মূৰৰ দাম আছিল ৫০ হাজাৰ টকা! দাউদ ইব্ৰাহিমৰ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰাণী বুলন্দশ্বহৰত আৰক্ষীৰ এনকাউণ্টাৰত নিহত

দিল্লীত মন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত যুৱকক গুলীয়াই হত্যা কৰাৰ ঘটনাতো অভিযুক্ত আছিল নাছিম। কুখ্যাত আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমৰ ‘ডি-কোম্পানী’ আৰু ছোটা শাকিলৰ ঘনিষ্ঠ গেংষ্টাৰ নাছিম দুৰাণী আৰক্ষীৰ এনকাউণ্টাৰত নিহত হৈছে। বৃহস্পতিবাৰে নিশা উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰত দিল্লী আৰক্ষী আৰু নয়ডা আৰক্ষীৰ বিশেষ অভিযানকাৰী দলৰ (STF) যুটীয়া অভিযানত নিহত হয় গেংষ্টাৰজন।

হত্যা, ডকাইতিকে ধৰি ২৫টাতকৈও অধিক অপৰাধমূলক গোচৰ ৰুজু হৈ আছিল নাছিমৰ বিৰুদ্ধে। ইয়াৰ উপৰি, যোৱা ১৬ নৱেম্বৰত উত্তৰ-পূব দিল্লীৰ খাজুৰী খাছ অঞ্চলত মন্ত্ৰী কপিল মিশ্ৰৰ কাৰ্যালয়ৰ সন্মুখত সমীৰ নামৰ এজন ২৬ বছৰীয়া যুৱকক গুলীয়াই হত্যা কৰা ঘটনাৰো মূল অভিযুক্ত আছিল নাছিম।

৩৭ বছৰীয়া নাছিম দুৰাণী কুখ্যাত আণ্ডাৰৱৰ্ল্ড ডন দাউদ ইব্ৰাহিমৰ ‘ডি-কোম্পানী’ৰ সৈতে জড়িত এগৰাকী শীৰ্ষ পৰ্যায়ৰ গেংষ্টাৰ আছিল। দাউদৰ ঘনিষ্ঠ সহযোগী ছোটা শাকিলৰো বিশ্বাসভাজন অনুচৰ আছিল তেওঁ। আৰক্ষীৰ দাবী অনুসৰি, তিহাৰ কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰ ছোটা ৰাজনক হত্যা কৰাৰ বাবেও নাছিমক ছুপাৰী দিয়া হৈছিল। পাকিস্তানী বংশোদ্ভৱ সাংবাদিক তথা লেখক তাৰেক ফাতেহক হত্যাৰ ষড়যন্ত্ৰৰ গোচৰতো নাম সাঙোৰ খাইছিল এই গেংষ্টাৰজনৰ।

আৰক্ষীৰ সূত্ৰ অনুসৰি, দিল্লীৰ খাজুৰী খাছ অঞ্চলত ২৬ বছৰীয়া সমীৰক হত্যাৰ ঘটনাৰ পিছৰে পৰা নাছিমৰ সন্ধানত অভিযান চলাই আছিল তদন্তকাৰীসকলে। চোৰাংচোৱা সূত্ৰে তথ্য লাভ কৰিছিল যে উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰত আত্মগোপন কৰি আছে নাছিম। এই তথ্যৰ ভিত্তিতে বৃহস্পতিবাৰে নিশা দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চ আৰু নয়ডা STFৰ এটা যুটীয়া দলে অভিযান চলায়।

আৰক্ষীৰ দাবী অনুসৰি, বুলন্দশ্বহৰৰ চিকন্দ্ৰা বাইপাছৰ সমীপত নাছিমৰ গতিবিধি ধৰা পৰে। CCTV ফুটেজত স্কুটী চলাই যোৱা অৱস্থাত দেখা গৈছিল তেওঁক। আৰক্ষীয়ে আটক কৰিবলৈ চেষ্টা কৰোঁতেই তীব্ৰবেগে স্কুটী চলাই পলায়নৰ চেষ্টা কৰে নাছিমে। কিছুদূৰ যোৱাৰ পিছত নিয়ন্ত্ৰণ হেৰুৱাই স্কুটীৰ পৰা বাগৰি পৰে তেওঁ। ইয়াৰ পিছতে আৰক্ষীৰ দললৈ লক্ষ্য কৰি গুলীচালনা কৰিবলৈ আৰম্ভ কৰে নাছিমে।

