দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬ বছৰৰ বাবে বহিষ্কাৰ কংগ্ৰেছৰ ১৫ নেতাক। তিতাবৰৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱাক বহিষ্কাৰ। টিকট নাপায় তিতাবৰৰ পৰা নিৰ্দলীয় হিচাপে নিৰ্বাচনত নামিছে ভাস্কৰ বৰুৱা। খোৱাঙৰ কংগ্ৰেছ নেতা বিজু দুৱৰাকো বহিষ্কাৰ দলৰ পৰা। সমষ্টিটো অজাপক এৰি দিয়াৰ পাছত নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা কৰিছে বিজু দুৱৰাই। কংগ্ৰেছৰ পৰা বহিষ্কৃত গৌৰীপুৰৰ আব্দুল মিঞা। টিকট নাপায় বিদ্ৰোহ কৰা তেজপুৰৰ পল্লৱী শইকীয়াকো বহিষ্কাৰ। চেঙাৰ আফতাদুৰ আলী খান, উদাৰবন্দৰ তপন দাসক বহিষ্কাৰ। কাটিগড়াৰ সন্দীপ দাস, বৰখলাৰ জহুৰুল ইছলামক বহিষ্কাৰ। বহিষ্কৃত দক্ষিণ কৰিমগঞ্জৰ আজিজ আহমেদ খান, ডিমৰীয়াৰ নিতুল দাস। ৰামকৃষ্ণনগৰৰ অনুপ দাস, বকো–ছয়গাঁৱৰ লাবণ্য বড়োক বহিষ্কাৰ। ৰঙাপাৰাৰ গিৰিন্দ্ৰ কুমাৰ ভূঞাকো বহিষ্কাৰ কংগ্ৰেছৰ পৰা। বহিষ্কাৰ ৰহাৰ মুকুট দাস, দলগাঁৱৰ আইনুল হকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেৰাপানী সীমান্তৰ নেঘেৰীবিলত পুনৰ উচ্ছেদৰ প্ৰস্তুতি, ৫৯টা পৰিয়ালক ঘৰ খালী কৰাৰ নিৰ্দেশ

মেৰাপানী সীমান্তৰ ২ নং নেঘেৰীবিলত পুনৰ উচ্ছেদ অভিযানক লৈ...

বিশ্বৰ শীৰ্ষ ২% বিজ্ঞানীৰ তালিকাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৩ গৱেষক-শিক্ষাবিদ

ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ পুনৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। ২০২৬ চনৰ Stanford/Elsevier Top...

ডুবাই যোৱাৰ সপোন দেখোঁতেই বিমান হ’ল মিছ! নিচাসক্ত অৱস্থাত বিমানবন্দৰৰ পাৰ্কিঙতে টোপনি গ’ল যাত্ৰী

ডুবাই যোৱাৰ পৰিকল্পনা আছিল, কিন্তু বিমানত উঠাৰ সলনি বিমানবন্দৰৰ...

পেট্ৰ’লৰ ৰপ্তানি শুল্ক প্ৰতি লিটাৰত ২.৫০ টকালৈ বৃদ্ধি, ডিজেলৰ শুল্ক হ্ৰাস কৰি ৮.৫০ টকা নিৰ্ধাৰণ কেন্দ্ৰৰ

পেট্ৰ’ল আৰু ডিজেলৰ ৰপ্তানি শুল্কৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিছে...