কলিকতাত উজলিল অসমৰ প্ৰতিভা। মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত লিডুৰ যুৱক পিণ্টু ভট্টাচাৰ্যীয়ে লাভ কৰিলে সন্মানীয় ‘পৌৰোহিত্য ৰত্ন’ উপাধি। কলিকতাৰ নৱদ্বীপ ধামস্থিত শ্ৰীনিত্যানন্দ চতুষ্পাঠীৰ পৰা এই সন্মানীয় উপাধি লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে যুৱকগৰাকীয়ে।
জানিব পৰা মতে, যোৱা ১ নৱেম্বৰত কলিকতাৰ শ্ৰীনিত্যানন্দ চতুষ্পাঠীত অনুষ্ঠিত পৌৰোহিত্য পৰীক্ষাৰ আদ্য পৰ্যায়ত সফলতাৰে উত্তীৰ্ণ হোৱাৰ সুবাদত পিণ্টু ভট্টাচাৰ্যীক এই সন্মানীয় উপাধিৰে সন্মানিত কৰা হয়।
উল্লেখ্য যে, পিণ্টু ভট্টাচাৰ্যীয়ে বিগত কেইবাবছৰ ধৰি নিষ্ঠা, একাগ্ৰতা আৰু আন্তৰিকতাৰে পৌৰোহিত্য কৰ্মৰ সৈতে জড়িত হৈ আহিছে। এই ক্ষেত্ৰত তেওঁৰ দীৰ্ঘদিনীয়া সাধনা আৰু অধ্যৱসায়ৰ স্বীকৃতিস্বৰূপে লাভ কৰা এই সন্মানে পৰিয়ালবৰ্গৰ লগতে সমগ্ৰ লিডু অঞ্চললৈ আনন্দ কঢ়িয়াই আনিছে।
যুৱকগৰাকীৰ এই সাফল্যত উৎফুল্লিত হৈ পৰিছে অঞ্চলবাসী। পিণ্টু ভট্টাচাৰ্যীৰ এই কৃতিত্বই লিডুৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই অনাৰ উপৰি নৱপ্ৰজন্মৰ যুৱক-যুৱতীসকলকো নিজৰ কৰ্মক্ষেত্ৰত নিষ্ঠা আৰু একাগ্ৰতাৰে আগবাঢ়ি যাবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
