শিল্পী জনক। অৰুণাচল চৰকাৰে নদী বান্ধৰ সমৰ্থনত অংকন কৰাইছিল এখন ছবি। নদী বান্ধৰ সমৰ্থনত অংকন কৰা ছবি খনৰ তলত নদী বান্ধ বিৰোধী শ্লোগান লিখিছিল নীলিম মহন্তই। অৰুণাচল সচিবালয়ৰ দেৱালত নীলিম মহন্তই লিখিছিল নদীবান্ধ বিৰোধী শ্ল’গান। সেই অপৰাধতে গ্ৰেপ্তাৰ শিল্পীজনক। গোচৰ নং ৮০/২২ তথা IPC425/34ৰ অধীনত গ্ৰেপ্তাৰ শিল্পীজনক। চিত্ৰশিল্পী নীলিম মহন্তৰ মুক্তিৰ দাবীত লখিমপুৰত প্ৰতিবাদ। চিত্ৰশিল্পীক মুক্তিৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ভাৰতীয় পাছপ’ৰ্ট কেৱল ভ্ৰমণ দলিল, নাগৰিকত্বৰ চূড়ান্ত প্ৰমাণ নহয়: বিদেশ মন্ত্ৰালয়ৰ স্পষ্টীকৰণ

বিদেশ মন্ত্ৰালয়ৰ এটা বিবৃতিয়ে আইন আৰু ৰাজনৈতিক বিতৰ্কক নতুনকৈ...

২৭ জুনৰ নিশাৰ পৰা বন্ধ থাকিব আঠগাঁৱৰ উৰণসেতু; মেৰামতিৰ বাবে যান-বাহনৰ চলাচল বন্ধ

গুৱাহাটীৰ আঠগাঁও উৰণসেতু মেৰামতিৰ বাবে ২৭ জুনৰ নিশাৰ পৰা...

APL নিলামত ৩০০ খেলুৱৈ, ১৫ Icon ষ্টাৰ! যুৱ খেলুৱৈৰ বাবে সোণালী সুযোগ

✍️ মানস গোস্বামী অসমৰ ক্ৰিকেট ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা...