কয়দী বাঢ়িছে, চৰকাৰে ভাড়াত বিচাৰিছে কাৰাগাৰ!

কাৰাগাৰত কয়দীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবে শেহতীয়াকৈ ভাড়াত কাৰাগাৰ বিচাৰিব লগা হৈছে। নিয়মীয়াকৈ থকা কাৰাগাৰত কয়দীৰ সংখ্যা অধিক হোৱাৰ বাবে বিকল্পৰ সন্ধান কৰিছে ডেনমাৰ্কে। প্ৰায় ৩০০ কাৰাগাৰ ভাড়াত লোৱাৰ বাবে সাজু হৈছে ইউৰোপীয় দেশখন।

ইয়াৰ বাবে চুবুৰীয়া দেশ কছোভোৰ সৈতে চুক্তিবদ্ধ হৈছে, যাৰ অধীনত ভাড়াত লোৱা হ’ব ৩০০ কাৰাগাৰ কোষ। ডেনমাৰ্কে ৫ বছৰৰ প্ৰাৰম্ভিক সময়ৰ বাবে প্ৰতি বছৰে ১৫ নিযুত ইউৰো পৰিশোধ কৰিব আৰু সেউজ শক্তিৰ বাবে পুঁজি সংগ্ৰহত সহায় কৰিব চৰকাৰে।


প্ৰকাশিত খবৰ অনুসৰি ডেনমাৰ্কৰ পৰা বিতাড়িত অপৰাধীসকলক এই ভাড়াৰ কাৰাগাৰত ৰখা হ’ব। ডেনমাৰ্কৰ আইন অনুসৰি এইসকল লোকে আইনী প্ৰক্ৰিয়াৰ সন্মুখীন হ’ব। উল্লেখ্য যে, কছোভোৰ কাৰাগাৰত বৰ্তমান আছে ৭০০ৰ পৰা ৮০০টা কোঠা যিবোৰ এতিয়াও ব্যৱহাৰ কৰা হোৱা নাই। গতিকে বৰ্তমানে এই কোঠাবোৰ ডেনমার্কক ভাড়াত দি বছৰি বৃহৎ পৰিমাণৰ ধন উপাৰ্জন কৰিব। এক বিবৃতি অনুসৰি দুয়োখন চৰকাৰে ‘ৰাজনৈতিক ঘোষণা’ পত্ৰত স্বাক্ষৰ কৰিছে যাৰ অধীনত কাৰাগাৰসমূহ ভাড়াত বিনিময় কৰা হৈছে।

ডেনমাৰ্কৰ ন্যায় মন্ত্ৰী নিক হেকেৰুপৰ মতে এই চুক্তিয়ে ডেনমাৰ্কৰ কাৰাগাৰ আৰু ইয়াৰ বিষয়াসকলৰ বোজা হ্ৰাস কৰিব। একে সময়তে ই নিৰ্বাসিত দণ্ডিত তৃতীয় দেশৰ নাগৰিকসকললৈ এক স্পষ্ট সংকেত প্ৰেৰণ কৰিব যে আপোনাৰ ভৱিষ্যত ডেনমাৰ্কত নাই।”


কছোভোৱে ২০২৩ চনৰ পৰা ৰাজধানী প্ৰিষ্টিনাৰ পৰা প্ৰায় ৫০ কিলোমিটাৰ দূৰত জিজিলানত অৱস্থিত কাৰাগাৰসমূহ ভাড়া দিয়াৰ পৰা লাভ কৰিব বিশাল পৰিমাণৰ অৰ্থ। আগন্তুক ১০ বছৰত মুঠ ২১০ নিযুত ইউৰো আহৰণৰ লক্ষ্য।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

হাইলাকান্দিত ৬০ লাখ টকাৰ ইয়াবা টেবলেট সহ দুজনক গ্ৰেপ্তাৰ

হাইলাকান্দি জিলাত পুনৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ইয়াবা টেবলেট জব্দ...

আজি পুৱা ১০ বজাত এছিয়ান গেমছৰ ফাইনেলত চীনৰ বাও জিয়িৰ বিৰুদ্ধে লাভলীনা বৰগোঁহাই

ভাৰতীয় বক্সাৰ লাভলীনা বৰগোঁহাই আজি, ২ অক্টোবৰত পুৱা ১০...

আজিৰে পৰা WhatsAppত মেছেজ দিলে ভৰিব লাগিব মাচুল; WhatsApp Businessত ১,০০০টা ফ্ৰী মেছেজৰ পাছত ভৰিব লাগিব ধন

১ অক্টোবৰৰ পৰা ব্যৱসায়িক ক্ষেত্ৰত WhatsApp ব্যৱহাৰৰ মাচুলৰ নিয়ম...