ওৰাঙৰ পিছত পবিতৰাৰ পৰা আহিল ভাল খবৰ, বাঢ়িছে গঁড়ৰ সংখ্যা

অসম এশিঙীয়া গঁড়ৰ বাবে পৃথিৱী বিখ্যাত। কাজিৰঙা, মানাহ, ওৰাঙৰ লগতে পবিতৰাতো গঁড় পোৱা যায়। গুৱাহাটীৰ সমীপতে অৱস্থিত বাবে অধিকাংশ লোকে সহজতে দৰ্শনৰ বাবে পচন্দ কৰে পবিতৰা। শেহতীয়াভাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ পিয়লত গঁড়ৰ সংখ্য়া বৃদ্ধিৰ পিছত এইবাৰ ভাল খবৰ আহিল পবিতৰালৈও। পবিতৰা অভয়াৰণ্যত গঁড়ৰ পিয়ল সম্পন্ন। ৪ বছৰত ৫টা গঁড় বৃদ্ধি পবিতৰাত। শেহতীয়াভাৱে ১০৭টা গঁড় গণনা কৰা হৈছে পবিতৰাত। ৩০টা মতা গঁড় , ৫০টা মাইকী গঁড় , ২৭টা গঁড়ৰ পোৱালি গণনা। ২০১৮ চনত পবিতৰাত ১০২ টা গঁড় পোৱা গৈছিল। ২০১৪ চনৰ পৰা বৰ্তমানলৈ পবিতৰাত এটাও গড়ঁৰ চোৰাং চিকাৰৰ ঘটনা সংঘটিত হোৱা নাই। উল্লেখ্য যে, পবিতৰাত ৩৮.৮১ বৰ্গ কিলোমিটাৰ এলেকা সামৰি আছে গঁড়ৰ বিচৰণভূমি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন আগৰৱালক?

মূৰত চুলি নথকাৰ বাবে বাগদত্তাই হত্যা কৰিছিল নেকি কেতন...

৩ মহীয়া শিশুক লৈ ইউৰোপীয় ইউনিয়নৰ জলবায়ু বৈঠকত উপস্থিত ছুইডেনৰ জলবায়ু মন্ত্ৰী

ছুইডেনৰ জলবায়ু মন্ত্ৰী ৰোমিনা পৌৰমোখতাৰীয়ে তিনিমহীয়া পুত্ৰ আদামক লৈ...