ৰাছিয়া-ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ হৈ যুঁজিছে নেকি অসমৰ যুৱকে? কাছাৰৰ সোণাইৰ মুন্নাক লৈ চাঞ্চল্য, কামৰ প্ৰলোভন দি ৰাছিয়ালৈ নিয়াৰ অভিযোগ পৰিয়ালৰ

ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ৰণক্ষেত্ৰত ৰাছিয়াৰ হৈ যুঁজিবলৈ প্ৰেৰণ কৰা হৈছে নেকি অসমৰ যুৱকক? কাছাৰৰ সোণাইৰ এজন যুৱকৰ সন্ধানহীন হোৱাৰ ঘটনাই এই প্ৰশ্নৰ অৱতাৰণা কৰিছে। কৰ্মসংস্থাপনৰ প্ৰলোভন দি যুৱকক ৰাছিয়ালৈ নি পৰৱৰ্তী সময়ত ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰাই যুদ্ধক্ষেত্ৰলৈ প্ৰেৰণ কৰাৰ অভিযোগৰ মাজতে পোহৰলৈ আহিছে এই ঘটনা।

সন্ধানহীন যুৱকজন হৈছে সোণাইৰ তুলাৰগ্ৰাম প্ৰথম খণ্ডৰ বাসিন্দা আব্দুল মুক্তাদিৰ লস্কৰ ওৰফে মুন্না। জানিব পৰা মতে, আজাৰবাইজানত চাকৰিৰ সুযোগ পোৱাৰ কথা কৈ ঘৰৰ পৰা ওলাই গৈছিল মুন্না। কিন্তু পৰিয়ালৰ হাতত পৰা বিমানৰ টিকটত পোহৰলৈ আহিছে আন তথ্য। যোৱা ১৪ জুলাইত মুম্বাইৰ পৰা বাকুৰ মাজেৰে মস্কোলৈ যাত্ৰাৰ বাবে তেওঁৰ নামত টিকট বুকিং কৰা হৈছিল। আনকি ৩০ জুলাইত ভাৰতলৈ উভতি অহাৰ বাবেও টিকটৰ ব্যৱস্থা কৰা হৈছিল। অৱশ্যে নিৰ্ধাৰিত তাৰিখত তেওঁ উভতি আহিছিল নে নাই, সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

পৰিয়ালৰ দাবী অনুসৰি, ৰাছিয়াত উপস্থিত হোৱাৰ পিছত ৰাছিয়াৰ সেনাবাহিনীত যোগদান কৰিছিল মুক্তাদিৰে। যোৱা ২৬ আগষ্টত পত্নী ছালমাৰ সৈতে শেষবাৰৰ বাবে কথা হৈছিল তেওঁৰ। তাৰ পিছৰে পৰা পৰিয়ালৰ সৈতে সম্পূৰ্ণৰূপে যোগাযোগ বিচ্ছিন্ন হৈ পৰে মুন্নাৰ। শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ৰাছিয়াৰ সামৰিক পোছাক পৰিহিত কেইবাজনো বিদেশী যুৱকৰ সৈতে মুক্তাদিৰৰ এখন ফটো প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে। এই ফটোৱে তেওঁক ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ৰণক্ষেত্ৰলৈ প্ৰেৰণ কৰা হৈছে নেকি, সেই সন্দেহ অধিক ঘনীভূত কৰিছে। অৱশ্যে তেওঁৰ বৰ্তমানৰ অৱস্থান আৰু যুদ্ধক্ষেত্ৰত উপস্থিতিৰ কোনো আনুষ্ঠানিক নিশ্চিতি লাভ কৰা হোৱা নাই।

