ওজন বাঢ়িছে নেকি? ধনিয়াৰ গুটি-পাতত আছে আচৰিত শক্তি!

শৰীৰৰ ওজন বৃদ্ধি হোৱাটো কোনোৱে সাধাৰণতে নিবিচাৰে। ইয়াৰ বাবে সকলোৱেই কম বেছি পৰিমাণে মেদমুক্ত হৈ থাকিবলৈ বিচাৰে। বিশেষজ্ঞ সকলৰ মতে, শৰীৰৰ মেদ কমাবলৈ হ’লে সঠিক খাদ্যাভাস আৰু ব্যায়ামৰ বিকল্প নাই। ইয়াৰোপৰি এনে কিছুমান পানীয় আছে যি মেদবহুলতা হ্ৰাস কৰাত বহু পৰিমাণে সহায় কৰে। এই ক্ষেত্ৰত আপুনি ব্যৱহাৰ কৰিব পাৰে ধনীয়াৰ গুটি আৰু পাত। ইয়াত ফাইবাৰ থাকে। তাৰোপৰি ভিটামিন, খনিজ, পটাছিয়াম, আয়ৰন, কেলছিয়াম, মেগনেছিয়াম আৰু ফলিক এছিদ পোৱা যায়। গৰম পানীত এক চামুচ ধনীয়াক গুটি মিহলাই ঠাণ্ডা কৰি খালে মেদবহুলতা হ্ৰাস পায়।

দ্বিতীয়তে জিৰাইও মেদবহুলতা হ্ৰাস কৰাত বহু পৰিমাণ সহায় কৰে। মেদবহুলতা হ্ৰাস কৰিবলৈ মৌ অতিকৈ উপকাৰী। ৰাতি শুৱাৰ আগত মৌ ৰস খোৱাৰ অভ্যাস কৰক। পুৱা শুই উঠি মৌ ৰস আৰু দালচেনী মিশ্ৰিত পানী খাওক। ইফালে মেথিগুটিত প্ৰচুৰ পৰিমাণে ঔষধি গুণ থাকে। পানী গোটেই ৰাতি মেথিগুটি তিয়াই ৰাখক। আৰু পুৱা খালী পেটত তিয়াই থোৱা মেথিগুটিৰ পানী খাওক। গতিকে ঘৰুৱাভাৱে এই কেইটা উপায় অবলম্বন কৰক আৰু মেদবহুলতা হ্ৰাস কৰি সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...

আম্বানী, বিৰলাৰ পৰা মিট্টাললৈ… ২০২৫ত কোন কোন জিলিকিল?

ভাৰতৰ ধনাঢ্য ব্যক্তিসকলৰ বাবে ২০২৫ বৰ্ষটো কিছু জটিল আছিল।...

ডায়েট বিষয়াৰ কামৰ ধৰণ সংকুচিত কৰাৰ বিৰোধিতা, ডায়েট বিষয়া সন্থাৰ স্মাৰকপত্ৰ

সদৌ অসম ডায়েট বিষয়া সন্থাই যোৱা ২০ ডিচেম্বৰ তাৰিখে...