আলফা (স্বাধীন)লৈ যোৱাৰ মন মেলি গ্ৰেপ্তাৰ হ’ল বাপ্পা

আলফা (স্বাঃ)ত যোগদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰি ফেচবুকত পোষ্ট৷ শিলচৰত গ্ৰেপ্তাৰ বাপ্পা কুমাৰ নামৰ এগৰাকী যুৱক। আলফা (স্বাঃ)ত যোগদান কৰিম বুলি ফেচবুকত এটা নিউজ লিংক শ্বেয়াৰ কৰি গ্ৰেপ্তাৰ হ’ল এজন যুৱক। শিলচৰ ইটাখলাৰ বাপ্পা কুমাৰ নামৰ যুৱকজনক কাছাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে জে’ললৈ৷

জানিব পৰা মতে, ফেচবুকত এটা পোষ্ট শ্বেয়াৰ কৰাৰ পাছত অসম আৰক্ষীৰ চাইবাৰ চেলৰ দৃষ্টিগোচৰ হয় আৰু ইয়াৰ পাছতেই বাপ্পা কুমাৰ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

ইপিনে ধৃত বাপ্পা কুমাৰ নামৰ যুৱকজন এইবাৰ অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি পৰীক্ষাত অৱতীর্ণ হৈছিল বুলি জানিব পৰা গৈছে আৰু নিযুক্তি প্ৰক্ৰিয়াৰ শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ লিখিত পৰীক্ষাৰ সুযোগ পোৱা নাছিল যুৱকজনে আৰু এই বিসংগতি হোৱাৰ অভিযোগ উত্থাপন কৰি শিলচৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিতিত বাপ্পা কুমাৰসহ কেইবাজনো যুৱকে মুখ্যমন্ত্ৰীৰ সম্মুখতে বিক্ষোভ প্ৰদৰ্শন কৰিছিল। অসম আৰক্ষীৰ যোগদানত বিফল হোৱাৰ বাবে হয়তো যুৱকজন আৱেগিক হৈ আলফা(স্বাঃ)ত যোগদান কৰাৰ আগ্ৰহ প্ৰকাশ কৰি পোষ্ট কৰিছে ফেচবুকত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এতিয়াৰে পৰা গুৱাহাটীৰ পৰাই কেইবাখনো দেশৰ ভিছাৰ বাবে কৰিব...

মুখ্যমন্ত্ৰীৰ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ

অসমৰ ৫.৪২ লাখ শিক্ষাৰ্থীলৈ প্ৰথম কিস্তিৰ চেক বিতৰণৰ শুভাৰম্ভ...

গুৱাহাটীত প্ৰায় ৮ কোটি টকাৰ ড্ৰাগছ জব্দ; গ্ৰেপ্তাৰ দম্পতী

মহানগৰীৰ দিছপুৰ আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা এক বৃহৎ অভিযানত...