ক্ষত-বিক্ষত অৱস্থাত কোঠাত ৭০ বছৰীয়া বৃদ্ধৰ নিথৰ দেহ, কোনে হত্যা কৰিলে প্ৰতাপ চাংমাইক?

নিজ ঘৰতেই ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ বৃদ্ধৰ মৃতদেহ। এগৰাকী বৃদ্ধক নিজ ঘৰতেই দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ। বিলাসীপাৰাত চাঞ্চল্যকৰ হত্যা কাণ্ড। মৃত ৭০ বছৰীয়া বৃদ্ধগৰাকী সাপটগ্ৰামৰ প্ৰতাপ চাংমাই। হত্যাকাণ্ড সংঘটিত হোৱাৰ সময়ত প্ৰতাপ চাংমাইৰ ঘৰত কোনো লোক নাছিল। ইতিমধ্যে ঘটনাস্থলীত সাপটগ্ৰাম আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী জিলা অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে।

এই হত্যাকাণ্ডৰ লগত জড়িত কোনো এজনকো আৰক্ষীয়ে বৰ্তমানলৈ গ্ৰেপ্তাৰ কৰিব পৰা নাই যদিও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে। বুধবাৰে সন্ধিয়া সংঘটিত হোৱা হত্যাকাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। সাপটগ্ৰামত সংঘটিত এই হত্যাকাণ্ডই জোকাৰি গৈছে সমগ্ৰ বিলাসীপাৰা মহকুমা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাইলাকান্দিত ৬০ লাখ টকাৰ ইয়াবা টেবলেট সহ দুজনক গ্ৰেপ্তাৰ

হাইলাকান্দি জিলাত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ...

আজি পুৱা ১০ বজাত এছিয়ান গেমছৰ ফাইনেলত চীনৰ বাও জিয়িৰ বিৰুদ্ধে লাভলীনা বৰগোঁহাই

ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহাই আজি, ২ অক্টোবৰত পুৱা ১০...

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...

মাত্ৰ ১৫ বছৰতে বিশ্বজুৰি চৰ্চাত বৈভৱ সূৰ্যবংশী; TIME100 Next-ত স্থান লাভ উদীয়মান ক্ৰিকেটাজনৰ

১৫ বছৰীয়া ভাৰতীয় ক্ৰিকেটৰ উদীয়মান প্ৰতিভা বৈভৱ সূৰ্যবংশীক বিশ্বৰ...