খালিস্তানপন্থী সংগঠন ‘ৱাৰিছ পঞ্জাৱ দে’ৰ মুৰব্বী অমৃতপাল সিঙক পঞ্জাৱলৈ লৈ যোৱাৰ বাবে শুকুৰবাৰে ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত উপস্থিত হয় পঞ্জাৱ আৰক্ষীৰ এটা পাঁচজনীয়া দল। অমৃতসৰ (গ্ৰাম্য)ৰ এছ এছ পিৰ নেতৃত্বত অহা আৰক্ষীৰ দলটোৱে কাৰাগাৰত প্ৰৱেশ কৰি অমৃতপাল সিঙক হস্তান্তৰ কৰাৰ প্ৰয়োজনীয় আনুষ্ঠানিকতা আৰম্ভ কৰে।
উল্লেখ্য যে, অমৃতপাল সিঙৰ আইতাক চৰণ কৌৰৰ (৮৪) যোৱা ৮ নৱেম্বৰত মৃত্যু হৈছিল। আইতাকৰ শেষকৃত্যত অংশগ্ৰহণৰ বাবে অমৃতসৰৰ এখন আদালতে তেওঁক ২১ নৱেম্বৰত তিনি ঘণ্টাৰ বাবে ‘কাষ্টডিয়েল পেৰ’ল’ প্ৰদান কৰিছে। আদালতৰ নিৰ্দেশ অনুসৰি, দিনৰ ১২ বজাৰ পৰা ৩ বজালৈ নিজৰ গাঁও জল্লুপুৰ খেৰাত অনুষ্ঠিত হ’বলগীয়া শেষকৃত্যত তেওঁ উপস্থিত থাকিব পাৰিব।
প্ৰাথমিক তথ্য অনুসৰি, ডিব্ৰুগড়ৰ পৰা দিল্লী অভিমুখী বিমানযোগে তেওঁক পঞ্জাৱলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে। তাৰ পিছত কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে তেওঁক নিজ গাঁৱলৈ লৈ যোৱা হ’ব। অৱশ্যে পেৰ’লৰ সময়ছোৱাতো তেওঁ আৰক্ষীৰ জিম্মাতে থাকিব। আদালতে নিৰাপত্তা আৰু আইন-শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেইবাটাও কঠোৰ চৰ্ত আৰোপ কৰিছে। তেওঁ সংবাদ মাধ্যমৰ সৈতে কথা পাতিব নোৱাৰিব, ৰাজহুৱা সভাত অংশ ল’ব নোৱাৰিব আৰু পৰিয়ালৰ বাহিৰে আন কোনো ব্যক্তিৰ সৈতে যোগাযোগ কৰিব নোৱাৰিব।
উল্লেখ্য যে, ২০২৩ চনৰ ২৩ এপ্ৰিলৰ পৰা ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ আছে অমৃতপাল সিং। পঞ্জাৱৰ অজনালা আৰক্ষী থানাত সংঘটিত আক্ৰমণৰ ঘটনাৰ পিছত আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হোৱাৰ পাছত তেওঁৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন (NSA) প্ৰয়োগ কৰা হৈছিল আৰু তেওঁক পঞ্জাৱৰ পৰা অসমলৈ স্থানান্তৰ কৰা হৈছিল।
কিয় ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছিল অমৃতপালক?
অমৃতপাল সিঙক অসমলৈ স্থানান্তৰ কৰাৰ মূল কাৰণ আছিল নিৰাপত্তা আৰু আইন-শৃংখলাজনিত কাৰণ। পঞ্জাৱত তেওঁৰ সমৰ্থক আৰু সংগঠনৰ প্ৰভাৱৰ পৰা আঁতৰাই ৰখাৰ লগতে সম্ভাব্য সহযোগী নেটৱৰ্ক নিয়ন্ত্ৰণত ৰখাৰ উদ্দেশ্যে তেওঁক ৰাজ্যৰ বাহিৰৰ এখন উচ্চ নিৰাপত্তাসম্পন্ন কাৰাগাৰত ৰখাৰ সিদ্ধান্ত লোৱা হৈছিল। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰক এই উদ্দেশ্যে নিৰ্বাচন কৰা হৈছিল।
আদালতৰ নিৰ্দেশ অনুসৰি, ২১ নৱেম্বৰত তিনি ঘণ্টাৰ বাবে পৰিয়ালৰ মাজত শেষকৃত্যত অংশগ্ৰহণ কৰাৰ পিছত অমৃতপালক পুনৰ আৰক্ষীৰ নিৰাপত্তা বেষ্টনীৰ মাজেৰে কাৰাগাৰলৈ ঘূৰাই অনা হ’ব। ২২ নৱেম্বৰত অস্থি সংগ্ৰহ আৰু ২৩ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া ভোগ অনুষ্ঠানত তেওঁ ভিডিঅ’ কনফাৰেন্সযোগে অংশগ্ৰহণ কৰিব পাৰিব। অৰ্থাৎ, এই সাময়িক অনুমতিৰ ফলত তেওঁৰ কাৰাবাসৰ অৱসান নঘটে; চলিত গোচৰত ন্যায়িক জিম্মা অব্যাহত থাকিব।
