ওজন বাঢ়িছে নেকি? ধনিয়াৰ গুটি-পাতত আছে আচৰিত শক্তি!

শৰীৰৰ ওজন বৃদ্ধি হোৱাটো কোনোৱে সাধাৰণতে নিবিচাৰে। ইয়াৰ বাবে সকলোৱেই কম বেছি পৰিমাণে মেদমুক্ত হৈ থাকিবলৈ বিচাৰে। বিশেষজ্ঞ সকলৰ মতে, শৰীৰৰ মেদ কমাবলৈ হ’লে সঠিক খাদ্যাভাস আৰু ব্যায়ামৰ বিকল্প নাই। ইয়াৰোপৰি এনে কিছুমান পানীয় আছে যি মেদবহুলতা হ্ৰাস কৰাত বহু পৰিমাণে সহায় কৰে। এই ক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰিব পাৰে ধনীয়াৰ গুটি আৰু পাত। ইয়াত ফাইবাৰ থাকে। তাৰোপৰি ভিটামিন, খনিজ, পটাছিয়াম, আয়ৰন, কেলছিয়াম, মেগনেছিয়াম আৰু ফলিক এছিদ পোৱা যায়। গৰম পানীত এক চামুচ ধনীয়াক গুটি মিহলাই ঠাণ্ডা কৰি খালে মেদবহুলতা হ্ৰাস পায়।

দ্বিতীয়তে জিৰাইও মেদবহুলতা হ্ৰাস কৰাত বহু পৰিমাণ সহায় কৰে। মেদবহুলতা হ্ৰাস কৰিবলৈ মৌ অতিকৈ উপকাৰী। ৰাতি শুৱাৰ আগত মৌ ৰস খোৱাৰ অভ্যাস কৰক। পুৱা শুই উঠি মৌ ৰস আৰু দালচেনী মিশ্ৰিত পানী খাওক। ইফালে মেথিগুটিত প্ৰচুৰ পৰিমাণে ঔষধি গুণ থাকে। পানী গোটেই ৰাতি মেথিগুটি তিয়াই ৰাখক। আৰু পুৱা খালী পেটত তিয়াই থোৱা মেথিগুটিৰ পানী খাওক। গতিকে ঘৰুৱাভাৱে এই কেইটা উপায় অবলম্বন কৰক আৰু মেদবহুলতা হ্ৰাস কৰি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই

পশ্চিমবংগৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী আৰু নাই। দেওবাৰে...

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...