তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী অৱস্থাত থকা এগৰাকী হাজোতীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সৃষ্টি হৈছে চাঞ্চল্য। মৃত হাজোতীগৰাকী ওদালগুৰি জিলাৰ ওৰাঙৰ সুঙাবুধি নিবাসী আজহাৰুল ইছলাম বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা নিশা তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত মৃত্যু হয় আজহাৰুল ইছলামৰ। অৱশ্যে তেওঁৰ মৃত্যুৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে জানিব পৰা হোৱা নাই।
উল্লেখ্য যে, ঢেকীয়াজুলি আৰক্ষী থানাত পঞ্জীয়নভুক্ত ২৯৩/৩৬ নম্বৰৰ এটা গোচৰৰ ভিত্তিত ভাৰতীয় ন্যায় সংহিতাৰ ৬১(২), ৩১৭(২২) আৰু ৩১৮(৪) ধাৰাৰ অধীনত আদালতৰ নিৰ্দেশমৰ্মে তেওঁক কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।
ইফালে, মৃত্যুৰ পিছতে আজহাৰুল ইছলামৰ মৃতদেহ তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ মৰ্গলৈ প্ৰেৰণ কৰা হৈছে। তাতেই মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ’ব।
আনহাতে, কাৰাগাৰত বন্দী অৱস্থাত থকা হাজোতীগৰাকীৰ মৃত্যুৰ কাৰণ সন্দৰ্ভত বৰ্তমানলৈকে কাৰাগাৰ কৰ্তৃপক্ষ বা প্ৰশাসনৰ ফালৰ পৰা কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ পোহৰলৈ অহাৰ সম্ভাৱনা আছে।