আৰক্ষীয়েও প্ৰত্যুত্তৰত গুলীচালনা কৰাত গুৰুতৰভাৱে আহত হয় গেংষ্টাৰজন। ঘটনাস্থলীৰ পৰা .৩২ ব’ৰৰ দুটা পিষ্টল উদ্ধাৰ কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আহত অৱস্থাত নাছিমক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।

এই অভিযানত দিল্লী আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ DCP সঞ্জীৱ যাদৱ আৰু নয়ডা STFৰ উপ-আৰক্ষী অধীক্ষক আৰ কে মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ দলটোৱে অংশগ্ৰহণ কৰিছিল। অভিযানটোৰ তদাৰক কৰিছিল বিশেষ আৰক্ষী আয়ুক্ত এইচ জি এছ ধালিৱালে।

অপৰাধ জগতত ‘ৰিজৱান’ ছদ্মনামেও পৰিচিত আছিল নাছিম। উত্তৰ প্ৰদেশৰ বুলন্দশ্বহৰৰ বাসিন্দা নাছিমে মূলতঃ উত্তৰ-পূব দিল্লীত নিজৰ অপৰাধ সাম্ৰাজ্য বিস্তাৰৰ চেষ্টা চলাইছিল। বিভিন্ন গুৰুতৰ অপৰাধত জড়িত থকাৰ অভিযোগত পলাতক হৈ থকা নাছিমৰ মূৰৰ দাম ৫০ হাজাৰ টকা ঘোষণা কৰা হৈছিল।

উত্তৰ-পূব দিল্লীত ড্ৰাগছৰ ব্যৱসায়, জুৱা আৰু ধন দাবীৰ নিয়ন্ত্ৰণক কেন্দ্ৰ কৰি প্ৰতিদ্বন্দ্বী হাৰুণ ছাইফি আৰু ৰাজা মেৱাতি ওৰফে ‘আক্কি ডন’ৰ গেঙৰ সৈতে নাছিমৰ দীৰ্ঘদিনীয়া সংঘাত চলি আছিল। চলিত বৰ্ষৰ ২৬ মে’ত ৰাজা মেৱাতিক গুলীয়াই হত্যা কৰা ঘটনাতো নাছিমক মূল গুলীচালনাকাৰী হিচাপে চিনাক্ত কৰা হৈছিল।

তদন্তকাৰী সূত্ৰৰ মতে, ২০১৬ চনত কাৰাগাৰত বন্দী হৈ থকা গেংষ্টাৰ ছোটা ৰাজনক হত্যা কৰাৰ দায়িত্ব দাউদৰ ঘনিষ্ঠ ছোটা শাকিলে নাছিম দুৰাণীক দিছিল বুলি অভিযোগ আছে।

ইয়াৰ উপৰি, পাকিস্তানী বংশোদ্ভৱ লেখক তথা সাংবাদিক তাৰেক ফাতেহক প্ৰাণনাশৰ ভাবুকি দিয়া আৰু তেওঁক হত্যাৰ ষড়যন্ত্ৰ ৰচাৰ গোচৰতো পূৰ্বে গ্ৰেপ্তাৰ হৈছিল নাছিম দুৰাণী বুলি তদন্তকাৰীসকলে জানিবলৈ দিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত হাজোতীৰ ৰহস্যজনক মৃত্যু

তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী অৱস্থাত থকা এগৰাকী হাজোতীৰ ৰহস্যজনক...

প্ৰতিৰক্ষা সহযোগিতা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে অহা বৰ্ষৰ পৰা ভাৰতীয় ফায়াৰিং ৰেঞ্জত জাপানে পৰীক্ষা কৰিব নিজা মিছাইল

টকিঅ’ত বৃহস্পতিবাৰে অনুষ্ঠিত ভাৰত-জাপানৰ দ্বিপাক্ষিক মন্ত্ৰী পৰ্যায়ৰ বৈঠকৰ পিছতে...

৩৫ বছৰৰ মূৰত কাশ্মীৰত বৃহৎ সফলতা! ‘ভাৰতত জন্মগ্ৰহণ কৰা সন্ত্ৰাসবাদীৰ পৰা সম্পূৰ্ণৰূপে মুক্ত কাশ্মীৰ’, অমিত শ্বাহৰ ডাঙৰ ঘোষণা

কুলগামত লস্কৰ-ই-তৈবাৰ সন্ত্ৰাসবাদী লতিফ ভাটক নিৰাপত্তাৰক্ষীয়ে নিধন কৰিছে। নিৰাপত্তা...