কানাডাৰ মোষ্ট ৱাণ্টেড অপৰাধীৰ তালিকাৰ শীৰ্ষত গেংষ্টাৰ গোল্ডি ব্ৰাৰ, ২.৫ লাখ কানাডিয়ান ডলাৰৰ পুৰস্কাৰ ঘোষণা

২০২৩ চনত উইনিপেগত ৩৯ বছৰীয়া সুখদুল সিং গিলৰ হত্যাকাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত কানাডাত সন্ধান চলি আছে গোল্ডি ব্ৰাৰৰ।

কানাডাৰ কৰ্তৃপক্ষই গেংষ্টাৰ গোল্ডি ব্ৰাৰক দেশখনৰ ২৫জন সৰ্বাধিক ৱাণ্টেড অপৰাধীৰ তালিকাৰ শীৰ্ষস্থানত স্থান দিছে। তেওঁৰ সন্ধান দিওঁতালৈ ২ লাখ ৫০ হাজাৰ কানাডিয়ান ডলাৰ (ভাৰতীয় মুদ্ৰাত প্ৰায় ১.৬৩ কোটি টকা) পুৰস্কাৰ ঘোষণা কৰা হৈছে। ভাৰততো ব্ৰাৰৰ বিৰুদ্ধে ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে। আনহাতে, যোৱা ছেপ্টেম্বৰ মাহত আমেৰিকাই তেওঁৰ সন্ধানৰ বাবে ১০ লাখ ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

সতীন্দৰজিৎ সিং ওৰফে গোল্ডি ব্ৰাৰ কানাডাৰ এই তালিকাৰ প্ৰথম স্থানত আছে। অৱশ্যে অপৰাধৰ গুৰুত্বৰ ভিত্তিত এই স্থান নিৰ্ধাৰণ কৰা হৈছে নে নাই, সেয়া স্পষ্ট হোৱা নাই। কানাডাৰ ‘ব’ল’ (BOLO – Be On the Look Out) কাৰ্যসূচীৰ অধীনত এই ঘোষণা কৰা হৈছে। এই কাৰ্যসূচীৰ জৰিয়তে দেশৰ সৰ্বাধিক ৱাণ্টেড অপৰাধীসকলৰ সন্ধানত নাগৰিকসকলক সহায় কৰিবলৈ উৎসাহিত কৰা হয়।

সৰ্বাধিক ৱাণ্টেডৰ তালিকাত স্থান পোৱাৰ অৰ্থ হৈছে কানাডাত ব্ৰাৰৰ সন্ধান অভিযান অধিক তীব্ৰতৰ কৰা হৈছে। উল্লেখ্য যে ২০১৭ চনৰ পৰাই তেওঁ কানাডাত আছিল।

২০২৩ চনত উইনিপেগৰ হেজেলটন ড্ৰাইভ অঞ্চলত নিজৰ ঘৰৰ বাহিৰত গুলীচালনা কৰি ৩৯ বছৰীয়া সুখদুল সিং গিলক হত্যা কৰাৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত কানাডাই ব্ৰাৰক বিচাৰি আছে। ২০২৪ চনত ব্ৰাৰ আৰু কৰণবীৰ সিং নামৰ আন এজন ব্যক্তিৰ বিৰুদ্ধে প্ৰথম ডিগ্ৰীৰ হত্যাকাণ্ড আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছিল। কিন্তু দুয়ো এতিয়াও পলাতক হৈ আছে।

ব্ৰাৰৰ উপৰি ভাৰতীয় মূলৰ আন দুজন অপৰাধীৰ নামো কানাডাৰ সৰ্বাধিক ৱাণ্টেড তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোক হৈছে পেড্ৰাম ৰাবি আৰু মনপ্ৰীত সিং। দুয়োটা পৃথক গুলীচালনা আৰু হত্যাৰ চেষ্টাৰ ঘটনাত অভিযুক্ত।

২৮ বছৰীয়া মনপ্ৰীত সিঙৰ বিৰুদ্ধে ২০২৫ চনত ব্ৰেম্পটনত সংঘটিত এক গুলীচালনাৰ ঘটনাত এজন লোক নিহত হোৱাৰ পাছত প্ৰথম ডিগ্ৰীৰ হত্যাকাণ্ড আৰু হত্যাৰ চেষ্টাৰ অভিযোগ উত্থাপন হৈছে। তেওঁ কানাডাৰ পৰা পলায়ন কৰা বুলি সন্দেহ কৰা হৈছে।