কেৱল অসমতেই নহয়, বাংলাদেশৰ পৰাও একেধৰণে কৰ্মসংস্থাপনৰ প্ৰলোভন দি যুৱকক ৰাছিয়ালৈ নি সেনাবাহিনীত যোগদান কৰোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি তেওঁলোকক ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ৰণক্ষেত্ৰলৈ প্ৰেৰণ কৰাৰো অভিযোগ উঠিছে। শেহতীয়াকৈ ৰাছিয়াত আবদ্ধ হৈ পৰা বুলি দাবী কৰা বাংলাদেশৰ কেইবাজনো যুৱকৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। ফলত দক্ষিণ এছিয়াৰ যুৱকসকলক বিদেশত চাকৰিৰ প্ৰলোভন দি যুদ্ধত নিয়োজিত কৰাৰ অভিযোগক লৈ উদ্বেগ বৃদ্ধি পাইছে।

এই ঘটনাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্নৰ অৱতাৰণা কৰিছে। কৰ্মসংস্থাপনৰ প্ৰলোভন দি অসমৰ যুৱকক ৰাছিয়ালৈ নি সেনাবাহিনীত যোগদান কৰোৱা হৈছে নেকি? ৰাছিয়া-ইউক্ৰেইন যুদ্ধত সৈনিকৰ প্ৰয়োজন পূৰণ কৰিবলৈ বিদেশী যুৱকক ব্যৱহাৰ কৰা হৈছে নেকি? অৱশ্যে অসমৰ আন যুৱকো একেধৰণে ৰাছিয়ালৈ নিয়াৰ তথ্য এতিয়ালৈকে নিশ্চিত হোৱা নাই। একেদৰে মুক্তাদিৰ বৰ্তমান যুদ্ধক্ষেত্ৰত আছে নে নাই, সেয়াও স্পষ্ট হোৱা নাই।

উল্লেখ্য যে, মুন্নাৰ ঘৰত পত্নী ছালমাৰ সৈতে আছে তেওঁলোকৰ এবছৰীয়া কন্যা আৰু তিনি বছৰীয়া পুত্ৰ সন্তান। পিতৃৰ উভতি অহাৰ আশাত বাট চাই আছে দুই কণমানিয়ে। স্বামীৰ কোনো খবৰ নোপোৱাত এতিয়া উদ্বিগ্ন হৈ পৰিছে পত্নী।

ইফালে, স্বামীৰ সন্ধান বিচাৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হস্তক্ষেপ বিচাৰিছে পৰিয়ালে। কূটনৈতিক পৰ্যায়ত যোগাযোগ কৰি মুক্তাদিৰৰ বৰ্তমানৰ অৱস্থান নিশ্চিত কৰাৰ লগতে তেওঁক সুৰক্ষিতভাৱে ভাৰতলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনাইছে পৰিয়ালে।

সোণাইৰ এজন যুৱকৰ সন্ধানহীন হোৱাৰ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিদেশত কৰ্মসংস্থাপনৰ নামত যুৱকক বিপদৰ মুখলৈ ঠেলি দিয়া হৈছে নেকি, সেই প্ৰশ্নই এতিয়া নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অষ্ট্ৰেলিয়াত বসবাস কৰা প্ৰৱাসী অসমীয়াৰ সৈতে অসম বিধানসভাৰ অধ্যক্ষ ৰণজিৎ কুমাৰ দাসৰ মত-বিনিময়

ফিজিত অনুষ্ঠিত কমনৱেলথ ওমেন পাৰ্লিয়ামেণ্টেৰীয়ান ৱৰ্কশ্বপৰ ষ্টাডি ট্যুৰৰ অংশ...

আন্তঃৰাষ্ট্ৰীয় মঞ্চত উজলিল অসমীয়া ছবি ‘আদিশক্তি’, লাছ ভেগাছ ইণ্ডি এৱাৰ্ডত ‘শ্ৰেষ্ঠ ছবি’ৰ সন্মান

মুক্তিৰ পূৰ্বেই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমীয়া চলচ্চিত্ৰ জগতলৈ...

চীনত ট্ৰাম্প, জিনপিং আৰু পুটিনৰ ঐতিহাসিক বৈঠক: বিশ্ব ৰাজনীতি আৰু ইউক্ৰেইন যুদ্ধক লৈ কি আলোচনা হ’ল?

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিং আৰু...