শ্ৰীশ্ৰী ৰামদেৱ আতাৰ ৪৫৬ সংখ্যক জন্মোৎসৱ, শ শ ভক্তৰ ভিৰ

শ্ৰীশ্ৰী ৰামদেৱ আতাৰ ৪৫৬ সংখ্যক জন্মোৎসৱ উদযাপন। সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম। ১৪৭০ খ্ৰীষ্টাব্দতে ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ২নং কেন্দুগুৰী গাঁৱত প্ৰতিষ্ঠা কৰা বালিসত্ৰ বৰ্তমান শ্ৰীশ্ৰী ৰামদেৱ আতা থান হিচাপে পৰিচিত। এই থানক্ষেত্ৰত দুদিনীয়া কাৰ্যসূচীৰে এক উৎসৱমুখৰ পৰিবেশত শ্ৰীশ্ৰী ৰামদেৱ আতাৰ ৪৫৬সংখ্যক জন্মোৎসৱ উদযাপন কৰা হৈছে। স্ব মহিমাৰে ঐতিহাসিক ক্ষেত্ৰ হিচাপে পৰিচিত এই থানক্ষেত্ৰত ৰামদেৱ আতাৰ এই জন্মোৎসৱ অনুষ্ঠানত উজনি অসমৰ বিভিন্ন ঠাইৰ পৰা অহা সহস্ৰাধিক ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছে। উৎসৱৰ প্ৰথম দিনা ভাগৱত ভ্ৰমণ, শৰাই অৰ্চনা, নাম প্ৰসংগ, দিহানাম প্ৰদৰ্শন হয়। আনহাতে, দ্বিতীয় দিনা অগণন ভকত-বৈষ্ণৱৰ সমাগমৰ মাজত ধৰ্মীয় অনুষ্ঠানসমূহ সমাপন কৰা হয়। নিশালৈকে স্থানীয় শিল্পী সমাজৰ দ্বাৰা “ভগীৰথৰ গঙ্গা উদ্ধাৰ” শীৰ্ষক ভাওনা প্ৰদৰ্শন কৰা হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দিল্লীৰ যন্তৰ-মন্তৰত হোৱা জুলাইৰ হিংসাত্মক ঘটনাৰ তদন্তৰ বাবে পৰ্টেল মুকলি উচ্চতম ন্যায়ালয়ৰ গঠিত HPECৰ

ভাৰতৰ উচ্চতম ন্যায়ালয়ে ২০২৬ চনৰ জুলাই মাহত দিল্লীৰ যন্তৰ-মন্তৰ...

ৰাজ্যৰ বহুকইটা অঞ্চলত প্ৰশাসনৰ উচ্ছেদ অভিযান; ঘৰ হেৰুৱালে বহু পৰিয়ালে

ৰাজ্যৰ বিভিন্ন প্ৰান্তত সংৰক্ষিত বনাঞ্চলৰ বেদখল উচ্ছেদক লৈ প্ৰশাসনৰ...