বিশ্বৰ জনপ্ৰিয় ভিডিঅ’ গেম ফ্ৰেঞ্চাইজি Grand Theft Auto (GTA)-ৰ নতুন সংস্কৰণ GTA 6-এ মুক্তিৰ পিছতে বিক্ৰীৰ ক্ষেত্ৰত নতুন অভিলেখ গঢ়াৰ অনুমান কৰা হৈছে। উদ্যোগ বিশ্লেষক প্ৰতিষ্ঠান Sensor Tower-ৰ তথ্য অনুসৰি, গেমটোৰ প্ৰি-অৰ্ডাৰ আৰু প্ৰথম দিনৰ বিক্ৰী মিলাই ২৪.৫ মিলিয়নতকৈ অধিক কপি বিক্ৰী হৈছে বুলি অনুমান কৰা হৈছে। ইয়াৰ পৰা প্ৰায় ২.৩৬ বিলিয়ন মাৰ্কিন ডলাৰৰ ৰাজহ সংগ্ৰহৰ সম্ভাৱনা প্ৰকাশ পাইছে।
প্ৰায় ১৩ বছৰৰ অপেক্ষাৰ অন্তত মুক্তি পোৱা GTA 6 হৈছে Rockstar Games-ৰ জনপ্ৰিয় গেম ছিৰিজৰ শেহতীয়া সংস্কৰণ। ইয়াৰ পূৰ্বৰ সংস্কৰণ GTA V প্ৰথমবাৰৰ বাবে ১৭ ছেপ্টেম্বৰ, ২০১৩ত PlayStation 3 আৰু Xbox 360-ৰ বাবে মুক্তি লাভ কৰিছিল। পৰৱৰ্তী সময়ত গেমটোৱে বিশ্বজুৰি ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছিল।
GTA 6-ত Lucia আৰু Jason নামৰ দুটা নতুন চৰিত্ৰৰ কাহিনী উপস্থাপন কৰা হৈছে। আমেৰিকাৰ ফ্লৰিডাৰ আৰ্হিত নিৰ্মাণ কৰা কাল্পনিক Leonida ৰাজ্যত গেমটোৰ কাহিনী গঢ়ি উঠিছে।

গেমটোৰ নিৰ্মাণ ব্যয় এক বিলিয়ন ডলাৰতকৈ অধিক হোৱা বুলি অনুমান কৰা হৈছে। অৱশ্যে Rockstar Games আৰু ইয়াৰ মূল প্ৰতিষ্ঠান Take-Two-এ এতিয়ালৈকে আনুষ্ঠানিক বিক্ৰীৰ পৰিসংখ্যা প্ৰকাশ কৰা নাই।
উল্লেখ্য যে, GTA ছিৰিজৰ প্ৰথমটো গেম ১৯৯৭ চনত মুক্তি লাভ কৰিছিল। প্ৰায় তিনি দশকজোৰা যাত্ৰাত এই ছিৰিজে ভিডিঅ’ গেমৰ জগতত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।
