কাবেৰী নদীৰ জল বণ্টনক লৈ উচ্চতম ন্যায়ালয়ত ডাঙৰ ধৰণৰ মুখ থেকেচা খালে তামিলনাডু চৰকাৰে। ৰাজ্যখনৰ আবেদনৰ ভিত্তিত কৰ্ণাটকক অতিৰিক্ত ১১ হাজাৰ মিলিয়ন কিউবিক ফুট (TMC) পানী এৰি দিবলৈ নিৰ্দেশ দিয়াৰ দাবী জনোৱা হৈছিল। কিন্তু শুকুৰবাৰে ন্যায়াধীশ বিক্ৰম নাথ আৰু ন্যায়াধীশ অপৰেশ কুমাৰ সিঙৰ খণ্ড বিচাৰপীঠে সেই আবেদন খাৰিজ কৰে।
সূত্ৰ অনুসৰি, তামিলনাডু চৰকাৰৰ অভিযোগ আছিল যে ৭ অক্টোবৰৰ পৰ্যন্ত আন্তঃৰাজ্যিক সীমান্তৰ বিল্লিগুন্ডুলু জল পৰিমাপক কেন্দ্ৰত ৰাজ্যখনৰ প্ৰাপ্যতকৈ ১১ হাজাৰৰ পৰা ১১.৭১৯ হাজাৰ মিলিয়ন কিউবিক ফুট পানীৰ ঘাটি হৈছে। পৰ্যাপ্ত পানী লাভ নকৰাৰ ফলত ৰাজ্যখনৰ কৃষি আৰু কৃষকসকল ক্ষতিগ্ৰস্ত হোৱা বুলিও দাবী কৰিছিল তামিলনাডু চৰকাৰে।
সেইবাবে ১০ দিন ধৰি প্ৰতিদিনে ১১ হাজাৰ মিলিয়ন কিউবিক ফুট হিচাপত বকেয়া পানী এৰি দিবলৈ কৰ্ণাটকক নিৰ্দেশ দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল তামিলনাডু চৰকাৰ। শুকুৰবাৰে হোৱা শুনানিতো একেই দাবী উত্থাপন কৰে ৰাজ্যখনে।
আনহাতে, তামিলনাডুৰ এই দাবীৰ বিৰোধিতা কৰে কৰ্ণাটক চৰকাৰে। কৰ্ণাটকৰ যুক্তি আছিল যে চলিত বৰ্ষত বৰষুণৰ পৰিমাণ হ্ৰাস পোৱাৰ ফলত ৰাজ্যখনৰ বহু অঞ্চল খৰাংপীড়িত হিচাপে ঘোষণা কৰা হৈছে। তদুপৰি, কাবেৰী জল ব্যৱস্থাপনা কৰ্তৃপক্ষই (CWMA) অতিৰিক্ত পানী এৰি দিয়াৰ কোনো নিৰ্দেশ দিয়া নাই। কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰিয়েই কৰ্ণাটকে পানী এৰি আহিছে।
দুয়োপক্ষৰ যুক্তি শুনাৰ পিছত উচ্চতম ন্যায়ালয়ে তামিলনাডু চৰকাৰৰ আবেদন খাৰিজ কৰে।
উল্লেখ্য যে, কাবেৰী নদীৰ পানী বণ্টনক লৈ তামিলনাডু আৰু কৰ্ণাটকৰ মাজত কেইবা দশক ধৰি আইনী আৰু ৰাজনৈতিক সংঘাত অব্যাহত আছে। পূৰ্বৰ ন্যায়াধিকৰণ আৰু উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাবেৰী জল ব্যৱস্থাপনা কৰ্তৃপক্ষ (CWMA) আৰু কাবেৰী জল নিয়ন্ত্ৰণ সমিতিয়ে (CWRC) পৰিস্থিতিৰ ওপৰত নজৰ ৰাখি পানী এৰি দিয়াৰ পৰিমাণ নিৰ্ধাৰণ কৰি আহিছে।
শুকুৰবাৰৰ ৰায়ে কৰ্ণাটক চৰকাৰক কিছু সকাহ প্ৰদান কৰাৰ বিপৰীতে তামিলনাডুৰ জলসিঞ্চন আৰু কৃষি ব্যৱস্থাৰ ওপৰত চাপ বৃদ্ধি কৰিব বুলি মত প্ৰকাশ কৰিছে ৰাজনৈতিক মহলে।