আনহাতে, পেড্ৰাম ৰাবিৰ বিৰুদ্ধে হত্যাৰ চেষ্টা আৰু অস্ত্ৰ ৰখাৰ অভিযোগ আছে। ২০২০ চনত ব্ৰেম্পটনত সংঘটিত এক গুলীচালনাৰ ঘটনাৰ সৈতেও তেওঁৰ সম্পৰ্ক থকাৰ অভিযোগ উঠিছে। সেই ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হৈছিল।

পিল ৰিজিঅ’নেল আৰক্ষীয়ে দুয়ো অভিযুক্তকে অতি বিপজ্জনক বুলি অভিহিত কৰিছে। তেওঁলোকক ক’ৰবাত দেখা পালে ওচৰলৈ নাযাবলৈ জনসাধাৰণক আহ্বান জনাইছে। কাৰণ দুয়োৰে হাতত অস্ত্ৰ থাকিব পাৰে।

কোন এই গোল্ডি ব্ৰাৰ?

কলেজত পঢ়ি থকা সময়তে গোল্ডি ব্ৰাৰৰ কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণৈকে ধৰি আন অপৰাধীসকলৰ সৈতে ঘনিষ্ঠতা গঢ়ি উঠিছিল। পুত্ৰৰ সংগ-সাথীক লৈ চিন্তিত হৈ পৰি তেওঁৰ পিতৃ-মাতৃয়ে ২০১৭ চনত পঢ়া-শুনাৰ বাবে তেওঁক কানাডালৈ পঠিয়াইছিল।

অণ্টাৰিঅ’ত থকা প্ৰথম দিনকেইটাত তেওঁ ট্ৰাক চালক, ডেলিভাৰী কৰ্মচাৰী আদিকে ধৰি বিভিন্ন সৰু-সুৰা কাম কৰিছিল। কিন্তু সেই সময়তো পঞ্জাবৰ বিষ্ণৈ আৰু আন অপৰাধীসকলৰ সৈতে তেওঁৰ যোগাযোগ অব্যাহত আছিল।

সময়ৰ লগে লগে তেওঁ কানাডাৰ পৰাই এটা অপৰাধী চক্ৰ পৰিচালনা কৰিবলৈ আৰম্ভ কৰে। পিছলৈ লৰেন্স বিষ্ণৈৰ সৈতেও তেওঁৰ সম্পৰ্কত ফাট মেলে।

হত্যাকাণ্ড আৰু ধন দাবীৰ উপৰি হাৱালা আৰু ক্ৰিপ্টোকাৰেন্সীৰ জৰিয়তে কোটি কোটি টকা সৰবৰাহ কৰাৰ অভিযোগতো ব্ৰাৰৰ বিৰুদ্ধে তদন্ত চলি আছে। ভাৰতীয় তদন্তকাৰী সংস্থাসমূহৰ অভিযোগ অনুসৰি, তেওঁৰ নেটৱৰ্ক পাকিস্তানৰ পৰা অস্ত্ৰ-শস্ত্ৰ আৰু ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত গোটসমূহৰ সৈতেও সম্পৰ্কিত।

যোৱা ছেপ্টেম্বৰ মাহত আমেৰিকাৰ ফেডাৰেল ব্যুৰ’ অৱ ইনভেষ্টিগেচন (FBI)-এ ব্ৰাৰৰ নাম তেওঁলোকৰ দহজন সৰ্বাধিক ৱাণ্টেড পলাতক অপৰাধীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছিল। তেওঁৰ বিষয়ে তথ্য দিওঁতালৈ ১০ লাখ ডলাৰৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

কেলিফৰ্ণিয়া আৰু আমেৰিকা তথা কানাডাৰ বিভিন্ন স্থানত সংঘটিত কেইবাটাও হিংসাত্মক ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত এফ বি আইয়ে তেওঁৰ সন্ধান চলাই আছে।

ভাৰতৰ কেন্দ্ৰীয় সন্ত্ৰাসবাদবিৰোধী তদন্তকাৰী সংস্থা ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (NIA)-য়েও ব্ৰাৰৰ গ্ৰেপ্তাৰত সহায়ক হোৱাকৈ তথ্য দিওঁতালৈ ১০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে।

এই সকলো পুৰস্কাৰৰ মুঠ মূল্য ১১ কোটি টকাতকৈও অধিক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মূৰৰ দাম আছিল ৫০ হাজাৰ টকা! দাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰাণী বুলন্দশ্বহৰত আৰক্ষীৰ এনকাউণ্টাৰত নিহত

দিল্লীত মন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত যুৱকক গুলীয়াই হত্যা কৰাৰ ঘটনাতো...

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত হাজোতীৰ ৰহস্যজনক মৃত্যু

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী অৱস্থাত থকা এগৰাকী হাজোতীৰ ৰহস্যজনক...